মই
এনে এখন গাৱঁৰ কাহিনী কবলৈ ওলাইছো যিখন গাঁৱ আজিৰ সমাজত বিচাৰি পাবলৈ খুৱেই কঠিন
হব। কিন্তু পুৰণা হলেও গাঁৱৰ সহজ-সৰল মানুহৰ চৰিত্ৰখিনিয়ে মোক সদায়ে মোহিত কৰি আহিছে।
মইয়ো এনে এখন গাঁৱৰে কাহিনী, কেইটামান চৰিত্ৰক লৈ কিছুমান সজীৱ আৰু কিছুমান
কাল্পনিক ঘটনাৰ সংমিশ্ৰণ ঘটাই ধাৰাবাহিক ভাৱে আপোনালোকৰ ওচৰত বণর্না কৰি যাম।
গৰু মহ চাবলৈ এৰিলি
হাতৰ এচাৰি হেৰুৱালি
মোৰ জান ঐ
আলি মুৰত বহি বহি
কালৈ চিঠি লিখিলি!
আঘোন
মাহ। ৰাতিপুৱা ওলাই অহা ওমাল ৰদজাক পিঠিত লৈ গাঁৱখনৰ জিয়ৰী বোৱাৰী সকলে পকি সোনালী
বৰণ ধৰা ধান দাবলৈ পথাৰলৈ ওলাই আহিছে। তিলেশ্বৰে উদং পিঠিটোত ৰদ লৈ চোতালতে বহি
তঙাল তোলাই আছিল। মহৰিদাইতিৰ মাত শুনিয়ে সি গোহালিৰ পৰা গৰু কেইটা খুলি ওলিয়াই
আনিলে। আজি সিহঁতৰ গৰু চৰোৱাৰ পাল পৰিছে। তাৰ লগত আজি আছে গাঁৱৰে মহৰি দাইটি। মহৰি
দাইটিয়ে কোনোদিনে মহৰিৰ কাম কৰি পোৱা নাছিল যদিও গাঁৱৰ সকলো মানুহে তেঁওক মহৰি
বুলি মাতে কাৰণে সিয়ো তেওঁক মহৰি দাইটি বুলিয়ে মাতে।
“ঐ তিলে,
কত কি কৰি আছগৈ, বেলি ওলাই মুৰৰ ওপৰ পালেহি, গৰুবোৰ ওলিয়াই আনিবলৈ দেখা নাই”। মহৰিয়ে তাক পদুলিমুখৰে পৰা মাতিলে।
“গৈছো
দাইটি” সি গৰুবোৰ এফালৰ পৰা সুৰসুৰাই খেদি
আনিবলৈ ধৰিলে। মহৰি দাইটিয়ে তাক কথাই কথাই গালি দিয়ে যদিও সি তেওঁক অকনো তেওক বেয়া
নাপায়। বৰং তেওঁৰ লগত থাকি তেওঁ ভালহে পায়, অৱশ্যে ইয়াৰ অন্য এটা কাৰণো আছে।
তিলেশ্বৰে
গাত বনিয়নটো সুমুৱাই সিহঁতৰ চুবুৰীটোৰ প্ৰত্যেকৰে ঘৰৰ পৰা গৰুবোৰ খুলি আনি পথাৰৰ
মাজৰ আলিটোৱেদি নৈৰ পিনে খেদি লৈ গল। গাঁৱখনৰ প্ৰত্যেক ঘৰতে বলদ এহাল, এজনী বা
দুজনী গাই গৰু আৰু সিহঁতৰ পোৱালীবোৰৰ সৈতে কমেও চাৰি পাচটাকৈ গৰু থাকে। সাধাৰণতে
সিহঁতে নৈৰ কাণৰ বৃহৎ চাপৰিটোৰ মাটিখিনিতে গৰুবোৰ চৰাবলৈ নিয়ে। কেইদিনমানৰ পিছতে
পথাৰত ধান দাই মুকলি হোৱাৰ পিছত গৰু চৰোৱাৰ বিষয়ে বেচিকৈ চিন্তা কৰিব লগা নাথাকে,
গৰুবোৰ পথাৰত চৰিবলৈ মেলি দিলেই হল। পিছত ঘৰৰ গৰু ঘৰলৈ গুছি আহে।
সিহঁতে
গৰুবোৰ খেদি নি চাপৰিখনৰ ওচৰত মেলি দিলে। গৰুবোৰেও যেন বুজি পোৱা হৈছে, সিহঁতে কত
চৰিব লাগে, কি কৰিব লাগে, কি কৰিব নালাগে ইত্যাদি কথাবোৰ। কিন্তু তাৰ মাজতো
কেইটামান দুষ্ট প্ৰকৃতিৰ গৰু আছে যি কেইটাই জানি শুনিও লোকৰ জেউৰা ভাঙিব খুজে
নতুবা কাৰোবাৰ ঘৰত খাব নলগা বস্তুবোৰ খাবলৈ সুবিধা বিচাৰি ফুৰিব, যাৰ ফলত সিহঁতৰ
নিচিনা গৰখীয়াবোৰৰ মুৰ কামোৰণি হয়। অৱশ্যে ইয়াৰ ফলত সিহঁতৰ পিঠিত হলোৱা এছাৰিয়ে
কেইটামান কোব মৰাৰ বাহিৰে অন্য কাম নাথাকে। তাৰ পিছত সিহঁতৰ পিঠিৰ ফৰফৰণি মাৰ
নোযোৱালৈকে দুনাই এনে কাম কৰিব নিবিচাৰে।
তিলেশ্বৰে
গৰুবোৰ চাপৰিখনে এৰি দি পিছলৈ ঘুৰি চালে। মহৰিদাইটি তাৰ লগত নাহিল, হয়তু কাৰোবাৰ
ঘৰত তামোল চাহপানীৰ জুতি লবলৈ সোমাল। সি যদি তেওঁৰ এটা কথাই বেয়া পায় সেইটো হৈছে,
কেতিয়াবা যদি দুয়োজনে একেলগে কিবা কাম কৰিব লগা তেতিয়া সমস্ত কামৰ দায়িত্ব তাক দি
মানুহজন হথার্তে অন্তধ্যান হৈ যায়। সি টেপুৰামৰ ওচৰৰ পৰা উপন্যাস কিতাপ এখন পেণ্টৰ
জেপতে ভৰাই লৈ আনিছিল। আধাপঢ়া উপন্যাসখন পঢ়ো বুলি সি কিতাপখন উলিয়াই ললে আৰু বননিৰ
ওপৰতে পেট পেলাই শুই লৈ কিতাফখন পঢ়ি গল।
“ঐ
তিলে কত মৰি আছ, দেখা নাই সৌ কজলা গৰুৱে দেৱেশ্বৰৰ ঘৰৰ জেউৰা ভাঙিলে”।
হথার্তে
মহৰি দাইটিৰ মাত শুনি সি উপন্যাসৰ পাতৰ পৰা মুৰ তুলিলে। সিহঁতৰ গৰুৱে জেউৰা
ভাঙিছে। উপন্যাসখন বননিৰ উপৰতে পেলাই থৈ সি হাতত হলোৱা এচাৰি ডাল লৈ দেৱেশ্বৰ হতৰ
ঘৰৰ ফালে দৌৰ মাৰিলে, উদেশ্য কজলাক ইয়াৰ এটা উচিৎ ফল দিয়া।
“দাইটি
আপোনি অলপ চাবচোন দেই! মোৰ খুৱ পানী পিয়াহ লাগিছে, আজি ঘৰৰ পৰা পানী আনিবলৈও পাহৰি
গলো। মই পানী খাই আহো”। এইবুলি কৈ সি
হাতৰ এচাৰি দলিয়াই ঘৰৰ ফালে দৌৰ দিলে। পথাৰৰ আলিয়েদি আহি থাকোতে বাটতে যতীনে লগ
পাই সুধিলে, “তিলেশ্বৰ ককাইদেৱ, ইমান উধাতু খাই কলৈ
যায়, আজি আপোনাৰ গৰু চৰোৱাৰ পাল পৰা নাই জানো, আপোনি নাই যোৱা নেকি”? সি মাথো গৈছো বুলি কৈ একেলৰে আহি মহৰি দাইটিৰ ঘৰৰ পদুলিমুখ
পালেহি। পদুলীৰ জপনাৰ পৰাই সি ভিতৰলৈ জুমি চাই দেখিলে, ঘৰৰ দুৱাৰ বন্ধ।
“তিলেশ্বৰ,
কাক বিচাৰিছ, মহৰি গৈছে গৰু পাললৈ আৰু কাচনহত ধান দাবলৈ গৈছে”। তাক মহৰিহতৰ ঘৰৰ পদুলিমুখত ৰৈ থকাৰ দেখি ওচৰৰে পদুমীৰ
মাকে কলে। সি তাইৰ কথাৰ কোনো উত্তৰ নিদি পতাৰৰ ফালে আগুৱাই গল।
“ঐ
তিল ককাইদেউ, তাত কি বিচাৰিছা, টেঙা খাবা নেকি এইফালে আঁহা”। পথাৰৰ মাজৰ পৰা কোনোবাই মাত লগালে। সি ইফালে সিফালে চালে।
সেইয়া কাচনে মাত লগাইছে। অন্য কোনোবাই তাক তিল বুলি মাতিলে বৰ খং উঠে, কিন্তু
কাচনে মাতিলে তাৰ খং নুঠে। কাচনহতে পথাৰৰ নৰানিৰ মাজত বহি টেঙা কাটি আছে। সি খৰ
খোজেৰে তাহাঁতৰ ফালে আগুৱাই গল।
“কি
হে তিলে, তুমিনো এই দুপৰীয়াখন কি বিচাৰিনো পথাৰৰ ফালে আহিলা”? কাচনৰ মাকে তাক দেখি কলে।
“নাই
খুড়ীদেউ এনেয়ে এইফালে আহিলো”। সি কাচনৰ মাকক
খুড়ী সম্বোধন কৰে।
“এইয়া
লোৱা টেঙা”। কাচনে তাক নিমখ জলকীয়াৰ সৈতে টেঙা এফাল
দিলে। “তিল ককাইদেউ, আমাৰ ঘৰত ৰাবাব টেঙা বহুত
লাগি আছে, তুমি আমাৰ ঘৰলৈ আহিলে লৈ যাবাহি”।
কাচনে কলে।
“তিলে
আজি তোমালোকৰ গৰু চৰোৱাৰ পাল পৰা নাই জানো, তুমি নগলা নেকি”? কাচনৰ মাকে সুধিলে।
“অ
মৰিলো”! সি কাচনৰ মাকৰ কথাষাৰ শুনি হাতখন কপালত
ঢকিয়াই জাপ মাৰি উঠিল আৰু তাৰ পিছত নৰানিৰ মাজেৰে তৰা-নৰা ছিঙি ঢপলিয়াবলৈ ধৰিলে।
তাৰ অৱস্থা দেখি কাচন আৰু কাচনৰ মাকে হাঁহিবলৈ ধৰিলে।
.......................
আবেলী
লৰালৰিকৈ গোহালীত গৰুকেইটা বান্ধি কান্ধত বিৰিয়াডাল আৰু ৰাতিপুৱা তোলাই থোৱা তঙাল
কেইডাল লৈ তিলেশ্বৰে পথাৰলৈ ওলাই গল। আবেলীৰ আকাশত বেলিয়ে হেঙুলীয়া বৰণ ধৰিছে।
ডাঙৰি কেইভাৰ আজিয়ে আনি থব লাগিব, অকস্মাৎ ৰাতি বৰষুণ আহিব লাগিলে ধানকেইটা নষ্ট
হব। অকলশৰীয়া মানুহ সি, ঘৰত মাক আৰু ভনীয়েক দুজনী, সেয়ে ঘৰৰ সকলো কাম সি অকলে
চম্ভালিব লগা হয়। অলপ কষ্ট হয়, কিন্তু সি এই কষ্টক কষ্ট বুলি নাভবে, কষ্ট কৰি সি
ভাল পায়।
পথাৰত
এতিয়াও কিছুমান দাৱনীয়ে ধান দায়ে আছে। কোনো কোনো ঘৰলৈ ওভটিছে। বেছিভাগ পথাৰতে ধান
দোৱাৰ পিছত কেৱল নৰাখিনিহে বাকী আছেগৈ। হয়তু দুই এদিনৰ পিছতে সকলোৱেৰ ধান দোৱাৰ
শেষ হব। পথাৰৰ পৰা তাৰ ভনীয়েক সোনতৰা আৰু বগীতৰা ও ওভটিছে। মাক অৱশ্যে আগতে গল।
মাকে চাহ তামোল ভাতৰ যোগাৰ কৰোতেই দিনটোৰ সৰহভাগ সময় যায়গৈ। তিলেশ্বৰ হতৰ পৈতৃক
সম্পত্তি বুলি খাবৰ জোখাৰে খেতি মাতি কেইডৰামান আছে। খেতি সি নিজেই কৰে, পৰিশ্ৰমী
মানুহ সি। অৱশ্যে কঠিয়া পৰা, ন-ভুঁই কৰা কিছুমান কামত গাঁৱখনৰ মানুহে ইঘৰে সিঘৰক
সহায় কৰি দিয়া এটা নিয়ম আছে। বি.
এ. পাছ কৰি ঘৰতে খেতি আৰু বেপাৰ কৰি পৰিয়ালটো পোহ পাল দি আছে। মাক আৰু ভনীয়েক
দুজনীক ঘৰত অকলে এৰি থৈ সি কলৈকো যাব নোৱাৰে। কলেজত পঢ়ি থাকোতেই পিতাকে সিহঁতক এৰি
থৈ গুছি গল। বহু কষ্টৰে দুই এটকা উপাজর্ন কৰি সি কলেজীয়া শিক্ষা শেষ কৰিলে।
ডাঙৰজনী ভনীয়েক সোনতৰাই মেট্ৰিক পাছ কৰি কলেজত নাম লগাইছিল যদিও অর্থৰ অভাৱত
পৰীক্ষা দিয়াব নোৱাৰিলে। সৰুজনী ভনীয়েক বগীতৰাই যোৱাবছৰ মেট্ৰিক পৰীক্ষা পাছ কৰি
কলেজত পঢ়াৰ নামকে নুলিয়ালে।
“তিল
ককাইদেউ, আপোনি যে সৌফালে পথাৰত ডাঙৰি বান্ধি এইফালে গুছি আহিল, কথাটোনো কি”?
হথাতে
কাৰোবাৰ মাত শুনি সি মুৰ তুলি চালে। এইয়া দেখোন কাচন! সি কিনো চিন্তা কৰি এইখিনি
পালেহি ধৰিবকে নোৱাৰিলে। সি কাচনৰ কথাৰ উত্তৰ নিদি তাইক সুধিলে-“কাচন, তোৰ এতিয়াও ঘৰলৈ যাবৰ হোৱা নাই, সকলোবোৰ দেখোন গলেই”।
“মই
এইয়া যাবলৈ উঠিলোৱেই”। তাই মুৰৰ
গামোচাৰ ওৰণিটো খুলি ললে আৰু পথাৰৰ পৰা আলিলৈ উঠি আহিল। সি কাচনৰ মুখলৈ চালে।
আবেলীৰ বেলিৰ ৰঙা আভা পৰি তাইৰও মুখখন ৰক্তিম দেখা গৈছে।
“কাচন,
তহতৰ আজি ডাঙৰি বান্ধিছে নাই” ? সি এনেয়ে সুধিলে।
“পিতায়ে
বান্ধি আছে, ডাঙৰি কঢ়িয়াবলৈ গোপালক মাতিছিল, কিন্তু সিহে দেখোন এতিয়ালৈকে অহা নাই।
আজি পিতাই গৰু পাললৈও গৈছিল নহয় দেৰীয়ে হল”।
তাই কলে।
“অ
আজি গোপাল অহাৰ আশা নাই, তাক মই অলপ আগতে মনেশ্বৰকায় ঘৰৰ সকামলৈ যোৱা দেখিছিলো”।
“তেনেহলে
দেখোন আজি বিপদে হল। পিতায়ে জানো ইমানবোৰ ডাঙৰি অকলে কঢ়িয়াব পাৰিব”! কাচনে চিন্তাক্লিষ্ট মুখেৰে তাৰ চকুলৈ চাই কলে।
“মই
আছো নহয়, আজি মই তোমালোকৰ ডাঙৰি কঢ়িয়াই দিম”।
সি কলে।
“কিন্তু
তোমাৰে দেখুন ডাঙৰি আছে, নালাদে দিয়া”।
কাচনে কলে।
“মোপ
বেছি নহয়, কেইভাৰমানহে হব”।
“কিন্তু
তোমাৰ কষ্ট নহব জানো” ? তাই আকৌ কলে।
“মোৰ
কষ্টৰ কথা তুমি চিন্তা কৰিব নালাগে নহয়। এতিয়া বলা সোনকালে”। তিলেশ্বৰে কান্ধত বিৰিয়াডাল তুলি ললে আৰু কাচনক আগত লৈ
মহৰিয়ে ডাঙৰি বান্ধি থকাৰ ফালে আগবাঢ়ি গল। কিয়জানো, কাচনৰ কথা কোৱা ভঙ্গী,
চাল-চলন, দুচকুৰ হাঁহি এই সকলোবিলাক তাৰ ভাল লাগে। সি সদায় ভাৱে কাচন যেন তাৰ
কাষতে থাকক, তাই কাষত থাকিলে সি দুখ কষ্ট সকলো পাহৰি থাকিব পাৰে।
তিলেশ্বৰে
কাচনহতৰ ডাঙৰিকেইভাৰ আনি শেষ কৰে মানে আবেলীৰ বেলি ডাৱৰৰ সিপাৰে লুকাল। কাচনৰ মাকে
তাক জলপান খাবলৈ বৰকৈ জোৰ কৰিছিল যদিও পেটত ভোক থকা সত্বেও সি নাখালে। তাৰ ঘৰৰ
মাতিৰ ডাঙৰি আনিবলৈ আছেই। বিৰিয়াডাল হাতত লৈ সি খৰখোজেৰে নিজৰ মাটিকেইডৰা ফালে
আহিল।
অ’ পথাৰৰ ডাঙৰি কেইটা কি হল। অলপ সময়ৰ আগতে সি নিজ হাতেৰে
ইয়াতে ডাঙৰিকেইভাৰ বান্ধি থৈ গৈছিল। এইখিনি সময়ৰ ভিতৰতে তাৰ পথাৰৰ পৰা ডাঙৰি কেইটা
কোনে নিলে। কোনোবাই তাৰ লগত দুষ্টামি কৰিছে নেকি! তিলেশ্বৰে বান্ধি থৈ যোৱা
ডাঙৰিকেইটা নেদেখি আচৰিত হৈ ভাবিলে, তাৰপিছত সময় অপচয় নকৰি সি লৰালৰিকৈ ঘৰলৈ ৰাওনা
হল।
“ককাই,
তই দেখোন হাতত খালি বিৰিয়াডাল লৈহে আহিলি”।
সোনতৰাই তাক দেখি মাত লগালে। সি তাইৰ কথালৈ ভ্ৰুক্ষেপ নকৰি আগুৱাই আহি দেখিলে
নাদপাৰত যতীনে ভৰি হাত ধুই আছে, আৰু সি বান্ধি থোৱা ডাঙৰি কেইভাৰ ভৰাঁলৰ গাধৰিত
উঠি আছে। তাৰ ঘটনাটো বুজিবলৈ বাকী নাথাকিল, তথাপিও সি সুধিলে-“যতীন, তই ইয়াত কি কৰিছ” ?
“তিলেশ্বৰ
ককাইদেউ আপোনি এতিয়াহে আহিছে নেকি, যি কি নহওক আজি আপোনালোকৰ ডাঙৰি কেইভাৰ ময়ো
আনিলো”। যতীনে হাত ভৰি ধোৱা শেষ কৰি কলে।
তিলেশ্বৰে তাৰ কথালৈ কাণ নিদি নাদপাৰৰ পৰা ঘৰৰ বাৰাণ্ডাত উঠিলেহি।
“তোক
কাচনহতৰ ঘৰত ডাঙৰি কঢ়িয়াই থকা দেখি যতীনেই ডাঙৰি কেইভাৰ লৈ আহিলগৈ। ভালে হল দে
তোৰো কষ্ট অলপ কমিল”। তিলেশ্বৰৰ মাকে
ৰান্ধনী ঘৰৰ পৰা কলে।
“মই
নাথাকিল বুলিয়েই তই আন কাৰোবাক ডাঙৰি কঢ়িয়াবলৈ কবলৈ কি দৰকাৰ। মই এনেয়ো আনিলোহেতেন”! তিলেশ্বৰে উস্মাৰে কলে।
“তোক
কাচনহতৰ ঘৰলৈ মতা দেখিহে যতীনককাইদেৱে আনিলেগৈ, তাতেনো তোৰ কি জগৰ লাগিল”। এইবাৰ বগীতৰাই মাত লগালে।
“মোক
কোনেও মতা নাই মই নিজেহে সিহঁতৰ ঘৰলৈ ডাঙৰি কঢ়িয়াবলৈ গৈছিলো”। তিলেশ্বৰে কলে।
“আমিও
যতীনককাইদেৱক মতা নাই, তেওঁ নিজেই আহিছে”।
বগীতৰাই আকৌ কলে।
“ককাইদেৱ
আপোনি যদি নমতাকে কাচনহতৰ ঘৰত ডাঙৰি আনিব যাব পাৰে, মইনো কোনেও নমতাকে ইয়াত ডাঙৰি
আনিব আহিব নোৱাৰিম কিয়”। চোতালৰ পৰা সকলো
শুনি থকা যতীনে এইবাৰ মাত লগালে।
“মোৰ
পথাৰ, মই খেতি কৰিছো, মই ডাঙৰি বান্ধিছো, ইয়াৰ পিছত মই আন মানুহ সোমোৱাটো পচন্দ
নকৰো”। তিলেশ্বৰে এইবাৰ খঙেৰে কলে।
“খুড়ীটি
মই যাওহে”! যতীন যাবলৈ উঠিল।
“ৰবা,
তোমালৈ জলপান উলিয়াইছো নহয়”! বগীতৰাই ভিতৰৰ
পৰা কলে।
“আজি
নাখাও দিয়া, মোৰ দেৰী হৈছে”। এইবুলি কৈ যতীন
পদুলিমুখ পালেগৈ।
“জলপান
মোক দে মই খাও” তিলেশ্বৰে ডাঙৰকৈ
কলে।
“লৰাতোক
তই এনেদৰে খেদি পঠিয়াব লাগেনে! সিতো উচিত কথাকে কৈছিল। বেচেৰাটোৱে ডাঙৰি কেইভাৰ
আনি জলপানটো নোখোৱাকৈ গুছি গল”। মাকে কলে।
“জলপান
দিলো এইয়া”! সোনতৰাই ভিতৰৰ পৰা তাক জলপান খাবলৈ
মাতিলে। সি গৈ পদুলিমুখ পালেগৈ। আলিলৈ চালে, যতীন গৈ বহুদুৰ পাইছেগৈ। ছেঃ সি বাৰু
তাক বেচিকৈয়ে কলে নেকি! যতীন লৰাটো বেয়া নহয় কথাবতৰাই। কলেজত পঢ়ি আছে, সকলোৱেৰ লগত
মিলিজুলি থাকিব পাৰে। তিলেশ্বৰ ভিতৰলৈ সুমাই আহিল।
পিছৰ
খণ্ড অহা মাহত...