আগকথা

অসমীয়া সাহিত্যপ্ৰেমী ৰাইজ, নমস্কাৰ লব। অসমীয়াগল্প ব্লগস্পত ডট কমত অসমীয়া গল্প, কবিতা, প্ৰৱন্ধৰ পঢ়াৰ উপৰিও অসমৰ সাধাৰণ জ্ঞানৰ বিষয়েও জনাৰ সুবিধা পাব। ইয়াত প্ৰকাশৰ বাবে আপোনাৰ নিজে লিখা গল্পটো আৰু কবিতাটো পঠাব পাৰে মনত ৰাখিব আপোনি পঠাৱাৰ গল্পটো বা কবিতাটো আগতে কতো প্ৰকাশ হব নালাগিব। ইয়াত প্ৰকাশ হোৱা গল্প আৰু কবিতা কোনোৱে বিনা অনুমতিত অন্য ঠাইত বা আলোচনীত প্ৰকাশৰ বাবে নিব নোৱাৰিব। শেষত আপোনালোকলৈ ধন্যবাদ আৰু আপোনালোকৰ মৰমে যাতে এই ব্লগতো অধিক জনপ্ৰিয় দিশলৈ লৈ যায় তাৰ কামনাৰে।

Saturday, 26 November 2011

আপোন গাঁৱ


মনত পৰেনে সেই গাঁৱখনৰ কথা,
আহাৰ মহীয়া ভঁৰালৰ শেষ মৰণাটো মাৰি,
গৰমত,
নাঙঠ হৈ পুখুৰিত গা ধোৱাৰ কথা।
হালোৱা তলিৰ পথাৰত মাছ সেপিয়াই,
আবেলী কর্কৰা ভাত খোৱাৰ কথা।
মনত পৰেনে সেই গাঁৱখনৰ কথা,
কেতিয়াবা দাইলৰ পানী,
নতুবা,
ভাতৰ নিসনি খাই,
বাহগছত উঠি গৰু চৰুৱাৰ কথা।
আধিৰ মাটিত হাল বাই,
আধিপেটি হৈ স্কুলত নেওঁতা পঢ়াৰ কথা।
সেই গাঁৱখনলৈ মোৰ বৰকৈ মনত পৰে,
কাৰণ,
সেইখন গাঁৱত মোৰ দেউতা আছিল,
মোৰ ককাদেউতা আছিল,
আৰু মই আছিলো।

No comments:

Post a Comment