আজি তাৰ প্ৰথম বিবাহ বাৰ্ষিকী। সি তাৰ পত্নীৰ হাতত এটা উপহাৰ টোপোলা তুলি দিলে। পত্নীয়ে ও মৰমেৰে তাৰ হাতৰ পৰা উপহাৰ টো লই তায়ো তাক এটা উপহাৰ দিলে। তাই তাক কিবা কব খুজিলে কিন্তু সি ঈষৎ হাঁহি মাৰি তাইৰ কোনো কথাই শুনিব নুখুজি তাইৰ ওচৰৰ পৰা আতৰি আহিল। খৰধৰকৈ সি পকেটৰ পৰা মোবাইল টো ওলিয়াই এটা নম্বৰত ফোন লগালে-"জান তুমি ক'ত আছা, মই এতিয়াই গৈ আছো।"
মাকক গুডবাই দি সি কাৰখন লৈ অফিচলৈ ওলাই আহিল।
উঃ, এটা সমস্যা ৰ শেষ সিদ্ধান্ত ত উপনীত হৈছেহি সি আজি।
সমস্যা,
তাৰ পত্নী নীতা য়ে হৈছে তাৰ বাবে এটা ডাঙৰ সমস্যা, তাৰ জীৱনৰ অশান্তিৰ মূল কাৰন। দেউতাকে যে কি ভাবি তাক এই সমস্যা টোৰ লগত জড়িত কৰি দিলে ভাবিলে তাৰ খুব খং উঠে।
আজিৰ পৰা এবছৰৰ আগৰ কথা। দেউতাকৰ নলে-গলে লগা বন্ধুৰ জীয়েক নীতা। যেতিয়া সিঁহতৰ জন্ম হৈছিল তেতিয়াই হেনো দুই বন্ধুয়ে সিঁহত দুটাৰ বিয়া ফিক্স কৰি পেলাইছিল। আৰু আজিৰ পৰা এবছৰৰ আগতে সিঁহতৰ বিয়া পাতি দিছিল দুয়োখন ঘৰৰ সন্মতিত। তাৰ খুব খং উঠিছিল সেইদিনা সকলোলৈ কিন্তু কাকো একো কব পৰা নাছিল সিঁহতৰ ঘৰখনৰ সন্মানত, দেউতাকৰ গাম্ভীৰ্যত। তাৰ মতামত নোলোৱাকৈ তেনেকৈ তাৰ বিয়া হৈ যোৱাৰ বাবে সি সুখী নাছিল, আপোন কৰি লব পৰা নাছিল তাৰ পত্নী নেতাক। আৰু এই নীতা, তাই টো আপত্তি কৰিব পাৰিলে হয় এই বিয়াত। তায়ো হেনো সৰুৱে পৰা তাক স্বামী হিচাপে ভাবি আহিছে। কি ধাতুৰে গঢ়া ছোৱালী তাই। বিয়াৰ পিছৰে পৰা সি তাইৰ ওপৰত কম অত্যাচাৰ কৰিছেনে, কিন্তু তাই আজিলৈকে একো কেটকূত এটা কৰা নাই। জানিব দিয়া নাই সিঁহতৰ ঘূণে ধৰা সম্পৰ্ক ৰ কথা দুয়োখন ঘৰৰ মাজত।
কিন্তু আজি তাৰ সাহস আছে। আজি তাৰ লগত আছে তাৰ মৰমৰ প্ৰেয়সী প্ৰিয়ংকা। সেয়ে আজি সি তাৰ পত্নীৰ হাতত দি আহিছে বিবাহ বিচ্ছেদৰ দলিল। সি জানে, তাৰ পত্নীয়ে তাৰ একো কথাৰে না নকৰে। তাৰ সুখৰ বাবে হাঁহি হাঁহি চহী কৰিব বিচ্ছেদৰ দলিলত।
কথাবিলাক ভাবি ভাবি সি অফিচ পালেহি। অফিচ পায়ে সি চিধাই প্ৰিয়ংকা ৰ কেবিনত গ'ল। প্ৰিয়ংকা ৰ কাষৰ চিটটোত সি ধমহকৈ বহি দিলে। তাৰপিছত সি প্ৰিয়ংকা লৈ চালে।
"কি হ'ল, আজি তোমাক ফুৰ্তিত থকা যেন লাগিছে" । - প্ৰিয়ংকাই কম্পিউটাৰ কীবৰ্ডত আঙুলিৰে টাইপ কৰি থাকিয়ে সুধিলে।
"ইয়েছ! আজি মই বহুত ফুৰ্তিত আছো। তুমি অনুমান কৰিব নোৱাৰিবা আজি মই কি কৰিলো। আজি মই নীতাক ডাইভোচ লেটাৰ দি থৈ আহিছো। এবাৰ ডাইভোচ হোৱাৰ পিছত তোমাৰ আৰু মোৰ মিলনক কোনেও বাধা দি ৰাখিব নোৱাৰে।"
"হোৱাট! এইয়া তুমি কি কৈছা? তুমি তোমাৰ পত্নীক ডাইভোচ দিছা, আৰু তোমাৰ আমাৰ মিলন, এইবোৰ কি বলকিচা তুমি!" - প্ৰিয়ংকাই কীবৰ্ডত লিখিবলৈ এৰি তাৰ ফালে চাই সুধিলে।
"মই তোমাক ভাল পাওঁ, মই তোমাক বিয়া পাতিব বিচাৰো।"- সি থেৰোগেৰোকৈ কলে।
" কেতিয়া কলো মই তোমাক ভাল পাওঁ বুলি? তুমি হয়তো পাহৰি গৈছা, তোমাৰ এগৰাকী ধুনীয়া পত্নী আছে, এখন সুখৰ সংসাৰ আছে, এনেস্থলত মই তোমালোকৰ মাজত বিচ্ছেদ আনি মই কিদৰে তোমাৰ লগত বিয়া হম। তোমাৰ লগত দুদিনমান হাঁহি মাতি কথা পাতিলো এয়াই তুমি ভালপোৱা বুলি ভুল কৰিলা। তুমি সচাকৈয়ে এটা মহামুৰ্খ।"-প্ৰিয়ংকাই তাৰ ফালে চাই খঙেৰে কলে। সি তাইক একো কব নোৱাৰিলে। তাই আকৌ তাৰ ওচৰত আহি কলে-"আৰু শুনা, অহা মাহত মোৰ বিয়া ঠিক হৈছে, ঘৰৰ পৰা ল'ৰা পছন্দ কৰিছে, মই সন্মতি দিছো।"- এইবুলি কৈ তাই কেবিনৰ পৰা ওলাই গ'ল।
সি একেঠাইতে শিলপৰা কপৌৰ দৰে বহি থাকিল। মুৰটো ঘুৰাই যোৱাৰ দৰে লাগিল তাৰ। সি মানে অতদিনে এটা মিছা মায়াত সোমাই তাৰ মৰমৰ পত্নীক অত্যাচাৰ কৰি আহিছিল। অহ গদ, কি অন্যায় কৰি আহিছে সি তাইৰ ওচৰত ইমানদিন। তাই তাক ক্ষমা কৰিব পাৰিবনে? হৰ্ঠাতে তাৰ মনত পৰি তাই দিয়া উপহাৰ টো পকেটৰ পৰা উলিয়াই খুলি পেলালে। পেকেটত আছিল এখন গ্ৰিটিংচ কাৰ্ড, আৰু তাত লিখা আছে - "তোমাক বহুত বহুত ভাল পাওঁ, তোমাৰ অবিহনে মোৰ জীৱন বৃথা"।
তাৰ চকুৰে দুধাৰি চকুলো বাগৰি কাৰ্ড খনৰ ওপৰত পৰিল। তাৰ হৃদয়ত হৰ্ঠাতে তাৰ পত্নীৰ প্ৰতি এসোপা মৰম উথলি উঠিল। এনেকুৱা লাগিল যেন এতিয়া সি তাইক সাৱতি ধৰি কব, মোক ক্ষমা কৰা নীতা, আজিৰ পৰা মই তোমাক বহুত মৰম কৰিম।
নাই সি আৰু তাত ৰৈ থাকিব নোৱাৰিলে। সি অফিচৰ পৰা কাৰখন লৈ আহি কম সময়ৰ ভিতৰতে ঘৰ পালেহি। সি লগ পাব বিচাৰে তাইক এতিয়াই, হেপাহ পলুৱাই মৰম কৰিব বিচাৰে তাৰ মৰমৰ পত্নীক।
ঘৰত সোমায় ইফালে সিফালে চাই কাকো নেদেখি সি চিন্তিত হ'ল। তেনেতে তাৰ পকেটৰ মোবাইল টো বাজিল। মাকে ফোন কৰিছে।
তাৰ বুকুখন ধমহকৈ উঠিল।
"নীতাক মই হস্পিটেল লৈ আনিলো, ডাক্তৰে কৈছে তাই হাৰ্টফেইল কৰি মৃত্যু হৈছে..."
- মাকে আৰু ফোনত কি কি কৈছে তাৰ কানত নোসোমাল, তাৰ হাতৰ পৰা মোবাইল টো এৰাই পৰিল।
নীতা হাৰ্টফেইল কৰি মৃত্যু হৈছে! সি চকুৰে আন্ধাৰ দেখিলে। হাতেৰে টেবুলখনত কোনোমতে ভেজা দি মাটিত বহি পৰিল। এনেতে টেবুলৰ ওপৰত থকা কিবা কাগজ এখনত তাৰ হাতখন লাগিল। সি হাতেৰে তুলি চালে। সি দিয়া বিবাহ বিচ্ছেদৰ দলিল, য'ত দিয়া আছে কপা কপা হাতেৰে তাৰ পত্নীৰ চহী।
- সমাপ্ত-
No comments:
Post a Comment