আগকথা

অসমীয়া সাহিত্যপ্ৰেমী ৰাইজ, নমস্কাৰ লব। অসমীয়াগল্প ব্লগস্পত ডট কমত অসমীয়া গল্প, কবিতা, প্ৰৱন্ধৰ পঢ়াৰ উপৰিও অসমৰ সাধাৰণ জ্ঞানৰ বিষয়েও জনাৰ সুবিধা পাব। ইয়াত প্ৰকাশৰ বাবে আপোনাৰ নিজে লিখা গল্পটো আৰু কবিতাটো পঠাব পাৰে মনত ৰাখিব আপোনি পঠাৱাৰ গল্পটো বা কবিতাটো আগতে কতো প্ৰকাশ হব নালাগিব। ইয়াত প্ৰকাশ হোৱা গল্প আৰু কবিতা কোনোৱে বিনা অনুমতিত অন্য ঠাইত বা আলোচনীত প্ৰকাশৰ বাবে নিব নোৱাৰিব। শেষত আপোনালোকলৈ ধন্যবাদ আৰু আপোনালোকৰ মৰমে যাতে এই ব্লগতো অধিক জনপ্ৰিয় দিশলৈ লৈ যায় তাৰ কামনাৰে।

Sunday 5 July 2020

মই বিশ্বাসঘাটক নহয়


                         মই বিশ্বাসঘাটক নহয়

    শ্বপিং মলত বজাৰ কেইটা কৰি আহি কাৰ খনত বহিব লওতেই কাষৰ দোকান খনৰ পৰা কোবাকুবিকৈ ওলাই অহাৰ যুবক জনক দেখি নয়না প্ৰথমতে আনন্দিত হৈ উঠিছিল যদিও পিছমুহূৰ্ততে নিজৰ মনৰ ভাৱ পৰিবৰ্তন কৰি নিৰ্বিকাৰে কাৰখনৰ চিতত বহি পৰিল। যুবক জন দোকান খনৰ পৰা ওলাই খৰধৰকৈ তাইৰ ফালে নোচোৱাকৈ পাৰ হৈ গ'ল।
    "বজাৰ কৰি হ'ল নে, এতিয়া ঘৰত যাওঁ ব'লা" - তাইৰ কাষৰ ড্ৰাইভাৰ চিতত বহি থকা তাই স্বামী অৰ্ণৱে কলে।
   "যাওঁ ব'লা।" - তাই সিহঁতৰ আগেদিয়ে পাৰ হৈ যোৱা যুবক জনক চায়ে উত্তৰ দিলে।
   খন্তেক আগতে পাৰ হৈ যোৱা এই যুবক জনক দেখি তাই প্ৰথমতে শিহৰিত হৈছিল, মৰম উপচি পৰিছিল আৰু অলপ পিছতে দুখেৰে তাইৰ মন ভৰি পৰিছিল, কিন্তু এতিয়া সেই যুবক জনৰ প্ৰতি তাইৰ অন্তৰত আছে কেৱল ঘৃণা আৰু কৰিবলৈ আছে অকল তাচ্ছিল্য।

   এই যুবক জনেই আছিল নয়নাৰ প্ৰাক্তন প্ৰেমিক নীলম। যাৰ দ্বাৰা তাই চূড়ান্ত ভাৱে প্ৰতাৰিত হৈছিল। তাইৰ যৌৱনৰ প্ৰথম পুৰুষ জনে তাইৰ লগত আজীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতি দি শেষ পৰ্যায়ত তাইক এৰি দিছিল। আচলতে সি তাইক বিশ্বাসঘাটকতা কৰিছিল। তাই তাৰ বিশ্বাসঘাতকতাক বিশ্বাস কৰিব পৰা নাছিল যদিও সেয়াই সত্য বুলি স্বীকাৰ কৰি তাইৰ জীৱনৰ সিন্ধান্ত বোৰ তাইৰ পৰিয়ালৰ মানুহবোৰৰ ওপৰতে লবলৈ এৰি দিছিল।
    নীলমৰ লগত তাইৰ চিনাকী হৈছিল দুয়োটাৰে কলেজত পঢ়ি থকা দিনতে। এযোৰ উজ্জ্বল চকুৰ সৈতে সকলো বিষয়তে পাৰ্গত সিঁহত একেটা ক্লাছৰে ষ্টুডেণ্ট আছিল। প্ৰথম দেখাৰে পৰা তাই তাক ভাল লাগি থকাৰ মাজতে সিয়ে তাইক প্ৰেমৰ প্ৰস্তাৱ দিছিল। দুয়োটাই প্ৰতিজ্ঞা কৰিছিল আজীৱন দুয়ো দুয়োৰে হৈ থকাৰ। তাই সপোন দেখিছিল তাৰ লগত গোটেই জগত ঘুৰাৰ। কলেজীয়া শিক্ষা শেষ কৰি সিহঁত দুয়োটা আতৰি গৈছিল উচ্চ শিক্ষাৰ বাবে।
    কলেজ এৰাৰ কেইটামান দিনৰ পিছতে তাইৰ ঘৰত তাইৰ বিয়াৰ কথা ওলালে। কিন্তু তাই  নীলমক কথা দি থৈছে, দুয়োটা আজীৱন একেলগে থকাৰ। গতিকে তাই নীলমক খবৰ দিলে তাইক চিৰদিনৰ বাবে আপোন কৰি লবলৈ। নীলম আহিল সিঁহতৰ ঘৰত তাইক খুজিবলৈ, কিন্তু তাইৰ দেউতাকে তাক একেকোবে নাকচ কৰিলে। তাৰ পিছতে সিহঁতে সেই শেষ সিন্ধান্ত লৈ পেলালে। তাই গুচি যাব তাৰ ওচৰত চিৰদিনৰ বাবে। তাই ওলাই আহিল ঘৰৰ সকলো বাধা নেওচি নীলমক আপোন কৰি লবলৈ। কিন্তু সি নাহিল। নাহিল মানে তাই তাক আৰু লগেই নাপালে। মাত্ৰ তাৰ বন্ধু পাৰ্থ মুখেৰে হে জানিব পাৰিলে যে সি হেনু তাইক নিজৰ কৰি লব নোৱাৰে। তাই সেইদিনাই মৰি যাব লাগিছিল। কিন্তু নমৰিল। প্ৰিয়জনৰ পৰা পোৱা লাজ অপমান লৈ তাই ঘৰত ঘুৰি গ'ল। আৰু পিছত ঘৰৰ  পৰা পচন্দ কৰি দিয়া সেই দৰা জনৰ লগতে অৰ্ণৱৰ লগতে তাইৰ বিয়া হ'ল।

   ইফালে সেইদিনাই,
    নীলমে ফাৰ্মাচী খনৰ পৰা প্ৰয়োজনীয় দৰৱ কেইটা লৈ ওলাই আহিব খোজোতেই সন্মুখৰ ফালৰ শ্বপিং মলটোৰ পৰা নয়না ই হাতত কেইটামান সৰু সৰু টোপোলা লৈ ওলাই অহাৰ দেখি সি উচাপ খাই উঠিল। এবাৰ ভাবিলে তাই নেদেখাকৈ এই ফাৰ্মাচী খনতে ৰৈ দিব নেকি। কিন্তু সি তাইৰ ফালে এবাৰো নোচোৱাকৈ কোবাকুবিকৈ দৰৱ কেইটা লৈ ওলাই আহিল।
    নয়না
    তাৰ প্ৰাক্তন প্ৰেমিকা আৰু এতিয়া চহৰ খনৰ কোনোবা এজন ধনী ব্যৱসায়ীৰ বাগদত্তা। কলেজত পঢ়ি থাকোতেই লগ পাইছিল সি নয়নাক। কলেজৰ নৱাগত আদৰণি সভাত গান গোৱা তাইৰ মাতত মোহিত হোৱা নয়নাক ভাল পায় পেলাইছিল সি। বহুদিন চেষ্টা কৰিও সি নয়নাক ভাল পোৱাৰ প্ৰস্তাৱ দিবলৈ গৈ সি থমকি ৰৈছিল। কিন্তু এদিন বন্ধুৰ জোৰত সি তাইক তাৰ ভালপোৱাৰ কথা জনালে। আৰু তায়ো তাৰ প্ৰেমৰ প্ৰস্তাৱ সমৰ্থন কৰিলে। সিঁহতে প্ৰতিজ্ঞা কৰিলে দুয়োটা চিৰজীৱন একেলগেৰ থকাৰ। কলেজীয়া শিক্ষা শেষ কৰি সি সিহঁতৰ সপোনবোৰ সজাবলৈ উচ্চ শিক্ষাৰ বাবে ঢাপলি মেলিলে। নয়নাৰ ওচৰত কথা দিলে উচ্চ শিক্ষা শেষ কৰি কিবা কাম এটাত সোমায়ে সি তাইক নিজৰ কৰি লব।
    কিন্তু, মাজতে এদিন নয়নাৰ পৰা তালৈ ফোন আহিল। তাইৰ ঘৰত বিয়া থিক কৰিছে গতিকে এতিয়াই তাইৰ ঘৰত তাৰ কথা কব লাগে। তাইৰ কথামতে সি আহিল তাইৰ ঘৰলৈ সিহঁতৰ ভালপোৱাৰ কথা কবলৈ।
    "মই মোৰ ছোৱালীক সৰুৱে পৰা অতি আলাসত ডাঙৰ দীঘল কৰিছো। তাই যিয়ে বিচাৰিছে সকলো বস্তুৱে মই আনি দিছো। তোমাৰ লেখীয়া ভিকহু এটাই তাইক খোৱাব পিন্ধাব পাৰিবা জানো? ভালপোৱা সদায় সমপৰ্যায়ৰ মানুহৰ লগতহে হয়। তোমাৰ এই ভালপোৱা প্ৰকৃত ভালপোৱা নহয়, এয়া মাত্ৰ অভিনয় কোনোবা ধনী লোকৰ টকা সৰকোৱাৰ। " - নয়নাৰ দেউতাকে গুৰু গম্ভীৰ মাতেৰে কোৱা কথাষাৰে তাৰ বুকুত শেলে বিন্ধাদি বিন্ধিলে। এৰা, সি এটা পথৰ ভিকহু। নয়নাৰ এই ঘৰ-অট্টালিকা, ধন-ঐশ্বয্য তুলনাত তাৰ একোৱেই নাই। সেইকাৰনে সি বাৰে বাৰে থমকি ৰৈছিল তাইক ভালপাওঁ বুলি কবলৈ। তাৰ দেউতাকে বেমাৰী দেহাৰে পথাৰত অশেষ কষ্ট কৰি তাক কলেজত পঢ়ুৱাইছে। এতিয়া পাৰ্ট টাইম জব কৰি সি ইঞ্জিনিয়াৰিঙত নামভৰ্তি কৰিছে। যেনেতেনে শিক্ষা শেষ কৰি কাম এটা যোগাৰ কৰি তাৰ ঘৰখনক সকাহ এটা দিয়াটোৱেই তাৰ এতিয়া জীৱনৰ লক্ষ্য হৈ পৰিছে। এটা ভাৰাক্ৰান্ত মন লৈ সি নয়নাৰ ঘৰৰ পৰা ওভতি আহিল। সেইদিনাই তাৰ মৰি যাব মন গৈছিল সিঁহতৰ দৰিদ্ৰতাক লৈ কৰা অপমান দেখি। কিন্তু সি নোৱাৰিলে মাক-দেউতাকৰ তাক লৈ কৰা সপোনবোৰ দেখি, ভনীয়েকৰ মুখত থকা আশাবোৰ দেখি।
    কেইদিনমানৰ পিছত নয়নাই তাক জনালে তাইৰ সিদ্ধান্তৰ কথা। তাঁহাতৰ ভালপোৱাক সাক্ষী কৰি তাই তাৰ ওচৰলৈ গুচি আহিব চিৰদিনৰ বাবে। সিয়ো তাঁহাতৰ প্ৰেমক সন্মান জনাই তাইক সিঁহতৰ ঘৰলৈ লৈ আহিব বুলি কথা দিলে। এটা নিদিষ্ট দিনত এক নিদিষ্ট ঠাইক তাইক তাৰ বাবে আপেক্ষা কৰি থাকিব কলে সি তাৰ বাবে।
    কিন্তু, সেইদিনাই তাৰ জীৱনত আউল লাগিল। হৰ্থাতে তাৰ দেউতাকৰ গা বেয়া হলত ততাতৈয়াকৈ হস্পিতালত ভৰ্ত্তি কৰাব লগীয়া হ'ল। ডাক্তৰে কলে এটা জৰুৰী অপাৰেচন কৰাব লাগিব। পইচা লাগে। তাৰ হাতত থকা পইচা কেইটা গণি চালে। নহব এইকেইটায়। একমাত্ৰ ঘৰৰ সম্বল মাটিকেইডৰা ও চাগে এইবাৰ বন্ধকত দিব লাগিব দেউতাকৰ চিকিৎসাৰ বাবে।
    তাৰ বন্ধু পাৰ্থ আহি ওলালহি তাৰ ওচৰত। সি তাক সোৱঁৰাই দিলে যে আজি নয়নাক সি আনিব যোৱাৰ কথা আছে। কিন্তু সি কেনেকৈ আনিব এতিয়া তাইক। সি পাৰ্থক তাইক কবলৈ কলে যে আজি সি তাইৰ ওচৰত যাব নোৱাৰে। কেইদিনমান ৰব লাগিব তাই তাৰ বাবে। আৰু যদি তাই তাৰ বাবে ৰব নোৱাৰে তেনেহলে যি মন যায় কৰিব পাৰে। তাক ইচ্ছা কৰিলে পাহৰি যাবও পাৰে।

    আজি এই হৰ্থাতে নয়নাক দেখি কথাবোৰ মনত পৰাত নীলমৰ চকুহাল সেমেকি উঠিল। হস্পিতালত উপস্থিত হৈ এইমাত্ৰ কিনি অনা দৰৱ কেইটা নাৰ্ছ জনীৰ হাতত দিলে সি। মনে মনে ভগৱানক প্ৰাৰ্থনা জনালে দেউতাক যেন সোনকালে সুস্থ হৈ উঠে। আজি খন্তেকৰ বাবে হলেও সি নয়নাক দেখি দুখত তাৰ বুকুখন মোচৰ খাই উঠিছিল যদিও সি তাইৰ মুখত ফুতি উঠা ভাৱ দেখি থিকেই বুজিব পাৰিছিল যে এতিয়া তাইৰ ওচৰত আছে তাৰ বাবে আছে কেৱল ঘৃণা আৰু আক্ৰোশ। কিন্তু সি যে কিমান অসহায় তাই জানো বুজিব পাৰিব! তাৰ মাথো চিঞঁৰি চিঞঁৰি কব মন গ'ল- "মই বিশ্বাসঘাটক নহয় নয়না। "
                                                    সমাপ্ত

No comments:

Post a Comment