আগকথা

অসমীয়া সাহিত্যপ্ৰেমী ৰাইজ, নমস্কাৰ লব। অসমীয়াগল্প ব্লগস্পত ডট কমত অসমীয়া গল্প, কবিতা, প্ৰৱন্ধৰ পঢ়াৰ উপৰিও অসমৰ সাধাৰণ জ্ঞানৰ বিষয়েও জনাৰ সুবিধা পাব। ইয়াত প্ৰকাশৰ বাবে আপোনাৰ নিজে লিখা গল্পটো আৰু কবিতাটো পঠাব পাৰে মনত ৰাখিব আপোনি পঠাৱাৰ গল্পটো বা কবিতাটো আগতে কতো প্ৰকাশ হব নালাগিব। ইয়াত প্ৰকাশ হোৱা গল্প আৰু কবিতা কোনোৱে বিনা অনুমতিত অন্য ঠাইত বা আলোচনীত প্ৰকাশৰ বাবে নিব নোৱাৰিব। শেষত আপোনালোকলৈ ধন্যবাদ আৰু আপোনালোকৰ মৰমে যাতে এই ব্লগতো অধিক জনপ্ৰিয় দিশলৈ লৈ যায় তাৰ কামনাৰে।

Thursday 5 January 2017

কলিকতালৈ গৈছিলো





১৬ অক্টোবৰ ২০০৩ চন, আমাৰ কাকজান মহাবিদ্যালয়ৰ পৰা শিক্ষা বিভাগৰ ছাত্ৰ-ছাত্ৰী সকলে এছকাৰচনত কলিকতা ফুৰি আহিবলৈ পৰিকল্পনা এটা কৰিলে মই সেই বছৰ তেতিয়া কলেজত বি, , প্ৰথম বৰ্ষত এডমিছন লৈছোহে মোৰ ফুৰাত আৰু নতুন ঠাই চাবলৈ যোৱাত সৰুৱে পৰা বহুত আগ্ৰহ , গতিকে মই এই সুবিধা পাওতে এৰি দিব নিবিছাৰিলো প্ৰথম পৰিকল্পনা কৰোতে বহুতে ফুৰিবলৈ যাবলৈ আগ্ৰহ দেখোৱাইছিল যদিও শেষত আমি ছাত্ৰ-ছাত্ৰী দহ জন আৰু শিক্ষক-শিক্ষয়ত্ৰী পাছ গৰাকী মুঠতে পোন্ধৰজন যাবলৈ ঠিৰাং হল তাৰে ছাত্ৰ-ছাত্ৰীৰ ভিতৰত আমি মুঠতে দুজনহে লৰা, বাকী আঠগৰাকী ছোৱালী, যিহেতু শিক্ষাবিভাগত লৰাই খুৱ কমেহে বাছনি কৰে ছাত্ৰ-ছাত্ৰীৰ ভিতৰত মই, ঊগ্ৰসেন, মণিষা, শিষা, সংগীতা, গীতিমা, মেৰী, ৰশ্মি। শিক্ষক শিক্ষয়ত্ৰীৰ ভিতৰত ৰুহিত চাৰ, মাধৱ চাৰ, ৰেণু বাইদেঊ, বিজয়লক্ষ্মী বাইদেঊ আৰু ৰুহিত চাৰৰ পত্নী আৰু তেও৺লোকৰ লৰা-ছোৱালী হাল।
আবেলী পাচবজাত আমি সকলোৱে সেইদিনা কাকজান কলেজৰ সন্মুখত গোট খালো, তাৰ পৰা এখন বাছত আমি সাত বজাত গৈ মৰিয়নি পালোগৈ। ৰুহিত চাৰে আমাক সকলোকে মৰিয়নিৰ এখন হোতেলত ভাত খাবলৈ লৈ গল। ভত খাই ঊঠিয়ে আমি সকলোৱে মৰিয়নিৰ প্লেটফৰ্মত ট্ৰেইনৰ বাবে আপেক্ষা কৰি ললো। মই আগতে ট্ৰেইনত কতো গৈ পোৱা নাই, তাতে আজি অসমৰ বাহিৰলৈ যোৱাৰ প্লেন, গতি মই বহুতো ঊত্তেজিত হৈ আছো। আমি লৰা-ছোৱালি বিলাকে এই বিষয় নিজৰ নিজৰ মন্তব্য দি কথা পাতি আছো। এনেদৰে থকোতে কেতিয়ানো বাজি গল গমকে নাপালো, চাৰে বজাত কামৰূপ এক্সপ্ৰেছ আহিল। চাৰৰ নিৰ্দেশত আমি সোনকালে ততাতৈয়াকৈ ট্ৰেইনত ঊঠিলো।
ট্ৰেইনখন লোহাৰ চিৰিৰ ওপৰত যায়, বহুত দীঘল হাই ঊৰুমি নহব চাগে গতিকে যাবলৈ আৰাম হব। প্ৰথম ঊঠাৰ পিছত যেতিয়া লাহে লাহে ষ্টাৰ্ট লৈছিল মই সেইবুলিয়ে ভাবিছিলো। কিন্তু মই ভবাৰ দৰে নহয়। লোহাৰ ওপৰত যোৱা ট্ৰেইনখনে ইমান কৰ্কশ শব্দ কৰি যাব বুলি মই ভবা নাছিলো। যিকি নহওক আমি সকলোৱে ট্ৰেইনত ঊঠাৰ পিছত নিজৰ নিজৰ ছিত সমূহ ভগাই ললো। মোৰ ভাগত পৰিল মাজৰ ছিত এটা। মোৰ ছিতৰ ওপৰত ঊগ্ৰসেন, মাজত মই আৰু তলত মাধৱ ছাৰ। এঘাৰৰ মান বজাত টেইনত দিয়া পেকেত ভাত খাই আমি ট্ৰেইনৰ ছিত কেইটা শুবলৈ খুলি ললো। ৰতি বহুত দেৰিকৈ টোপনি আহিল
পুৱা পাচ বজাত টোপনিৰ পৰা সাৰ পাই দেখিলো আমি যোৱা টেইনখনে ইতিমধ্যে শৰাইঘাট দলং অতিক্ৰম কৰি ৰঙিয়াৰ অভিমুখে গতি কৰিছে। মই আগতেও গাৰীত গলে খিৰিকৰ কাষত বহি বাহিৰৰ দৃশ্যবিলাক চাই ঊপভোগ কৰি চাবলৈহে বেছি ভাল পাও। তাতে এতিয়া ট্ৰেইনখন কেতিয়াবা গা৺ৱৰ মাজে মাজে নাইবা খেতিপথাৰৰ মাজে মাজে আকৈা কেতিয়াবা জংগলৰ মাজে মাজে গৈছে, গতিকে মই এনেকুৱা দৃশ্যবিলাক নোচোৱাকৈ শুই যাব পাৰিমজানো। গতিকে মই ততাতৈয়াকৈ মুখ হাত ধুই ট্ৰেইনৰ কাষৰ চিত এটাত বহি চাহ একাপ লৈ ললো। ইতিমধ্যে বাকী বিলাকো শুই ঊঠি ফ্ৰেচ হৈ ললে। দিনৰ ভাত খোৱাৰ পিছত চাৰ-বাইদেঊ আমি আৰু আমাৰ দবাটোত থকা মানুহখিনিক লৈ এখন লটাৰী খেন খেনো বুলি সিন্ধান্ত ললো। সকলোৱেৰ সন্মতি সৈতে গাইপতি দহ টকাকৈ তুলি লৈ বস্তু কিনিলো আৰি খেল খেলালো। অধিক সংখ্যককেই সৰুকৈ হলেও এটাকৈ ঊপহাৰ পালে। মোৰ ভাগত পালো এদাল টুথব্ৰাছ। থিকে আছে,,এইডালেই আজি ৰাতিপুৱা মই অভাৱ অনুভৱ কৰিছিলো। এনেদৰে খেল ধেমালী কৰি দিনটোৰ আধাখিনি সময় পাৰ হৈ গল। ট্ৰেইখনে ইতিমধ্যে অসমৰ সীমা অতিক্ৰম কৰি বিহাৰত সুমাইছিল। দবাটোত থকা মানুহখিনিৰ লগতো চিনাকী হলো। তাৰ ভিতৰত কলিকতাৰে সুমিত নামৰ লৰা এজনৰ লগত আমাৰ বন্ধুত্ত্ব গঢি ঊঠিল। আমি তাৰ লগত শ্বায়েৰী, এন্টাৰ্কছৰী আদি খেলি থাকোতে দিনটোৰ বাকী সময় পাৰ হল।
যোৱা ৰাতি টোপনি কালিতকৈ ভাল হল কিয়নো দুদিন ট্ৰেইনত আহি আমি এডজাষ্ট হৈ গলো। পুৱা চাহ খোৱাৰ পিছতে শেষৰ চাৰে আমাক সাজু হবলৈ কলে যে কিছু সময়ৰ পিছতে আমি কলিকতাৰ হাওৰা ষ্টেচন পামহি। চাৰৰ কথামতে আমি সকলোৱে খৰ ধৰ কৰিলো। অনুমান কৰিলো এই যেন এতিয়াই ট্ৰেইনখন ষ্টেছনত সুমাব কিয়নো ট্ৰেইনখন টাঊন এলেকাত প্ৰবেশ কৰাৰ পিছৰে পৰা ইয়াৰ গতি কম হৈ গল। কিন্তু আমাৰ ট্ৰেইখন হাওৰা ষ্টেচনত সুমাওতে প্ৰায় চাৰেদহ বাজিল। ১০-৩০ বজাত কলিকতাৰ বিশাল হাওৰা ষ্টেচনত নামি মই অভিভূত হৈ পৰিলো। কেৱল মানুহ মানুহ আৰু মানুহ, ট্ৰেইনতো যে ইমানকৈ মানুহ একেলগে ঊঠা নমা কৰিব পাৰে মই ভবা নাছিলো। চাৰে আমাক বস্তু-বাহনিখিনি চাবলৈ কৈ কুলি আৰু টেক্সি বিচাৰি গল। হাওৰা ষ্টেচনৰ পৰা তিনিখন হালধীয়া ৰঙৰ টেক্সীত আহি আমি দুপৰীয়া ১২ বজাত অসম ভৱন পালোহি। অসম ভৱনত চাৰহতে কোঠা বুক কৰো মানে আমি কেইখনমান ফটো তুলিলো। কোঠা পোৱাৰ পিছত আমি সোনকালে ফ্ৰেছ হৈ ইয়াতে ভাত-পানী খাই ললো। ইতিমধ্যে আমাৰ লগত এজন চাংকাকতী ঊপাধীৰ মানুহৰ লগত চিনাকী হল আৰু তেৱে আমাক এইকেইদিন গাইদ কৰিব বুলি কলে। আজি ১৮-১০-২০০৩ তাৰিখে অসম ভৱনৰ পৰা ওলায়ে আমি প্ৰথম গলো ওচৰতে থকা ভিক্টোৰিয় মিমোৰিয়েল হল চাবলৈ। শুদ্ধ বগা পাথৰৰে নিৰ্মিত ভৱনটো আমি ঘুৰিপকি চালো আৰু কেইবাখনো ফটো তুলিলো


ইয়াৰ পিছতে ৰবীন্দ্ৰ ভৱন, কালছাৰেল এছোছিয়েছন আৰু শেহত তাৰকাগৃহত সোমালো। মই আগতে গুৱাহাটীৰ তাৰকাগৃহতো সুমাইছো, ইয়াৰ তাৰকাগৃহত বৰ বেছি নেদেখিলো। 
     
আজি ১৯-১০-২০০৩ তাৰিখে আমাৰ দলটো দুখন টাটচুমুত কলিকতা ভ্ৰমনৰ বাবে ওলালো। আমি প্ৰথমতে গলো ক্ৰমে দক্ষিনেশ্বৰ মন্দিৰ আৰু ৰামকৃষ্ণ মন্দিৰ। মন্দিৰৰ শান্ত পৰিবেশে আমাৰ মন সতেজ কৰি তুলিলে। সচাকৈ ধৰ্মীয় গৃহ শান্ত পবিত্ৰ পৰিবেশে মানুহৰ মনতো শান্তি আনি দিয়ে। সেয়ে হয়তো যুগ যুগ ধৰি মানুহে ধৰ্মৰ হাতত বশ্যতা স্বীকাৰ কৰি আহিব লগা হৈছে। ইযাৰ পিছতে আমি বটানিকেল গাৰডেন আহি পালোহি। তেনে সময়তে এজাক সৰু বৰষুণ অহাত আমি পত্যেকেই এটাকৈ সৰু টূপি কিনিব লগা হল। কম দামত আৰু হৰ্থাতে কিনিলো যদিও আমাৰ মাজত টূপিটো আৰ্কষণীয় হৈ ঊঠিল।  

                
বটানিকেল গাৰ্ডেনৰ এজোপা দুশ বছৰীয়া বৃহৎ বটগছে আমাৰ দৃষ্টি আৰ্কষণ কৰিলে। তাত আমি কিছুসময় অতিবাহিত কৰাৰ পিছত দুপৰীয়াৰ আহাৰ গ্ৰহন কৰিলো আৰু কলিকতাৰ বৃহৎ চিৰিয়াখানা খনৰ অভিমুখে ৰাওনা হলো। ঊঃ চিৰিয়াখানাত ইমান বিভিন্ন প্ৰকাৰৰ জন্তু চাই চাই আমাৰ আমনি লাগি গল। বিভিন্ন দেশৰ বহুত জীৱ-জন্তু ইয়াত একেলগে দেখিবলৈ পালো। সময়ো হৈ আহিল আন্ধাৰ হোৱাৰ লগে লগে আমি চিৰিয়াখানাৰ পৰা ওলাবলৈ বাধ্য হলো। ইয়াৰ পিছতে বিজ্ঞান যাদুঘৰত সোমালো যদিও সময়ৰ অভাৱৰ বাবে বৰ বেছি সময় থাকিব নোৱাৰিলো।

আজি ২০-১০-২০০৩ তাৰিখ সোমবাৰে আমি দিনটো বজাৰৰ কাৰণে ললো। অসম ভৱনৰ পৰা আমি খোজকাঢিয়ে কলিকতাৰ মহানগৰৰ মাজে মাজে ওলাই আহিলো। অলপ সময়ৰ পিছতে আমি এটা বৃহৎ শ্বপিং মলৰ ভিতৰত সুমালো। আচৰিত লাগিল যে ইয়াৰ কিছুমান শ্বপিং মলত সুমাবলৈ মানুহ বাহিৰত শাৰীপাতি থিয় হৈ থাকে। কিয়নো মলৰ ভিতৰত এক নিদিষ্ট সংখ্যক মানুহহে সুমাব দিয়ে আকৗ সেই নিদিষ্ট সংখ্যক মানুহ মলৰ পৰা ওলালেহে বাকী ৰৈ থকা মানুহখিনি সুমাব পাৰিব। মোৰ বজাৰ কৰাৰ প্লেন নাছিল গতিকে আমনি লগাত মই কম সময়ৰ ভিতৰতে মলৰ পৰা ওলাই আহিলো আৰু ইফালে সিফালে দোকান বাট-পথ বিলাক চাই ঘুৰিব ধৰিলো। কলিকতা মহানগৰ খনৰ মাজ মজিয়াৰ ঠাইবোৰত এদিনীয়া মানুহৰ কাৰণে বাট পথ চিনি ঊলিওৱাত বহুত কষ্টকৰ কাম। কিয়নো ইয়াৰ প্ৰায়বিলাক বাট-পথ সমান চাইজৰ আৰু ঘৰবিলাকো একে ডিজাইনৰ। বাটত ওলমাই থোৱা পোষ্টাৰ, চাইনবৰ্ড বা পথ নম্বৰ চাই নাহিলে অহা বাটতো ঊলিয়াবলৈ মস্কিলেই হব। এইদৰে মই ঘুৰি ফুৰাৰ কিছু সময়ৰ পিছত মোৰ লগৰ খিনিক লগ কৰিবলৈ আগৰ মলটোৰ ওচৰলৈ আহিলো। কিন্তু বৃহৎ মলটোৰ ওচৰত মই কাকো দেখা নাপালো। এনেদৰে ইফালে সিফালে চোৱাত আমাৰ লগত অহা ছোৱালী তিনিজনীকহে দেখা পালো সিহ৺তে মোক চিন্তিত ভাৱে কলে যে সিহ৺ত লগৰখিনিৰ পৰা হেৰাই গল আৰু বিছাৰি এনেদৰে ঘুৰি ফুৰিছে। কলিকতাৰ মহনগৰীত প্ৰথম আহিয়ে এনেদৰে হেৰাই গলে কি হব এতিয়া। আমি তেওলোকক আৰু তেওলোকে আমাক জানো বিছাৰি পাব ? যদি এনেদৰে আমি তেওলোকক বিছাৰি যতে ততে ঘুৰি ফুৰি আৰু অধিক বাট হেৰুৱাই পেলাও কি হব? গতিকে মই এটা সিন্ধান্ত ললো যে আমি এতিয়াই অসম ভৱনলৈকে ঘুৰি যাও। কিন্তু সিহতে কলে যে আমি জানো অসম ভৱন বিচাৰি ঊলিয়াব পাৰিম?  ভাগ্য ভাল আমি আহোতে মই পথৰ নম্বাৰ আৰু কিছুমান দোকানৰ চাইনবৰ্ড চাই আহিছিলো। গতিকে সিহতক মোৰ ওপৰত বিশ্বাস ৰাখিবলৈ কৈ মোৰ লগত আহিব কলো। আমি কিছু সময় খোজ কাঢি অহাৰ পিছত অসম ভৱন পাই আমাৰ মুখত হা৺হি ওলাল। কিন্তু বাকীসকল যে এতিয়াও আহি পোৱা নাই। তেওলোকে হয়তু ভাবিছে যে তেওলোকে আজি আমাক হেৰুৱালে, পালি নে ফুৰিবলৈ অহাৰ এতিয়া মজাটো,
খন্তেক সময়ৰ পিছতে ফোপাই জোপাই চাৰ বাইডেঊ আৰু বাকী সকলো অসম ভৱন আহি পালেহি। তেওলোকে আমাক দেখি স্ততিৰ নিশ্বাস পেলালে। মাধৱ চাৰে খঙেৰে কলে যে আজি হয়তো তেওলোকৰ কোনোবা এজনৰ যদি ব্লাড প্ৰেচাৰ হাই থাকিলে হেতেন তেন্তে মুৰ ঘুৰাই পৰি গল হেতেন।
যি কি নহওক, ইযাৰ পিছতে আমাক সকলোকে ভাত পানী খাই সাজু হবলৈ কলে। কথামতে আমি ভাত-পানী খাই সাজু হলো এডোখৰ নতুন ঠাই চাবলৈ। আমি অসম ভৱনৰ পৰা অলপ আতৰলৈ আহি মাটিৰ তলৰ খটখটিয়েদি ভিতৰলৈ সুমাই গলো। আমি গলো কলিকতাৰ মাটিৰ তলেৰে যোৱাৰ মেট্ৰো ট্ৰেইনৰ প্লেটফৰ্মলৈ। নামটো দমদম ষ্টেছন। ইয়াত এটা জমনি কাণ্ড ঘটিল। এই ষ্টেছনত টিকত কটা, ছেক কৰা ট্ৰেইন ৰখা আদি কামবিলাক অটোমেটিক মেছিনৰ দ্বাৰা হয়। গতিকে এটা নিদিষ্ট সময়ৰ ভিতৰত যোৱা মেলা কামবিলাক কৰিব লাগে। কিন্তু মোৰ আৰু ঊগ্ৰসেনৰ ভিতৰত আমি মাত্ৰ এটা টিকতহে পালো গতিকে আমি এটা টিকতেৰে দুটা মানুহ একেলগে টিকত ছেকাৰৰ মাজেদি পাৰ হৈ যাব লাগিব। আমি একেলগে থিয় হলো আৰু যাবলৈ সাজু হলো, টিকত ছেকাৰ মেছিনৰ ভিতৰত ঊগ্ৰই টিকতটো সুমোৱাই দিয়োতেই দেৰি হব বুলি ভাবি মই তাক থেলি লৈ গলো। সেই থেলাত তাৰ হাতৰ টিকতোৰ এফালহে মেছিনৰ ভিতৰলৈ গল, বাকীডোখৰ তাৰ হাততেই থাকিল। সৌভাগ্যবশত দুৱাৰখন খোল খালে কিনতু মেছিনত সুমোৱা টিকতডোখৰ বাহিৰলৈ আকৗ ওলাই নাহিল। মেছিনৰ পৰা ওলাই অহাৰ টিকতটো ষ্টেচনৰ পৰা বাহিৰলৈ ওলাই আহিবলৈ আকৗ প্ৰয়োজন হয়। যি কি নহওক আমাৰ হাতততু টিকতৰ বাকী টুকুৰাটো আছে।
     আজি ২১-১০-২০০৩ তাৰিখে দীৰ্ঘা আৰু শান্তি নিকেতন আশ্ৰম দুঠাইত যাবলৈ বাকী থাকিল, কিন্তু আজি একেদিনাই দুয়োঠাইতে ঘুৰাটো সম্ভৱ নহয়, যিহেতু দুয়োডোখৰ ঠাই ইয়াৰ পৰা যথেষ্ঠ দূৰ। আমি সকলোৱে আলোচনা কৰি শান্তি নিকেতন যোৱাটোকে থিক কৰিলো, যিহেতু আমাৰ দলটো কলেজৰ শিক্ষা বিভাগৰ অন্তৰ্গত আৰু যদিহে ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিখ্যাত ঠাই ভাৰতৰ ঐতিসাহিক বিশ্ববিদ্যালয় ঠাইখনকে যদি চাবলৈ থাকি যায় তেনেহলে এই ভ্ৰমনে অৰ্থহীন হব। কিন্তু আনফালে মোৰ সাগৰৰ ঊপকূলীয় অঞ্চলটো চাই আহিবলৈ খুৱেই ইচ্ছা এটা আছিল। যি কি নহওক দীৰ্ঘা ভ্ৰমন পিছলৈ থৈ আজি আমি শান্তি নিকেতন আস্ৰমখন চাবলৈ ওলাই আহিলো। আমি অসম ভৱনৰ পৰা আহি কলিকতাৰ শিয়ালদহ ষ্টেছনত ট্ৰেইনত আহি প্ৰায় সাতঘন্টা মানৰ অন্তত বুলপুৰ ষ্টেছন পালোহি। ইয়াৰ পৰা ৰিক্সাৰে শান্তি নিকেতন আশ্ৰমখন এপাক ঘুৰি আহিলো। যোৱা পথেৰে আহি পুনৰ অসমভৱন পাওহি মানে প্ৰায় এঘাৰৰ বাজি গৈছিল। ঊঃ এতিয়াহে যেন মোৰ ট্ৰেইনত যাত্ৰা কৰি আমনি লাগি গল।
আজি ২২-১০-২০০৩ তাৰিখে কলিকতাত আমাৰ শেষ দিন। সেয়ে আমি আজি পুৱা সোনকালে শুই ঊঠি ব্ৰেকফাষ্ট কৰি সাজু হলো। বজাৰ লগে লগে আমি আহি ঊপস্থিত হলো ভাৰতীয় সংগ্ৰসালয়ত। বহুবছৰ ধৰি সাচি ৰখা বহু পুৰণা বস্তু আমি ইয়াত দেখিবলৈ পালো। আমাৰ ইয়াৰ ভ্ৰমন কায্যসূচী ইয়াতে শেষ কৰি পুনৰ অসম ভৱনলৈ ঊভতি আহিলো। শেখৰ চাৰে আমাক সকলোকে বস্তু-বাহনিবোৰ সামৰি লব কলে আৰু ঘৰলৈ যাবলৈ সাজু হব কলে। ঊভতনি যাত্ৰা সদায় কষ্টকৰ হয় আমাৰ মনটো বিষন্নতাৰে ভৰি পৰিল। এইকেইদিন আমি ইয়াত থাকি অসমৰে বিভিন্ন্ ঠাই পৰা অহা কেইবাজনো মানুহৰ লগত ভাল চিনাকী হৈ পৰিছিল। ইয়াৰ ভিতৰত অসম ভৱনত কাম কৰা মানুহ কেইজনকে ধৰি ওদালগুৰি পৰা অহা আৰু আমাৰ লগত কেইবাঠাইতো একেলগে যোৱা বসুমতাৰি চাৰ ঊল্লেখযোগ্য। ১২-৩০ বজাত অসম ভৱনত চিনাকী হোৱা সকলোৱেৰ পৰা বিদায় লৈ আমি হাওৰা অভিমুখে ৰাওনা হলো, -৩০ বজাত মৰিয়নি অভিমুখী ট্ৰেইনত ঊঠিবৰ বাবে

No comments:

Post a Comment