আগকথা

অসমীয়া সাহিত্যপ্ৰেমী ৰাইজ, নমস্কাৰ লব। অসমীয়াগল্প ব্লগস্পত ডট কমত অসমীয়া গল্প, কবিতা, প্ৰৱন্ধৰ পঢ়াৰ উপৰিও অসমৰ সাধাৰণ জ্ঞানৰ বিষয়েও জনাৰ সুবিধা পাব। ইয়াত প্ৰকাশৰ বাবে আপোনাৰ নিজে লিখা গল্পটো আৰু কবিতাটো পঠাব পাৰে মনত ৰাখিব আপোনি পঠাৱাৰ গল্পটো বা কবিতাটো আগতে কতো প্ৰকাশ হব নালাগিব। ইয়াত প্ৰকাশ হোৱা গল্প আৰু কবিতা কোনোৱে বিনা অনুমতিত অন্য ঠাইত বা আলোচনীত প্ৰকাশৰ বাবে নিব নোৱাৰিব। শেষত আপোনালোকলৈ ধন্যবাদ আৰু আপোনালোকৰ মৰমে যাতে এই ব্লগতো অধিক জনপ্ৰিয় দিশলৈ লৈ যায় তাৰ কামনাৰে।

Tuesday 17 January 2017

ঊত্তৰ ভাৰতত এসপ্তাহ




প্ৰথম ভাগ-যাত্ৰাৰ আৰম্ভনি





       জনুৱাৰী ২০১৫, আমাৰ দলটোৱে আকৗ যাবলৈ সাজু হল এটা নতুন ভ্ৰমনলৈ,  এইবাৰ ঊত্তৰ ভৰতৰ হিমাচল প্ৰদেশ, দিল্লী আৰু ঊত্তৰ প্ৰদেশ। ইয়াত আমাৰ দলটো বুলি এইকাৰণেই কৈছো যে যোৱাবাৰ যোৱা আমি মানুহকেইজনেই এইবাৰো যাবলৈ ওলাইছো অৱশ্যে এইবাৰ আমাৰ দলটোত দুজন লোক যোৱাৰ ঠিক কৰাৰ পিছতো মানে টিকত কৰাৰ পিছটো শেষ সময়ত যোৱাটো ৰদ কৰিলে, তাৰ বাবে কিছু বেয়া লাগিছিল যদিও এগৰাকী নতুন লোকৰ আগমনে আমাক এই ভ্ৰমনটো কৰিবলৈ ঊৎসাহিত কৰিলে। আমাৰ দলটোত এইবাৰ মই, অজিত ডেকা, মিণ্টু গগৈ, প্ৰাণজিত দাস আৰু তেও৺ৰ পত্নী লিপিকা হাজৰিকা দাস। আমি এই ভ্ৰমনটোৰ বাবে এইবাৰ প্ৰায় বিশদিনমানৰ আগতেই যো-জা চলাইছিলো। প্ৰথমতে আমি চণ্ডীগঢ., তাৰপৰা ছিমলা, মনালী আৰু ঘুৰি আহোতে দিল্লী, আগ্ৰা চোৱাৰ পৰিকল্পনা। পৰিকল্পনাৰ মতে আমি চণ্ডীগঢ এক্সপ্ৰেসত টিকত কৰিলো। কিছুদিনৰ পিছত ঘুৰি অহাৰ টিকত কৰিলো যদিও ৱেটিং লিষ্টতহে পালো। তথাপিও বৰ বেছিকৈ চিন্তা নকৰি এই টিকত কনফাৰ্ম নহলে ততকাল টিকত কৰি আহিম বুলি ভাবি আমি পাচ তাৰিখে গুৱাহাটীত লগ হোৱাৰ কথা
জানুৱাৰী ২০১৫, মোৰ ভ্ৰমন অভিজ্ঞতাটো আজিৰ দিনটোৰ পৰাই আৰম্ভ হৈছে, কাৰণ মই ওলাই যোৱাৰ পিছৰে পৰা এখন নেদেখা ঠাই দেখা মানেই, এটা নজনা কথা জনা মানেই মোৰ অভিজ্ঞতাৰ ভ৺ৰাল চহকী কৰা। সন্ধিয়া বজাত গুৱাহাটীৰ পল্টন বজাৰ ৰেলৱে ষ্টেছনত গৈ পায়ে মই প্ৰথমতে প্ৰাণজিত তাৰ প্ৰথমা পত্নী লিপিকা (সি লুনা বুলি কয় কাৰণে আমিও লুনা বুলিয়ে মাতো পিছত) লগ পালো। আমাৰ ট্ৰেইন চণ্ডীগঢ এক্সপ্ৰেছ গুৱাহাটীৰ পৰা চাৰেআঠ বজাত আছে। গতিকে আমি পলম নকৰি সাত বজাৰ পিছতে গুৱাহাটীৰ প্লেটফৰ্মত প্ৰৱেশ কৰিলো। এই একেখন ট্ৰেইনতে অজিত আৰু মিণ্টু মৰিয়নিৰ পৰা আহি আছে। ইতিমধ্যে ঊক্ত ট্ৰেইনখন ৰোৱাৰ প্লেটফৰ্ম নম্বৰ ঘোষণা কৰাৰ লগে লগে আমি ঊক্ত প্লেটফৰ্মত গৈ ঊপস্থিত হলোগৈ। ট্ৰাইনখন প্ৰায় আধাঘণ্টা দেৰিকৈ আঠ পঞ্চলিশ বজাত আহি গুৱাহাটীৰ ষ্টেচনত ঊপস্থিত হলহি আৰু নটা দহত গৱাহাটীৰ পৰা ৰাওনা হল।
পিচদিনা ৰাতিপুৱা শুই ঊঠি মুখ হাত ধুই গম পালো বিহাৰ পালোহি। ট্ৰেইনখনৰ এটা কেবিনৰ চাৰিটা চিতত মোৰ লগৰ কেইজন আৰু আন এটা কেবিনৰ এটা চিত মই পালো, গতিকে দিনত কথা পতাৰ সময়ত মই তাহাতৰ ওচৰলৈ আহি তাতে বহি তাহাতৰ লগত কথা পাতি যাও আৰু শুৱলৈ মন গলে মোৰ নিজৰ চিতত মোৰ চিতটো ওপৰত আছিল গৈ শুৱগৈ। শিলিগুৰিৰ পৰা ঊঠা এহাল নেপালী দম্পত্তিৰ ৱেটিং লিষ্টত টিকত থকাৰ বাবে চিত নাপায় যাৰে তাৰে চিতত বহি থকাটো লক্ষ্য কৰিছিলো। সিহ৺ত যাতে মই নথকাৰ অৱস্থাত মোৰ চিতটো দখল কৰি নলয় তাৰ বাবে মোৰ চিতটো বাৰে বাৰে চাই থাকিব লগাত পৰিছিল আৰু পিছত মই চিতটোত কাপোৰ পাৰি থৈ আহিছিলো। আমি যোৱা ট্ৰেইনখনতে মিলিটৰিত কাম কৰা বৰ্তমান ছিমলাত থকা লৰা এজনৰ লগত ভালদৰে চিনাকী হলো আৰু কথা বাত্তা পাতি গৈ থাকিলো। তেও৺ৰ লগতে আমাৰ সম্মুখত বহি যোৱা অসমত থকা এহাল বিহাৰি দম্পত্তি এজনী ধূনীয়া ছোৱালীৰ সৈতে চিনাকী হলো আৰু খন্তেকীয়া সময়তে আত্মীয়তা গঢি ঊঠিল। সাধাৰণতে মই বাছত নাইবা ট্ৰেইনতে যদি কোনো নতুন ঠাইত যাও তেতিয়া মই শুই নাইবা আনৰ লগত কথা পাতি যোৱাতকৈ খিৰিকিৰে বাহিৰৰ দৄশ্য চাই যাবলৈহে ভাল পাও৺ এইবাৰ মই খিৰিকিৰ কাষৰ চিত নাপালো যদিও কিছু সময়ৰ কাৰণে মিণ্টুৰ চিতটোতে বহি খিৰিকিৰে বাহিৰৰ দৄশ্য চাই গলো। অসমৰ সীমামুৰিয়া ৰাজ্য বিহাৰৰ মাজেৰে আমি এতিয়া গৈ আছো। বিহাৰ ৰাজ্যখনৰ সকলো ঠাইতে ট্ৰেইনৰ দুয়োফালে কেৱল খেতিপথাৰ চকুত পৰিল। কেৱল চকুৰে মণিব পৰালৈকে সেঊজীয় আৰু সেঊজীয়া খেতিপথাৰ। এনেয়ে অবাবত পৰি থকা মাটি অকনমানো চকুত নপৰিল। তাৰ বীপৰিতে মই এবাৰ অসমৰ খেতিমাটিবোৰলৈ মনত পেলালো। ধান খেতি কৰাৰ বাদে অসমৰ আটাইবিলাক মাটিয়ে দেখোন এনেয়ে পৰি থাকে। ধান খেতি সময়তো জানো অসমৰ সকলো মাটিতে খেতি কৰিব পাৰে? আন কি মোৰ ঘৰৰ মাটিখিনিতো দেখোন বছৰত চাৰিমাহ খেতি কৰিয়ে সুখী হৈ থাকো। বিহাৰত দেখোন অসমৰ দৰে খেতিপথাৰৰ মাজত ঘন জনবসতি এলেকাও ট্ৰেইনৰ পৰা চকুত নপৰিল। আমি নিশ্চিত যে বিহাৰৰ লোকৰ এনে কৰ্মদক্ষতাই বিহাৰ ৰাজ্যখনক এসময়ত ভাৰতৰ এখন ঊন্নত ৰাজ্যত পৰিৱৰ্তন কৰিব ছোৱালীজনীৰ সৈতে বিহাৰী দম্পত্তিহাল কাটিহাৰ ষ্টেচনত নামি যোৱাৰ পিছতে পুনৰ এহাল বিহাৰী দম্পত্তি আমাৰ সম্মুখৰ চিতত আহি বহিল। তেও৺লোক এইবাৰ ছণ্ডীগঢলৈকে যাব চিনাকী হলো। মানুহজন হেনু আগতে ছিমলাতে কাম কৰিছিল। আমি তেও৺ৰ পৰা ছিমলালৈ যাব লগা ৰাষ্টা আৰু গাডীৰ বিষয়ে জানি ললো। এনেদৰে ৰং তামাচা কৰি আহোতে আজি দ্বিতীয় দিনা গধূলী হবৰ হল। লুনাক আমি বিয়াৰ পিছত প্ৰথমবাৰৰ বাবে লগ পালো যদিও আমাৰ লগত পুৰণি বন্ধুৰ দৰে সহজ হৈ গল। নিশা মই ভাত খাই থাকোতে লক্ষ্ণৌ পালোহি আৰু এই ষ্টেচনতে আমাৰ দবাটোত সকলো চিত ভৰ্ত্তি কৰি গোৰ্খা বেটেলিয়ানৰ দল এটা ঊঠিলহি। পিছত দুই এজনৰ লগত চিনাকী হৈ গম পালো তেওলোক ট্ৰেইনিঙৰ বাবে ছিমলা যাব। মই আৰু দেৰী নকৰি বিছনা ললো।
পিছদিনা গোটেই দিনটো ট্ৰেইনখন ঊত্তৰ প্ৰদেশ হাৰিয়ানাৰ খেতিপথাৰৰ মাজে মাজে আৰু কেতিয়াবা মানুহৰ ঘৰৰ মাজে মাজে আগুৱাই গৈ থাকিল। ইয়াতো চাৰিওদিশে সেঊজীয়া কৄষিভূমি চকুত পৰিল। মানুহৰ বাসস্থানৰ লগতে সৰহ পৰিমানৰ গৰু মহ পোহা দেখিবলৈ পোৱা গল। তেনেদৰে ঠায়ে ঠায়ে দম হৈ থকা গৰু মহৰ মল খেতিপথাৰত দিবলৈ জমা কৰি থোৱাৰও চকুত পৰিল। ইয়াত বনাই থকা মানুহৰ ঘৰ বিলাক দেখি আচৰিত হলো যে ঘৰ বনাওতে খুৱ কম পৰিমানহে লোহাৰ খুটা দিয়া চকুত পৰিল। এনেদৰে কেৱল ইটা বালি চিমেণ্টেৰে লোহাৰৰ খুটা ব্যবহাৰ লকৰাকৈ কেইবামহলীয়া ঘৰ বনোৱাৰ দেখা পালো। হয়তু ইয়াত অসমতকৈ ভূমিকম্পৰ হোৱাৰ সম্ভাৱনা কম কাৰণে এনেদৰে ঘৰ বনাবলৈ অসুবিধা নাই। ইতিমধ্যে আমি অম্বলা চিটি পোৱাৰ লগে লগে ট্ৰেইনখনত অহা আন যাত্ৰীসকলে বস্তু বাহানি বান্ধি সাজু হল। প্ৰাণজিতেও জি পি এচত চাই কলে আমি চণ্ডীগঢ পাবলৈ আৰু অলপ সময়হে বাকী আছে। অম্বলা চিটি পাৰ হোৱাৰ পিছতে আমিও বস্তু বান্ধি সাজু হলো আৰু চাৰে চাৰি বজাত চণ্ডীগঢ পালোহি।-আগলৈ,,,