আগকথা

অসমীয়া সাহিত্যপ্ৰেমী ৰাইজ, নমস্কাৰ লব। অসমীয়াগল্প ব্লগস্পত ডট কমত অসমীয়া গল্প, কবিতা, প্ৰৱন্ধৰ পঢ়াৰ উপৰিও অসমৰ সাধাৰণ জ্ঞানৰ বিষয়েও জনাৰ সুবিধা পাব। ইয়াত প্ৰকাশৰ বাবে আপোনাৰ নিজে লিখা গল্পটো আৰু কবিতাটো পঠাব পাৰে মনত ৰাখিব আপোনি পঠাৱাৰ গল্পটো বা কবিতাটো আগতে কতো প্ৰকাশ হব নালাগিব। ইয়াত প্ৰকাশ হোৱা গল্প আৰু কবিতা কোনোৱে বিনা অনুমতিত অন্য ঠাইত বা আলোচনীত প্ৰকাশৰ বাবে নিব নোৱাৰিব। শেষত আপোনালোকলৈ ধন্যবাদ আৰু আপোনালোকৰ মৰমে যাতে এই ব্লগতো অধিক জনপ্ৰিয় দিশলৈ লৈ যায় তাৰ কামনাৰে।

Thursday, 5 January 2017

ভালপোৱা



কি বুলি আৰম্ভ কৰিব বাৰু মনিকাই কাইলৈ যেতিয়া চম্পক আহিব,ইমান দিনৰ মূৰত সি বাৰু তাইক আগৰ নিচিনাই চকুলে চাই কথা কব পাৰিবনে?নে তাইক ২০ বছৰৰ ব্যৱধানৰ অন্তত চিনিইয়ে নাপাব,অলপ পৰ হয়তো সি থৰ লাগিব তাইৰ মেদবহুল শৰীৰটো দেখি।এই২০ বছৰতেই তাই সঁচাকেই বহুত খিনি শকত হৈ গ’ল।কলেজ,ইউনিভাৰচিতিত পঢ়ি থকা সময়ত প্রতিদিনে যে তাই ৰাতিপুৱা ব্যায়াম কৰি সকলোকে কই  মই কেতিয়াও শকত নহওঁ ,সদাই এনেকে থাকিম সঁচাকেউ তাইৰ শৰীৰটো আছিল খুবেই কমনীয়,চম্পককো তাই কৈছিল যিমান শকত হ’বা সিমান বেমাৰে পাব,আৰু যে কিমান কি নকৈছিল তাই,মনত আছেনে বাৰু সেই বোৰ কথা চম্পকৰ সি চাগে এতিয়াও তেনেকুৱাই হৈ আছে,তাইৰ কথামতে সিও শৰীৰটোৰ খুউব যত্ন লৈছিল।মনতে চম্পকৰ এখন কাল্পনিক মুখে তাইৰ উঁঠ যুৰিলৈ হাঁহিৰ ৰেখ এটা নমাই আনিলে।
মনি ক’ত আছা চাহ একাপ দিয়া,বিৰাত ভাগৰ লাগিছে ,ভাৱনাত বিভোৰ হৈ থাকোতেই ৰজত আহি ওলাল,উহ্ তাইতো আজি চিৰা তিয়াবলেও পাহৰিলে,যি টি কথা ভাবি থাকোতে সময়  বোৰ ফতককই গুছি যায়, নিজৰ ওপৰতে খং উঠিল তাইৰ,ততাতৈয়াকই তাই চিৰা খিনি ধুই গৰম পানীত কোমল হ’বলৈ  দি চাহৰ চচপেনতো পাতি দিলে,ৰজতৰ লগত ২০ বছৰৰ আগে মনিকাৰ বিয়া ঘৰৰ সন্মতিত হৈছিল,কিন্তু তাই তাইৰ মনটো চম্পকৰ স’তে তাৰো পাঁচ বছৰৰ আগতেই বান্ধি থৈছিল,হায়াৰ চেকেন্দাৰী পঢ়ি থকাৰ পৰাই দুয়োতাৰ মাজত প্রেমৰ সুত্রপাত হৈছিল আৰু উনিভাৰচিতিত পঢ়ি থকাৰ শেষৰ দিনালইকে দুয়োটাই যে কিমান কি নাভাবিছিল কিমান যে সপোন দেখিছিল দুয়োতাই,কিন্তু তেনেকুৱাতে বিয়াৰ কথা ওলাইছিল মনিকাৰ ঘৰত আৰু মাকে তাইৰ আৰু চম্পকৰ কথা জানিও ভাল আভ্যবন্ত ঘৰৰ পৰা বিয়াৰ প্রস্তাব অহাৰ বাবে তাইক  চম্পকৰ কথা পাহৰিবলৈ সঁকীয়াই দিছিল।কাৰণ তেতিয়া তাৰ হাতত বিয়া এখন পাতিব পৰাকে এঁকো চাকৰিও নাছিল আৰু ভাল চাকৰি এটা পাবলৈযে কিমান দিন লাগিব সেইয়া মাকে ভালকৈয়ে অনুধাৱন কৰিব পাৰিছিল।কাৰণ এগাৰাকী মাকে সদায় নিজৰ ল’ৰা ছোবালীৰ ভাল  হোৱাটোৱে বিচাৰে,ৰজতে তেতিয়া নতুনকৈ বিচিপিএলত অভিযন্তা হিচাপে যোগদান কৰিছিল,আৰু মনিকাহঁতৰ ঘৰখন যিহেতু উনিভাৰচিতিখনৰ ওচৰতে সেয়ে ঘৰৰ পৰাও প্রস্তাৱটো নাকচ কৰাৰ কোনো যুক্তি নাছিল,মনিকা উপাইহীন হৈ পৰিছিল তেতিয়া,ভৱাই নাছিল তাই ঘৰত যে বিয়াৰ কাৰণে কোনোবা আহিলেই বিয়া ঠিকেই হৈ পৰিব বুলি,উচ্চ ৰক্ত চাঁপত ভুগি থকা দেউতাকক ক’বলেও সাহ নাছিল তাইৰ ক’বনো কি সেই সময়ত যে চম্পকৰ ডিগ্রী কেইটাৰ বাদে একো এটা নাছিল । এখন দিঘলীয়া চিঠিৰেই তাই ক্ষমা বিছাৰিছিল চম্পকৰ পৰা আৰু তাৰ দুমাহৰ পিছতে তাই হৈ পৰিছিল ৰজত দত্তৰ পত্নী মনিকা দত্ত।
চাহ কাপ আৰু চিৰা বাতি ৰজতৰ কাৰণে দি তাই চাউচাউ খিনি বনোবাত লাগিল।পুতেক গুঞ্জন ক’চিং ক্লাচৰ পৰা আহি পাবৰে হ’ল,পুৰণি কথাবোৰত ডুব গই থাকোতে তাইৰ বহুত সময় পাৰ হৈ গ’ল।এতিয়া আৰু সেই সময় নাই চম্পকৰ কথা ভাবি সময় পাৰ কৰিবলৈ, ১৮ বছৰীয়া ল’ৰাৰ মাক এতিয়া তাই,পিছে গুঞ্জনৰ পৰাই তাই পাইছিল চম্পকৰ খবৰ । সি পঢ়া কলেজ খনৰ কেমিস্ত্রীৰ প্রবক্তা চম্পক,কলেজ আলোচনীৰ পাত লুতিওৱাত হে এদিন মনিকাই এটা লেখনিত নাম আৰু ফটো দেখি গুঞ্জনক শুধিছিল চম্পকর কথা।  মা তোমাৰ লগত পঢ়িছিল নি চম্পক চাৰ বহুত ভাল বুজাই জানা একদম কনচেপ্ত ক্লিয়াৰ হৈ যায়,গুঞ্জনর কথাত বুকুখন ফুলি উঠিছিল সেইদিনা তাইৰ, যি নহলেও তাইৰ প্রেমিক আছিল চম্পক আৰু সেইদিনাৰেপৰা তাইৰ মনটো কিবা এটা অস্থিৰতাই চঞ্চল কৰি তুলিছিল। নিজৰ মুখ খন,গাটো যে কিমান বাৰ আইনাখনত চাইছিল তাই,খুউব খং উঠে তাইৰ মেদবহুল শৰীৰটোৰ প্রতি,বিয়াৰ পিছৰে পৰা তাই নিজৰ মুখ খন,পেত টোৰ প্রতি অলপো যত্ন নলৈছিল কাৰণ যিজনে ভাল দেখিছিল তেঁওটো এতিয়া তাইক নাচাই,বাদ দিছিল তাই আগৰ দৰে আসন কৰিবলৈ,শৰীৰটোৰ প্রতি নজৰ দিবলৈ,আৰু তাই বয়সতকৈ সঁচাকৈয়ে বেছি বুঢ়ী নিছিনা হৈ পরিছিল,ৰজতৰ সেইবোৰৰ প্রতি ভ্রুক্ষেপ নাই,মাত্র সি ৰাতি বিচাৰে তাইক,তাইৰ শৰীৰটোক,কিন্তু আজি ২০ বছৰৰ মূরত তাই আকৌ নিজকে ধুনীয়া কৰিবৰ চেস্টা কৰিছে,ৰাতিপুয়া ঠান্ডা পৰিবেশত দুটামান আসন কৰিবলৈ লৈছে,দিনটো কোনো নাথাকোতে অকলেই গৈ পাৰলারত গৈ ফেচিয়েল করাই আহিছে,কৰবাত গ’লেও ইফালে সিফালে চাই যায় মণিকাই কিজানি দেখেই চম্পকক যিহেতু একেখন নগৰতে থাকে,ভাল লাগি যায় তাইৰ মনটো...... কিন্তু পিছ মুহুরততে তাইৰ মুখৰ পৰা এটা হুমুনিয়াহ ওলাই যায়,চম্পক তাইৰ অতীত হে ,আগৰ কথাবোৰটো সাধুৰ দৰে এতিয়া বুৰঞ্জী। তাই যেনেকৈ ৰজতৰ পত্নী, সিও কাৰোবাৰ স্বামী,সিহঁত প্রেমিক প্রেমিকা আছিল হে এতিয়াটো একো নহয়,চিনেমাৰ দৰে যদি সকলো ঠিক হৈ যোৱা হ’লে ! স্বগতুক্তি কৰে তাই।
গুঞ্জনৰ গৰম বন্ধৰ দিয়াৰ আগদিনা সি মাকক কৈছিল বন্ধতে চম্পক চাৰ সিহতর ঘর অহার কথা,সি এদিন কিবা শুধিবলৈ যাওঁতে কমন ৰুমত অকলে থকাৰ কাৰণে সি কৈছিল বোলে চাৰ আমাৰ মায়ে আপোনাক চিনি পাই, একেলগে পঢ়িছিল বোলে এম এচ ছি লৈকে মাৰ নাম মনিকা দত্ত।খুউব আগ্রহেৰে বোলে চাৰে সেইদিনা তাৰ লগত কথা পাতি তাৰ চকুকিটালৈ চাই আছিল গুঞ্জনে আহিয়েই মাকক কৈছিল ,কিবা যেন বিদ্যুত প্রবাহ হে বৈ গৈছিল হঠাতে মনিকাৰ দেহৰ মাজেৰে,চম্পক আহিব তাইৰ ঘৰলৈ...... তাই কি খুৱাব তাক সি ভালপোৱা দোচা নে লুচি আলুভাজি নে.........দুখত বিব্রত হই গৈছিল নে সুখত আত্মহাৰা হৈ পৰিছিল তাই নিজেই বুজা নাছিল সেইদিনা তাইৰ মনৰ অবস্থাটোৰ কথা,কান্দিবলেও তাইৰ মন যোৱা নাছিল।পৰিস্থিতিৰ দাস হৈ তাই যে ৰজতৰ লগত সেই ২০ বছৰৰ আগতে নতুন জীৱনৰ পাতনি মেলিবলগা হ’ল সেয়া তাই এতিয়াও তাক বুজাম বুলি ভাবে। ইমান বছৰৰ মূৰত আকৌ দেখিব তাই তাক আরু সি তাইক,কি প্রতিক্রিয়া কৰিব বারু সি......,অভিমানত তাইক ভালকৈ নামাতে যদি... আকৌ তাই ভাবে অভিমান নো কিয়  কৰিব সিওতো এতিয়া কাৰোবাৰ স্বামী,মোবাইল ফ’ন যদি তেতিয়াৰ দিনতো থাকিলহ’লে হয়তু অভিমানর প্রাচীৰ খন তেতিয়াই ভাঙ্গি গ’লহেতেন।,এতিয়াও মনত আছে তাইৰ দিস্তা কাগজৰ দুখন পৃস্থাৰ চাৰিওখন পিঠিতে তাই তালৈ লিখিছিল অসহায় সময়বোৰৰ কথা,কিমান যে চকুপানীৰ টোপালে আখৰবোৰৰ আক্রৃতি বিকৃত কৰি তুলিছিল সেইদিনা। মনত পৰিলে এতিয়াও তাইৰ খুব কস্ট হয় বাস্তবক গ্রহণ কৰিবলৈ। মাক বাপেকৰ অমান্তি হৈ তাইৰ একো কৰিবলৈ সাহস নাছিল সেই সময়ত,ৰজতৰ সৈতে বিয়া হৈ আহি তাই ভাবি পোৱা নাছিল কেনেকৈ তাই গ্রহণ কৰিব নতুন মানুহজনক স্বামী হিচাপে,বিচনাৰ এটা মুৰত চেপেতা লাগি পৰি ৰৈছিল তাই ভয়ত,দুখত আরু যন্ত্রণাত। যেতিয়া সি তাইৰ ওখ চাপৰবোৰত নিজৰ আধিপত্য বহন কৰিব বিচাৰিছিল তাইর উঠত উঠ গুজিব বিছারিছিল তাইর এনেকুওা লাগিছিল যেন তাই তেতিয়াই বিচনার উঠি পলাই যাব ৰজতৰ বাহুবন্ধনর পরা মুক্ত হৈ! কিন্তু একো করিব পরা নাছিল তাই, নিজর অজ্ঞাতে তাইর শরীরর পরা এপদ দুপদকৈ আটাইবোর কাপোরেই সোলোকাই দিছিল রজতে,ৰজতে তাইক চুওঁতে তাই চম্পকক অনুভব কৰিছিল আৰু এদিন গোতেই শৰীৰটোৱে তাই তাক সঁপি দিছিল তাইৰ অজানিতে,গাৰু তিতি গৈছিল মনিকাৰ সেইদিনা বহুত কিবা হেৰুৱাৰ বেদনাত,তেনেকৈয়ে পাৰ হৈছিল সময় এদিন দুদিনকৈ আৰু মনিকা ৰজতৰ জীবনলৈ আহিছিল গুঞ্জন,গুঞ্জন জন্ম হোৱাৰ পিছত হে মনিকাৰ হেৰাই যোৱা হাঁহিটো প্রস্ফুতিত হৈ পৰিছিল তাইৰ উঁঠ,চকু,মুখত। পাহৰিবলৈ চেস্টা কৰিছিল তাই ইতিহাসে গৰকা তাইৰ অসফল প্রেমর কাহিনী।দিনটো ব্যস্ত হৈ পৰিছিল গুঞ্জনৰ লগত আৰু ৰাতি ৰজতৰ লগত। ইমান দিনেতো ঠিকেই আছিল সকলো, ভগবানে আকৌ তেন্তে কিয় শুকাবলৈ ধৰা ঘাঁ টুকুৰা খজুৱাই তেজ উলিয়াবলৈ বিচাৰিছে,কিয় মনত নেপেলাও বুলি ভাবিলেও বাৰে বাৰে অহা হৈছে তাইৰ মনলৈ কলেজৰ দিনবোৰৰ কথা,ইউনিভাৰচিতিত নাহৰৰ তলে তলে খোজ কঢ়া যৌৱনময় ৰাস্তাটোৰ কথা।তাইতো পাহৰিয়ে গৈছিল নাহৰৰ গুন্ধ,চিপচিপিয়া বৰষুণত তিতাৰ আমেজ,কিয় আকৌ সেইবোৰে তাইক খেদি আহিছে,তাই যেন পাগল হৈ যাব এইবোৰ ভাবি ভাবি ......।
অবশেষত সেই বিশেষ দিনটো আহিল,গুঞ্জনৰ চম্পক চাৰ ওৰফে মনিকাৰ প্রাক্তন প্রেমিক ২০ বছৰৰ পিছত প্রথমবাৰ আহিব লগীয়া দিনটো আহিল,অন্য দিনাতকৈ অলপ সোনকালে উঠিল তাই,আগদিনা চাফা কৰি থোৱা ফুলদানি কেইটা আকৌ জোকাৰি জোকাৰি চাফা কৰিলে,সজীৱ ফুল দুপাহ মানো তাই আনি কাঁচৰ পাত্রটোত পানি এখিনি দি ধুনীয়াকৈ সজালে, তাইৰ এই বয়সতো মনটো আজি অলপ চঞ্চল মনা হৈ পৰিছে,ৰজতকো তাই আজি অফিচৰ পৰা সোনকালে আহিব কৈ দিছে,কাৰণ তাই বিচৰা নাই  চম্পক আৰু তাৰ পত্নীৰ সন্মুখত অকলে ওলাবলৈ,তাইৰ মনলৈ বাৰু কিবা ঈর্ষাৰ ভাৱ আহিছে নি কিজানি চম্পকর পত্নী খুউব ধুনীয়া হ’ব বুলি ভাৱি...।নাই মুকলি কৰিব চেস্টা কৰিলে তাই মনটো। আজি তাই দোচা নবনাই,লুচিও নবনাই কাৰণ সেইবোৰ হয়তো তাৰ পত্নীৰ প্রিয় নহবও পাৰে,এটা চকলেত কে’ক বনালে তাই আইচিং কৰি,মচমচিয়াকই পুৰ পিঠা বনালে,চানা আছিল তাৰে বনালে তাই ৰসগুল্লা কেইটামান।আৰু নিমকি ভুজিয়া আছেই,ৰজতক আঁহোতে পানীৰ আৰু পাঠাৰ মাংস লৈ আনিব ক’লে মুৱা মাছ আছে, তাই চৰচৰী বনাব,খোৱাৰ লিস্ত খন মনতে জুকিয়াই মনিকাই কাস্তাৰদ খিনি পাতি দিলে,নহলে বৰ সময় লাগে ঠাণ্ডা হবলৈ,চম্পকৰ অসমীয়া খাদ্য খুউব প্রিয় । তাতে টেঙ্গা জাতীয় শাক পাত আৰু ভাল পাই সি,মনিকাই জানে কিন্তু তাই আজি সেইবোৰ থাকিলেও নবনাই কাৰণ তাৰ পত্নীৰ সেইবোৰ প্রিয় নহবউ পাৰে,তাই শুনিব বিচৰা নাই বাহ্ মনি বিৰাট ভাল লাগিছে,সঁচাকই তোমাৰ হাতত যাদু আছে । কব জানো সি এতিয়াও তেনেকৈ,কিন্তু যদি কয় তাইতো সহজ হব নোৱা্ৰিব তাৰ পত্নীৰ আগত,  তাই সেয়ে নবনাইয়ে সি ভালপোৱা খাদ্য। নিজকে সুধিলে তাই হয় জানো তাই মাত্র চম্পকর পত্নীর অপ্রিয় হব ভাবিয়ে বনোওা নাই নে তাঁর প্রতি থকা অভিমানর কারণে? অর্থহীন যদিও স্বাভাবিকতে এনুকুৱা পৰিস্থিতিত আহিবলগীয়া কিছুমান অবান্তৰ কথাই তাইক ব্যতিব্যস্ত কৰি তুলিলে,ভাবিও আছে,কৰিও আছে তাই,ৰজত আৰু গুঞ্জনো আহি পালেহি,তাই বিধে বিধে বস্তুবোৰ বনাই হতকেচত থৈ দিছে, ।টিং টং...উচপ খাই উঠিল মনিকা,মানে আলহি পালেহি,উহ কাম কৰি থাকোতে তাই নিজক চাবলেই পাহৰি গৈছিল,খৰধৰকৈ গৈ তাই পিন্ধি থকা শাৰী খন ঠিক কৰি চুলিকুছা ফণিয়াই ললে,ৰঙ্গা ফোটটো অলপ উজ্জল কৈ লৈ সেন্দুৰখিনিও অলপ দীঘলকৈ লৈ ল’লে,চম্পকৰ পত্নী চাগে খুউব ধুনীয়া,তাতে সি আগতে তাইক যেনেকৈ খীন হৈ থকিব কৈছিল তাইকো চাগে কয়, টিং টং টিং টং ......বুকুখনৰ ধপধপনিটো আগতকৈ বাঢ়িছে তাইৰ যিমানে দৰজা খনৰ উচৰ চাপিছে,লাহেকৈ দৰজাখন খুলিলে তাই । কিন্তু এয়া কি...ওখ,শকত, চশমা পৰিহিত মানুহজনক তাইৰ চম্পক বুলি ভাবিবলৈ কস্ট হ’ল, অচিনাকী মানুহর দরেই তাই আহক বহক বুলি সম্ভাষণ জনালে তাইর এসময়র প্রেমিকক ,ৰজত আৰু গুঞ্জনু আহি ড্রয়িং ৰুমতে বহিল, মনিকাই চৰবতর ট্রেখন লৈ চম্পকলৈ আগুওাই দিলে। ভালনে বুলিয়ে আৰম্ভ কৰি ৰজতক তায়ে চিনাকি কৰাই দিলে এসময়র সহপাঠী আরু বর্তমান পুতেক গুঞ্জনর শিক্ষক হিচাপে। বেছিকৈ কথা নপতা ৰজতক আজি বহুত কথা পতা দেখিলে মনিকাই ।এনেকৈ পাতিছে যেন তেঁওৰ হে লগৰ,ভাল লাগিল মনিকাৰ অন্তত নীৰব পৰিবেশ বোৰে হুৰুঙা নপাব তাই ভবাৰ দৰে, কথাৰ মাজতে তাই চাহৰ যোগাৰ কৰিলে,তাইৰ হাতত চম্পকে দিয়া টোপোলাটো তাই ভিতৰত আহি খুলিলে,বিকাজীৰ কুছ কুছ চানা পেকে্ট এটা,তাইৰ যিটো এসময়ত খুব প্রিয় আছিল,কালাকান্দৰ ডাঙৰ টোপোলা এটা,আৰু পেটিছ,গোটেইবোৰ চোন তাইৰ প্রিয় বস্তু,আগতে তাই তাক কয়, “কালাকান্দ খাবা একদম গাখীৰতে বনোৱা ,সেইটোর  সমান পিউর মিঠাই ক’তো নোপোৱা,”চম্পকে ইমান পাহৰা নাইনে এইবোৰ কথা...,কিন্তু ক’তা তাৰ পত্নী চোন নাহিল, সিয়ে চাগে নানিলে, কিজানি কথাই কথাই কিবা ভু পাই... তেতিয়াতো পৰিবেশটো বেলেগ হৈ যাব মনতে কথাবোর ভাবিলে তাই, চাহর কাপ প্লেটযোর ধুনীয়াকৈ ট্রে  খনত সজাই ডাইনিং টেবুলত থৈ মাতিব খুজিও রৈ গল,কি বুলি মাতিব তাই,চম্পক নে চার নে...বিনা সম্বোধনেরেই তাই আহক চাহ দিছো বুলি ভিতৰর ডাইনিং রুমলৈ চম্পকক মাতি আনিলে,ৰজতে আগবহাই আনি গা ধোৱা ঘৰত সোমাল,মনিকাই ভালে পালে খোলাকে তেও কথা এষাৰ পাতিব পাৰিব বুলি ভাৱি। কঁপা কঁপা মাতেৰেই সুধিলে তাই ইফালে সিফালে চাই, “ভাল নে তোমাৰ? ......গুঞ্জনৰ পৰাহে পালো তোমাৰ খবৰ তোমাৰ পত্নীক কিয় নানিলাচোন,একেলগে এসাজ খালো হলে সবেই”,খুব খৰধৰকই তাই কথা খিনি কৈ শেষ কৰি উত্তৰলৈ বাট নাচাই  পাকঘৰলৈ গ’ল,কথাখিনি কঁওতে তাই মন কৰিলে চম্পকে তাইৰ মুখলৈকে চাই আছিল,হঠাৎ চকুৱে চকুৱে পৰাত খুব কিবা লাগিল মনিকাৰ,বিচাৰিবলৈ চেস্টা নকৰিলে তাই সেই চকুহালত ডেকা ল’ৰামতীয়া চম্পকক,মনিকাৰ একো কথাৰ উত্তৰ দিয়াৰ প্রয়োজনবোধ নকৰিলে চম্পকে,চাহ কাপত চুমুক দি মাত্র কলে, “একে আছে সোৱাদ মনিকা,ভাল বনাইছা”,পাকঘৰৰ পৰা তাই শুনি আছে কিন্তু কি ক’ব তাই চাহ বাদ দি আৰু একো বস্তুতে যে সি আগৰ সোৱাদ নাপাব! কাৰণ তাই বনোৱাই নাই সি আগতে তাইৰ হাতেৰে খাই জুতি পোৱা বস্তুবোৰ। খং উঠিল মনিকাৰ তাই শুধা প্রশ্নৰ যথোচিত উত্তৰ নাপাই,তাতে রজতো আহি পোওাহি নাই গা ধু বুলি কৈ। গুঞ্জনেও গৈ নিজর রুমত সোমাই আছে,কিয় আজি ভগবানে তাইক সুযোগ দিছে নি চম্পকর ওচরত ক্ষমা খুজিবলৈ ?কিন্তু তাই চম্পকক যেনেকুৱাকে কল্পনা কৰিছিল সি চোন সম্পুর্ণ বেলেগ হৈ দেখা দিলে তাইক,মানে তাই ভবাৰ দৰে সি খীন হই থকা নাই,পেটত চর্বী জমা হৈ গম পোৱা গৈছে তাৰ বয়সৰ কথা, এনেতে গা ধোওা ঘরর পরা রজতো ওলাই আহিল আরু ডাইনিং টেবুলতে কথা পাতিবলৈ ল’লে দুইজনে,কিন্তু সচাকৈয়ে যেন বিধাতাই আজি মনিকাক সুযোগহে দিছে তার ওচরত ক্ষমা মাগিবলৈ হঠাতে অহা এটা ফোনক’লে ৰজতক অফিচলৈ মাতি পঠালে,রজত যাব লগা হল ভাত নোখোওাকৈয়ে,এতিয়া কি কৰিব মনিকাই,ভালে পালে মনিকাই অন্তত এনেকুৱা পৰিবেশত ইতস্তত কৰিবলৈ কোনো তৃতীয় ব্যক্তি নাই,এইবার আহি তাই তাৰ মুখৰ আগৰ চকীখনতে বহি পৰিল,উজ্জ্বল লিপস্তিক ,সেন্দুৰ ফুট লৈ তাই আজি ধুনীয়া হৈ আছে,কাৰণ তাই ভাবি আছিল চম্পকৰ সৈতে তাৰ ধুনীয়া পত্নীগৰাকীয়ো আহিব,সেয়ে তাইও ধুনীয়া হৈ আছিল,তাই সুধিলে আকৌ তাক “কিয় নানিলা তাইক? ভাবিছিলো আজিয়ে দেখিম, ইউনিভাৰচিতি এৰাৰ পিচৰে পৰা  তোমাৰ একো খবৰ পোৱা নাছিলো,এতিয়া আৰু আগৰ কথা বোৰ নুলিয়াও ,যি হ’ল হ’ল,সকলোতো ভগবানৰ ইচ্ছা, তুমি যে একদম সলনি হই গলা,”এইবাৰ তাই হাঁহি হাহি কলে, “তুমি তো ইমান শকত হৈ যাবা বুলি মই ভবাই নাছিলো,আগতে চোন খুব যত্ন লৈছিলা,” তাই সহজ হ’বৰ চেস্টা কৰিলে,কাৰণ ভিতৰত গুঞ্জন আছে, কথাখিনি একেলগে কৈ তাই চম্পকৰ মুখলৈ চালে উত্তৰৰ অপেক্ষাত,কিন্তু তেতিয়াও চম্পক নীৰব,সি যেন বিচাৰিয়েই পোৱা নাই কথাবোৰৰ আঁত,কেইটামান নীরব মুহূর্ত তেনেকৈয়ে পাৰ হৈ গল ,মনিকাই উঠি গৈ এইবাৰ পাকঘৰৰ পিনে খোজ ল’লে,হঠাতে চম্পকে তাইক মাতিলে,  “মনি,তুমি কিন্তু বহুত সলনি হৈ গ’লা,ময়োতো তোমাক আগৰ মেদহীন মনি জনীকে কল্পনা কৰি আছিলো,ভাল লাগিল তোমাৰ সুখৰ সংসাৰ দেখি,গুঞ্জন তোমাৰ ল’ৰা বুলি জনা দিনাৰেপৰা তাৰ চকুত তোমাৰ চকুহালি বিচারি ফুরিছিলো, বহুত মন গৈ আছিল তোমালোকক চাবলৈ কিমান যে দিন হ’ল” সি কৃত্রিম হাহি এটা মারি সহজ হবলৈ চেস্টা কৰি আকৌ আরম্ভ করিলে, “তো্মাক মনি বুলি মাতিব মন গৈছিল সেয়ে মাতিলো এবাৰ,আৰু তুমি যে ইমানকৈ পত্নী পত্নী কৈ আছা,মইতো এতিয়াও অবিবাহিত,নহ’লে এনেকৈ বুঢ়া হৈ যাঁওনে চর্বীবহুল দেহটো লৈ,তেতিয়াৰ দিনৰ কথা বেলেগ আছিল,মন গৈছিল সদায় যেন প্রানচঞ্চল ডেকাটোৱে হৈ থাকো,কিন্তু তোমাৰ বিয়াৰ পিছৰে পৰা নিজৰ প্রতিও অনীহা জন্মিল,কি বুলি কাক দেখাবলৈ নো হৃস্ত পুস্ত হৈ থাকো যদি কাষত তুমিয়ে নাই......এটা হুমুনিয়াহ কাঢ়ি চম্পকে কৈ গল “মোর কলেজৰ চাকৰিতো পাইছো তোমাৰ বিয়াৰ পাঁচ বছৰৰ পিছত,তেতিয়ালৈকে তোমাক এনেও ঘৰত নথ’লে হ’লে,বৰ ভাল লাগিছে আজি তোমাক ,তোমাৰ সন্তানক আৰু তোমাৰ ছাঁৰ দৰে থকা স্বামীক দেখি,বাৰু বাদ দিয়া সেইবোর যি হলেও মই তোমাৰ প্রিয় মিঠাইকেইবিধ আনিছো দেখিছা্‌” বুলি চম্পকে কথার মুখনি মারিব খুজিলে...।পাকঘৰৰ পৰাই সকলো শুনি থকা মনিকাৰ আৰু শুনাৰ শক্তি নাইকিয়া হৈ গ’ল,তাই বুজিলে তাইও যেনেকে নিজৰ যত্ন নোলোৱা্কৈ বুঢ়ী হৈ গৈছে সিও একেটা কাৰণতে বুঢ়া হ’ল। সকলো স্পস্ট হৈ গ’ল তাইৰ চকুত এতিয়া ।তাই ভবার দরে অভিমান ঠেহ পেচ ঈর্ষা এইবোর কেতিয়াবাই মিলি গৈছে বতাহত ধূলিকণা হৈ। নাহৰ গছবোৰৰ মাজে মাজে এতিয়াও তেন্তে ভালপোৱাৰ বতাহজাক বলি আছে । হতকেচ বোৰ এটা এটা কৈ চাই তাই তাতে বহি পৰিল মূক হৈ, কাৰণ তাৰ এটাতো চম্পকৰ প্রিয় বস্তু বোৰ নাছিল ।



                                                            জুৰি গগৈ, উদ্ভিদ বিজ্ঞান বিভাগ
                        কটন কলেজ স্টেত ইউনিভাৰচিতি





                                                           

কলিকতালৈ গৈছিলো





১৬ অক্টোবৰ ২০০৩ চন, আমাৰ কাকজান মহাবিদ্যালয়ৰ পৰা শিক্ষা বিভাগৰ ছাত্ৰ-ছাত্ৰী সকলে এছকাৰচনত কলিকতা ফুৰি আহিবলৈ পৰিকল্পনা এটা কৰিলে । মই সেই বছৰ তেতিয়া কলেজত বি, এ, প্ৰথম বৰ্ষত এডমিছন লৈছোহে । মোৰ ফুৰাত আৰু নতুন ঠাই চাবলৈ যোৱাত সৰুৱে পৰা বহুত আগ্ৰহ , গতিকে মই এই সুবিধা পাওতে এৰি দিব নিবিছাৰিলো । প্ৰথম পৰিকল্পনা কৰোতে বহুতে ফুৰিবলৈ যাবলৈ আগ্ৰহ দেখোৱাইছিল যদিও শেষত আমি ছাত্ৰ-ছাত্ৰী দহ জন আৰু শিক্ষক-শিক্ষয়ত্ৰী পাছ গৰাকী মুঠতে পোন্ধৰজন যাবলৈ ঠিৰাং হল । তাৰে ছাত্ৰ-ছাত্ৰীৰ ভিতৰত আমি মুঠতে দুজনহে লৰা, বাকী আঠগৰাকী ছোৱালী, যিহেতু শিক্ষাবিভাগত লৰাই খুৱ কমেহে বাছনি কৰে । ছাত্ৰ-ছাত্ৰীৰ ভিতৰত মই, ঊগ্ৰসেন, মণিষা, শিষা, সংগীতা, গীতিমা, মেৰী, ৰশ্মি। শিক্ষক শিক্ষয়ত্ৰীৰ ভিতৰত ৰুহিত চাৰ, মাধৱ চাৰ, ৰেণু বাইদেঊ, বিজয়লক্ষ্মী বাইদেঊ আৰু ৰুহিত চাৰৰ পত্নী আৰু তেও৺লোকৰ লৰা-ছোৱালী হাল।
আবেলী পাচবজাত আমি সকলোৱে সেইদিনা কাকজান কলেজৰ সন্মুখত গোট খালো, তাৰ পৰা এখন বাছত আমি সাত বজাত গৈ মৰিয়নি পালোগৈ। ৰুহিত চাৰে আমাক সকলোকে মৰিয়নিৰ এখন হোতেলত ভাত খাবলৈ লৈ গল। ভত খাই ঊঠিয়ে আমি সকলোৱে মৰিয়নিৰ প্লেটফৰ্মত ট্ৰেইনৰ বাবে আপেক্ষা কৰি ললো। মই আগতে ট্ৰেইনত কতো গৈ পোৱা নাই, তাতে আজি অসমৰ বাহিৰলৈ যোৱাৰ প্লেন, গতি মই বহুতো ঊত্তেজিত হৈ আছো। আমি লৰা-ছোৱালি বিলাকে এই বিষয় নিজৰ নিজৰ মন্তব্য দি কথা পাতি আছো। এনেদৰে থকোতে কেতিয়ানো ন বাজি গল গমকে নাপালো, চাৰে ন বজাত কামৰূপ এক্সপ্ৰেছ আহিল। চাৰৰ নিৰ্দেশত আমি সোনকালে ততাতৈয়াকৈ ট্ৰেইনত ঊঠিলো।
ট্ৰেইনখন লোহাৰ চিৰিৰ ওপৰত যায়, বহুত দীঘল হাই ঊৰুমি নহব চাগে গতিকে যাবলৈ আৰাম হব। প্ৰথম ঊঠাৰ পিছত যেতিয়া লাহে লাহে ষ্টাৰ্ট লৈছিল মই সেইবুলিয়ে ভাবিছিলো। কিন্তু মই ভবাৰ দৰে নহয়। লোহাৰ ওপৰত যোৱা ট্ৰেইনখনে ইমান কৰ্কশ শব্দ কৰি যাব বুলি মই ভবা নাছিলো। যিকি নহওক আমি সকলোৱে ট্ৰেইনত ঊঠাৰ পিছত নিজৰ নিজৰ ছিত সমূহ ভগাই ললো। মোৰ ভাগত পৰিল মাজৰ ছিত এটা। মোৰ ছিতৰ ওপৰত ঊগ্ৰসেন, মাজত মই আৰু তলত মাধৱ ছাৰ। এঘাৰৰ মান বজাত টেইনত দিয়া পেকেত ভাত খাই আমি ট্ৰেইনৰ ছিত কেইটা শুবলৈ খুলি ললো। ৰতি বহুত দেৰিকৈ টোপনি আহিল।
পুৱা পাচ বজাত টোপনিৰ পৰা সাৰ পাই দেখিলো আমি যোৱা টেইনখনে ইতিমধ্যে শৰাইঘাট দলং অতিক্ৰম কৰি ৰঙিয়াৰ অভিমুখে গতি কৰিছে। মই আগতেও গাৰীত গলে খিৰিকৰ কাষত বহি বাহিৰৰ দৃশ্যবিলাক চাই ঊপভোগ কৰি চাবলৈহে বেছি ভাল পাও। তাতে এতিয়া ট্ৰেইনখন কেতিয়াবা গা৺ৱৰ মাজে মাজে নাইবা খেতিপথাৰৰ মাজে মাজে আকৈা কেতিয়াবা জংগলৰ মাজে মাজে গৈছে, গতিকে মই এনেকুৱা দৃশ্যবিলাক নোচোৱাকৈ শুই যাব পাৰিমজানো। গতিকে মই ততাতৈয়াকৈ মুখ হাত ধুই ট্ৰেইনৰ কাষৰ চিত এটাত বহি চাহ একাপ লৈ ললো। ইতিমধ্যে বাকী বিলাকো শুই ঊঠি ফ্ৰেচ হৈ ললে। দিনৰ ভাত খোৱাৰ পিছত চাৰ-বাইদেঊ আমি আৰু আমাৰ দবাটোত থকা মানুহখিনিক লৈ এখন লটাৰী খেন খেনো বুলি সিন্ধান্ত ললো। সকলোৱেৰ সন্মতি সৈতে গাইপতি দহ টকাকৈ তুলি লৈ বস্তু কিনিলো আৰি খেল খেলালো। অধিক সংখ্যককেই সৰুকৈ হলেও এটাকৈ ঊপহাৰ পালে। মোৰ ভাগত পালো এদাল টুথব্ৰাছ। থিকে আছে,,এইডালেই আজি ৰাতিপুৱা মই অভাৱ অনুভৱ কৰিছিলো। এনেদৰে খেল ধেমালী কৰি দিনটোৰ আধাখিনি সময় পাৰ হৈ গল। ট্ৰেইখনে ইতিমধ্যে অসমৰ সীমা অতিক্ৰম কৰি বিহাৰত সুমাইছিল। দবাটোত থকা মানুহখিনিৰ লগতো চিনাকী হলো। তাৰ ভিতৰত কলিকতাৰে সুমিত নামৰ লৰা এজনৰ লগত আমাৰ বন্ধুত্ত্ব গঢি ঊঠিল। আমি তাৰ লগত শ্বায়েৰী, এন্টাৰ্কছৰী আদি খেলি থাকোতে দিনটোৰ বাকী সময় পাৰ হল।
যোৱা ৰাতি টোপনি কালিতকৈ ভাল হল কিয়নো দুদিন ট্ৰেইনত আহি আমি এডজাষ্ট হৈ গলো। পুৱা চাহ খোৱাৰ পিছতে শেষৰ চাৰে আমাক সাজু হবলৈ কলে যে কিছু সময়ৰ পিছতে আমি কলিকতাৰ হাওৰা ষ্টেচন পামহি। চাৰৰ কথামতে আমি সকলোৱে খৰ ধৰ কৰিলো। অনুমান কৰিলো এই যেন এতিয়াই ট্ৰেইনখন ষ্টেছনত সুমাব কিয়নো ট্ৰেইনখন টাঊন এলেকাত প্ৰবেশ কৰাৰ পিছৰে পৰা ইয়াৰ গতি কম হৈ গল। কিন্তু আমাৰ ট্ৰেইখন হাওৰা ষ্টেচনত সুমাওতে প্ৰায় চাৰেদহ বাজিল। ১০-৩০ বজাত কলিকতাৰ বিশাল হাওৰা ষ্টেচনত নামি মই অভিভূত হৈ পৰিলো। কেৱল মানুহ মানুহ আৰু মানুহ, ট্ৰেইনতো যে ইমানকৈ মানুহ একেলগে ঊঠা নমা কৰিব পাৰে মই ভবা নাছিলো। চাৰে আমাক বস্তু-বাহনিখিনি চাবলৈ কৈ কুলি আৰু টেক্সি বিচাৰি গল। হাওৰা ষ্টেচনৰ পৰা তিনিখন হালধীয়া ৰঙৰ টেক্সীত আহি আমি দুপৰীয়া ১২ বজাত অসম ভৱন পালোহি। অসম ভৱনত চাৰহতে কোঠা বুক কৰো মানে আমি কেইখনমান ফটো তুলিলো। কোঠা পোৱাৰ পিছত আমি সোনকালে ফ্ৰেছ হৈ ইয়াতে ভাত-পানী খাই ললো। ইতিমধ্যে আমাৰ লগত এজন চাংকাকতী ঊপাধীৰ মানুহৰ লগত চিনাকী হল আৰু তেৱে আমাক এইকেইদিন গাইদ কৰিব বুলি কলে। আজি ১৮-১০-২০০৩ তাৰিখে অসম ভৱনৰ পৰা ওলায়ে আমি প্ৰথম গলো ওচৰতে থকা ভিক্টোৰিয় মিমোৰিয়েল হল চাবলৈ। শুদ্ধ বগা পাথৰৰে নিৰ্মিত ভৱনটো আমি ঘুৰিপকি চালো আৰু কেইবাখনো ফটো তুলিলো।


ইয়াৰ পিছতে ৰবীন্দ্ৰ ভৱন, কালছাৰেল এছোছিয়েছন আৰু শেহত তাৰকাগৃহত সোমালো। মই আগতে গুৱাহাটীৰ তাৰকাগৃহতো সুমাইছো, ইয়াৰ তাৰকাগৃহত বৰ বেছি নেদেখিলো। 
     
আজি ১৯-১০-২০০৩ তাৰিখে আমাৰ দলটো দুখন টাটচুমুত কলিকতা ভ্ৰমনৰ বাবে ওলালো। আমি প্ৰথমতে গলো ক্ৰমে দক্ষিনেশ্বৰ মন্দিৰ আৰু ৰামকৃষ্ণ মন্দিৰ। মন্দিৰৰ শান্ত পৰিবেশে আমাৰ মন সতেজ কৰি তুলিলে। সচাকৈ ধৰ্মীয় গৃহ শান্ত পবিত্ৰ পৰিবেশে মানুহৰ মনতো শান্তি আনি দিয়ে। সেয়ে হয়তো যুগ যুগ ধৰি মানুহে ধৰ্মৰ হাতত বশ্যতা স্বীকাৰ কৰি আহিব লগা হৈছে। ইযাৰ পিছতে আমি বটানিকেল গাৰডেন আহি পালোহি। তেনে সময়তে এজাক সৰু বৰষুণ অহাত আমি পত্যেকেই এটাকৈ সৰু টূপি কিনিব লগা হল। কম দামত আৰু হৰ্থাতে কিনিলো যদিও আমাৰ মাজত টূপিটো আৰ্কষণীয় হৈ ঊঠিল।  

                
বটানিকেল গাৰ্ডেনৰ এজোপা দুশ বছৰীয়া বৃহৎ বটগছে আমাৰ দৃষ্টি আৰ্কষণ কৰিলে। তাত আমি কিছুসময় অতিবাহিত কৰাৰ পিছত দুপৰীয়াৰ আহাৰ গ্ৰহন কৰিলো আৰু কলিকতাৰ বৃহৎ চিৰিয়াখানা খনৰ অভিমুখে ৰাওনা হলো। ঊঃ চিৰিয়াখানাত ইমান বিভিন্ন প্ৰকাৰৰ জন্তু চাই চাই আমাৰ আমনি লাগি গল। বিভিন্ন দেশৰ বহুত জীৱ-জন্তু ইয়াত একেলগে দেখিবলৈ পালো। সময়ো হৈ আহিল আন্ধাৰ হোৱাৰ লগে লগে আমি চিৰিয়াখানাৰ পৰা ওলাবলৈ বাধ্য হলো। ইয়াৰ পিছতে বিজ্ঞান যাদুঘৰত সোমালো যদিও সময়ৰ অভাৱৰ বাবে বৰ বেছি সময় থাকিব নোৱাৰিলো।

আজি ২০-১০-২০০৩ তাৰিখ সোমবাৰে আমি দিনটো বজাৰৰ কাৰণে ললো। অসম ভৱনৰ পৰা আমি খোজকাঢিয়ে কলিকতাৰ মহানগৰৰ মাজে মাজে ওলাই আহিলো। অলপ সময়ৰ পিছতে আমি এটা বৃহৎ শ্বপিং মলৰ ভিতৰত সুমালো। আচৰিত লাগিল যে ইয়াৰ কিছুমান শ্বপিং মলত সুমাবলৈ মানুহ বাহিৰত শাৰীপাতি থিয় হৈ থাকে। কিয়নো মলৰ ভিতৰত এক নিদিষ্ট সংখ্যক মানুহহে সুমাব দিয়ে আকৗ সেই নিদিষ্ট সংখ্যক মানুহ মলৰ পৰা ওলালেহে বাকী ৰৈ থকা মানুহখিনি সুমাব পাৰিব। মোৰ বজাৰ কৰাৰ প্লেন নাছিল গতিকে আমনি লগাত মই কম সময়ৰ ভিতৰতে মলৰ পৰা ওলাই আহিলো আৰু ইফালে সিফালে দোকান বাট-পথ বিলাক চাই ঘুৰিব ধৰিলো। কলিকতা মহানগৰ খনৰ মাজ মজিয়াৰ ঠাইবোৰত এদিনীয়া মানুহৰ কাৰণে বাট পথ চিনি ঊলিওৱাত বহুত কষ্টকৰ কাম। কিয়নো ইয়াৰ প্ৰায়বিলাক বাট-পথ সমান চাইজৰ আৰু ঘৰবিলাকো একে ডিজাইনৰ। বাটত ওলমাই থোৱা পোষ্টাৰ, চাইনবৰ্ড বা পথ নম্বৰ চাই নাহিলে অহা বাটতো ঊলিয়াবলৈ মস্কিলেই হব। এইদৰে মই ঘুৰি ফুৰাৰ কিছু সময়ৰ পিছত মোৰ লগৰ খিনিক লগ কৰিবলৈ আগৰ মলটোৰ ওচৰলৈ আহিলো। কিন্তু বৃহৎ মলটোৰ ওচৰত মই কাকো দেখা নাপালো। এনেদৰে ইফালে সিফালে চোৱাত আমাৰ লগত অহা ছোৱালী তিনিজনীকহে দেখা পালো সিহ৺তে মোক চিন্তিত ভাৱে কলে যে সিহ৺ত লগৰখিনিৰ পৰা হেৰাই গল আৰু বিছাৰি এনেদৰে ঘুৰি ফুৰিছে। কলিকতাৰ মহনগৰীত প্ৰথম আহিয়ে এনেদৰে হেৰাই গলে কি হব এতিয়া। আমি তেওলোকক আৰু তেওলোকে আমাক জানো বিছাৰি পাব ? যদি এনেদৰে আমি তেওলোকক বিছাৰি যতে ততে ঘুৰি ফুৰি আৰু অধিক বাট হেৰুৱাই পেলাও কি হব? গতিকে মই এটা সিন্ধান্ত ললো যে আমি এতিয়াই অসম ভৱনলৈকে ঘুৰি যাও। কিন্তু সিহতে কলে যে আমি জানো অসম ভৱন বিচাৰি ঊলিয়াব পাৰিম?  ভাগ্য ভাল আমি আহোতে মই পথৰ নম্বাৰ আৰু কিছুমান দোকানৰ চাইনবৰ্ড চাই আহিছিলো। গতিকে সিহতক মোৰ ওপৰত বিশ্বাস ৰাখিবলৈ কৈ মোৰ লগত আহিব কলো। আমি কিছু সময় খোজ কাঢি অহাৰ পিছত অসম ভৱন পাই আমাৰ মুখত হা৺হি ওলাল। কিন্তু বাকীসকল যে এতিয়াও আহি পোৱা নাই। তেওলোকে হয়তু ভাবিছে যে তেওলোকে আজি আমাক হেৰুৱালে, পালি নে ফুৰিবলৈ অহাৰ এতিয়া মজাটো,
খন্তেক সময়ৰ পিছতে ফোপাই জোপাই চাৰ বাইডেঊ আৰু বাকী সকলো অসম ভৱন আহি পালেহি। তেওলোকে আমাক দেখি স্ততিৰ নিশ্বাস পেলালে। মাধৱ চাৰে খঙেৰে কলে যে আজি হয়তো তেওলোকৰ কোনোবা এজনৰ যদি ব্লাড প্ৰেচাৰ হাই থাকিলে হেতেন তেন্তে মুৰ ঘুৰাই পৰি গল হেতেন।
যি কি নহওক, ইযাৰ পিছতে আমাক সকলোকে ভাত পানী খাই সাজু হবলৈ কলে। কথামতে আমি ভাত-পানী খাই সাজু হলো এডোখৰ নতুন ঠাই চাবলৈ। আমি অসম ভৱনৰ পৰা অলপ আতৰলৈ আহি মাটিৰ তলৰ খটখটিয়েদি ভিতৰলৈ সুমাই গলো। আমি গলো কলিকতাৰ মাটিৰ তলেৰে যোৱাৰ মেট্ৰো ট্ৰেইনৰ প্লেটফৰ্মলৈ। নামটো দমদম ষ্টেছন। ইয়াত এটা জমনি কাণ্ড ঘটিল। এই ষ্টেছনত টিকত কটা, ছেক কৰা ট্ৰেইন ৰখা আদি কামবিলাক অটোমেটিক মেছিনৰ দ্বাৰা হয়। গতিকে এটা নিদিষ্ট সময়ৰ ভিতৰত যোৱা মেলা কামবিলাক কৰিব লাগে। কিন্তু মোৰ আৰু ঊগ্ৰসেনৰ ভিতৰত আমি মাত্ৰ এটা টিকতহে পালো গতিকে আমি এটা টিকতেৰে দুটা মানুহ একেলগে টিকত ছেকাৰৰ মাজেদি পাৰ হৈ যাব লাগিব। আমি একেলগে থিয় হলো আৰু যাবলৈ সাজু হলো, টিকত ছেকাৰ মেছিনৰ ভিতৰত ঊগ্ৰই টিকতটো সুমোৱাই দিয়োতেই দেৰি হব বুলি ভাবি মই তাক থেলি লৈ গলো। সেই থেলাত তাৰ হাতৰ টিকতোৰ এফালহে মেছিনৰ ভিতৰলৈ গল, বাকীডোখৰ তাৰ হাততেই থাকিল। সৌভাগ্যবশত দুৱাৰখন খোল খালে কিনতু মেছিনত সুমোৱা টিকতডোখৰ বাহিৰলৈ আকৗ ওলাই নাহিল। মেছিনৰ পৰা ওলাই অহাৰ টিকতটো ষ্টেচনৰ পৰা বাহিৰলৈ ওলাই আহিবলৈ আকৗ প্ৰয়োজন হয়। যি কি নহওক আমাৰ হাতততু টিকতৰ বাকী টুকুৰাটো আছে।
     আজি ২১-১০-২০০৩ তাৰিখে দীৰ্ঘা আৰু শান্তি নিকেতন আশ্ৰম দুঠাইত যাবলৈ বাকী থাকিল, কিন্তু আজি একেদিনাই দুয়োঠাইতে ঘুৰাটো সম্ভৱ নহয়, যিহেতু দুয়োডোখৰ ঠাই ইয়াৰ পৰা যথেষ্ঠ দূৰ। আমি সকলোৱে আলোচনা কৰি শান্তি নিকেতন যোৱাটোকে থিক কৰিলো, যিহেতু আমাৰ দলটো কলেজৰ শিক্ষা বিভাগৰ অন্তৰ্গত আৰু যদিহে ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিখ্যাত ঠাই ভাৰতৰ ঐতিসাহিক বিশ্ববিদ্যালয় ঠাইখনকে যদি চাবলৈ থাকি যায় তেনেহলে এই ভ্ৰমনে অৰ্থহীন হব। কিন্তু আনফালে মোৰ সাগৰৰ ঊপকূলীয় অঞ্চলটো চাই আহিবলৈ খুৱেই ইচ্ছা এটা আছিল। যি কি নহওক দীৰ্ঘা ভ্ৰমন পিছলৈ থৈ আজি আমি শান্তি নিকেতন আস্ৰমখন চাবলৈ ওলাই আহিলো। আমি অসম ভৱনৰ পৰা আহি কলিকতাৰ শিয়ালদহ ষ্টেছনত ট্ৰেইনত আহি প্ৰায় সাতঘন্টা মানৰ অন্তত বুলপুৰ ষ্টেছন পালোহি। ইয়াৰ পৰা ৰিক্সাৰে শান্তি নিকেতন আশ্ৰমখন এপাক ঘুৰি আহিলো। যোৱা পথেৰে আহি পুনৰ অসমভৱন পাওহি মানে প্ৰায় এঘাৰৰ বাজি গৈছিল। ঊঃ এতিয়াহে যেন মোৰ ট্ৰেইনত যাত্ৰা কৰি আমনি লাগি গল।
আজি ২২-১০-২০০৩ তাৰিখে কলিকতাত আমাৰ শেষ দিন। সেয়ে আমি আজি পুৱা সোনকালে শুই ঊঠি ব্ৰেকফাষ্ট কৰি সাজু হলো। ৯ বজাৰ লগে লগে আমি আহি ঊপস্থিত হলো ভাৰতীয় সংগ্ৰসালয়ত। বহুবছৰ ধৰি সাচি ৰখা বহু পুৰণা বস্তু আমি ইয়াত দেখিবলৈ পালো। আমাৰ ইয়াৰ ভ্ৰমন কায্যসূচী ইয়াতে শেষ কৰি পুনৰ অসম ভৱনলৈ ঊভতি আহিলো। শেখৰ চাৰে আমাক সকলোকে বস্তু-বাহনিবোৰ সামৰি লব কলে আৰু ঘৰলৈ যাবলৈ সাজু হব কলে। ঊভতনি যাত্ৰা সদায় কষ্টকৰ হয় । আমাৰ মনটো বিষন্নতাৰে ভৰি পৰিল। এইকেইদিন আমি ইয়াত থাকি অসমৰে বিভিন্ন্ ঠাই পৰা অহা কেইবাজনো মানুহৰ লগত ভাল চিনাকী হৈ পৰিছিল। ইয়াৰ ভিতৰত অসম ভৱনত কাম কৰা মানুহ কেইজনকে ধৰি ওদালগুৰি পৰা অহা আৰু আমাৰ লগত কেইবাঠাইতো একেলগে যোৱা বসুমতাৰি চাৰ ঊল্লেখযোগ্য। ১২-৩০ বজাত অসম ভৱনত চিনাকী হোৱা সকলোৱেৰ পৰা বিদায় লৈ আমি হাওৰা অভিমুখে ৰাওনা হলো, ৭-৩০ বজাত মৰিয়নি অভিমুখী ট্ৰেইনত ঊঠিবৰ বাবে।