আগকথা

অসমীয়া সাহিত্যপ্ৰেমী ৰাইজ, নমস্কাৰ লব। অসমীয়াগল্প ব্লগস্পত ডট কমত অসমীয়া গল্প, কবিতা, প্ৰৱন্ধৰ পঢ়াৰ উপৰিও অসমৰ সাধাৰণ জ্ঞানৰ বিষয়েও জনাৰ সুবিধা পাব। ইয়াত প্ৰকাশৰ বাবে আপোনাৰ নিজে লিখা গল্পটো আৰু কবিতাটো পঠাব পাৰে মনত ৰাখিব আপোনি পঠাৱাৰ গল্পটো বা কবিতাটো আগতে কতো প্ৰকাশ হব নালাগিব। ইয়াত প্ৰকাশ হোৱা গল্প আৰু কবিতা কোনোৱে বিনা অনুমতিত অন্য ঠাইত বা আলোচনীত প্ৰকাশৰ বাবে নিব নোৱাৰিব। শেষত আপোনালোকলৈ ধন্যবাদ আৰু আপোনালোকৰ মৰমে যাতে এই ব্লগতো অধিক জনপ্ৰিয় দিশলৈ লৈ যায় তাৰ কামনাৰে।

Monday 28 November 2011

এখন চিঠিৰ কথাৰে


মৰমৰ বান্ধবী,
প্ৰথমে পত্ৰৰ দ্বাৰা মোৰ হিয়াভৰা মৰম লবা। বতর্মান মোৰ ভাল, আশাকৰো তোমাৰ আৰু পৰিয়ালৰ সকলোৱে ভাল।
মোবাইল ফোন লোৱাৰে পৰা বহুদিন কলৈকো চিঠি লিখা হোৱাই নাই, সেয়ে আজি তোমালৈ এই চিঠি লিখোতে প্ৰথমতেই কি লিখিম ভাবিব লগা হৈছে। বতর্মান যন্ত্ৰৰ যুগত অন্যান্য হাতৰ কামৰ লগতে কাগজত হাতৰ আখৰ লিখাৰ ব্যস্ত্যতাটো কমি গৈছে। কিন্তু মবাইল ইণ্টাৰনেটৰ সহায়ত বন্ধু-বান্ধবী আৰু আত্মিয়-স্বজনলৈ চিঠি লিখা আৰু পঢ়াৰ মাদকতা অনুভৱ কৰিব পাৰিম জানো? সেই মাদকতা হয়তো আৰু কোনোদিনে ঘুৰাই নাপাম আৰু নতুন প্ৰজন্মই কেতিয়াও অনুভৱ কৰিব নোৱাৰিব। সেইদৰে ডাকঘৰৰ ডাকোৱাল জনেও চিঠিৰ নামত কায্যালয়ৰ কাগজ-পত্ৰ অনা নিয়া কৰা কামতে সীমাবদ্ধ থাকিব। প্ৰিয়জনৰ চিঠি গৈ সুমাবগৈ মবাইল ফোনৰ ইনবস্কত নাইবা ইণ্টাৰনেটৰ ই-মেইলত।
বাৰু যি কি নহওক, সময় পৰিবতর্নশীল। আৰু এই পৰিবতর্নশীল সমাজত পুৰণিক বিসর্জন দি আমি নতুনক আদৰি লবই লাগিব। লাগিলে সেই পুৰণি সংস্কৃতি আমাৰ জীৱনত ওতঃপ্ৰতঃ ভাবেই জড়িত নাথাকক কিয়। যদি আমি আজি সংস্কৃতিৰ তানত সেই পুৰণি সংস্কৃতিকে খামোচ মাৰি ধৰি থাকো নতুন প্ৰজন্মই যে ৰক্ষণশীল মনোভাৱৰ চাপ লগাব সেয়া খাটাং। যুগে যুগে এই নিয়মেই চলি আহিছে, কিন্তু, এই পৰিবর্তনৰ সোঁতত আমি আমাৰ জীৱনৰ অমূল্য সংস্কৃতি সম্পূর্ণ ত্যাগ কৰি যাতে অপসংস্কৃতি গ্ৰহন নকৰো তাৰবাবে প্ৰতিজন লোকে দৃঢ়ভাৱে চকু ৰখাৰ প্ৰয়োজন। অন্যথা কেতিয়াবা বিশ্ব দৰবাৰত নিজৰ পৰিচয় দিবলৈ হয়তো একোৱে বাকী নৰবগৈ।
মৰমৰ বান্ধবী, চিঠিৰ আৰম্ভনিতে তোমাৰ চাগে এনেবোৰ কথা পঢ়ি ভাল লগা নাই। এতিয়া আচল কথালৈ আহো। তুমি কোৱাৰমতে হিতেশ ডেকাৰ এয়েটো জীৱন দ্বিতীয় খণ্ডটো ডাকযোগে তোমালৈ পঠালো। এই সুযোগতে কিতাপখন মইয়ো পঢ়িলো। প্ৰথম খণ্ডটো নপঢ়াৰ বাবে এই খণ্ডটো পঢ়োতে কাহিনীটো প্ৰথম বুজোতে কঠিন হৈছিল যদিও কিতাপখন মনোযোগী উঠা সময়তে এই খণ্ডটো শেষ হল। তোমালৈ কিতাপখন সোনকালে পঠাব লাগিছিল যদিও মোৰ পৰীক্ষা চলি থকাৰ বাবে আৰু কিছু অসুবিধা হেতু পঠোৱাৰ কিছু পলম হল তাৰ বাবে দুখিতঃ। অৱশ্যে এই অসুবিধাবোৰ আন বহুজনৰ দৰে কিতাপ পঢ়াৰ পৰা দুৰৈত থকা এক অজুহাতও হব পাৰে।
সচাকে, কথাষাৰ অপ্ৰিয় হলেও সত্য যে আজি বহুজনে কিতাপ পঢ়াটো ভাল অভ্যাস বুলি জানিও বিভিন্ন অজুহাতত কিতাপৰ পৰা দুৰৈত থাকে। সেইসকল মানুহৰে আকৌ দুৰদশর্নত প্ৰিয় ধাৰাবাহিক খন চাবলৈ সদায়ে সময় থাকে। এটা তথ্যত প্ৰকাশিত যে বিশ্বৰ ভিতৰত ভাৰততে সবার্ধিক ছপা কিতাপ কাগজ প্ৰকাশ হয় যদিও এই দেশতে কিতাপ পঢ়াৰ মানুহৰ সংখ্যা সকলোতকৈ কম। সচাকে হাস্যকৰ। কিতাপৰ কথা কবলৈ ললেই মনলৈ আহে হাইস্কুলত পঢ়া সত্যনাথ বৰাৰ কিতাপ পঢ়াৰ আনন্দ নামৰ পাঠটোলৈ। পাঠটোত লেখকে পঢ়াৰ আনন্দৰ বিষয়ে ধুনীয়াকৈ বুজায় কৈছে। কিতাপ পঢ়া আৰু পঢ়ি আনন্দ পোৱাটো এটা নিচা, এই নিচা যিয়ে এবাৰ পাইছে তাক সি জীৱনত পাহৰিব নোৱাৰে। কিন্তু সেইদিনা টি.ভি.ৰ নিউজ চেনেল এটাত দেখিলো যে আজি নৱপ্ৰজন্মই কিতাপৰ নিচাতকৈ মদৰ নিচাতহে অদিক আকৃষ্ট হৈছে। কথাটো সচাকৈয়ে উদ্বেজনক ভাৱে সত্য যে আজিৰ দিনত বহুতো মানুহে দুশ টকা খৰছ কৰি মদৰ নিচা লৈ ক্ষন্তেকীয়া আনন্দ কৰে, কিন্তু সেই টকাৰে এখন কিতাপ কিনি পঢ়াৰ নিচা লব নুখুজে।
বাৰু যিকি নহওক, চিঠিখনত বহুতো কিবিকিবিয়ে লিখা হল। কিতাপখনৰ এই খণ্ডটো পঢ়ি কেনে পালা জনাবা। আৰু এই কিতাপখন তোমাৰ হাতত পৰাৰ পিছত মোলৈ মোবাইল মেছেজ নাইবা ই-মেইল এটা কৰি জনাবা।
বান্ধৱী, তোমালৈ মোৰ এটা অনুৰোধ। তুমিও মোলৈ এখন চিঠি পঠাবাচোন। আৰু বিশেষ নাই। শেহত তোমালৈ পুনৰ মৰম আৰু তোমাৰ পৰিয়ালৰ সকলোলৈ মোৰ মৰম ও শ্ৰদ্ধা জনাবা।

ইতি
তোমাৰ বন্ধু
অচ্যুত
১১/১২/২০০৮

No comments:

Post a Comment