লাচিত-দিৱস
প্ৰতিবছৰে ২৪ নবেম্বৰ দিনটো গোটেই অসমতে লাচিত বৰফুকনৰ বীৰত্ব আৰু শৰাইঘটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত লাচিত দিৱস হিচাপে পালন কৰা হ’য় লাচিত বৰফুকনৰ চমু জীৱনী
তেখেতৰ সঠিক জন্ম, তাৰিখ, চন গম পোৱা নাযায় । তেওঁৰ দেউতাক আছিল মোমাই তামূলী বৰবৰুৱা আহোম ৰজা প্ৰতাপ সিংহ ডাঙৰ বিষয়া । লাচিত আছিল মোমাই তামূলীৰ নুমলীয়া পুত্ৰ। অসম বুৰঞ্জীৰ এটি উল্লেখনীয় চৰিত্ৰ - লালুকসোলা বৰফুকন লাচিত বৰফুকনৰ ককায়েক আছিল আৰু পাখৰী গাভৰু, জয়্ধ্বয় সিংহৰ কুৱঁৰী, লাচিতৰ ভনীয়েক আছিল।লাচিতৰ শিক্ষা গ্ৰহণ
ৰাজকীয় পৰিয়ালত জন্মগ্ৰহণ কৰা বাবে লাচিতে সামৰিক আৰু অসামৰিক দুয়োবিধ শিক্ষাই ল’বলগীয়া হৈছিল । লাচিতৰ জন্ম ৰাজকীয় পৰিবেশত হোৱা বাবে কৰ্তব্য পৰায়্ণ, কৰ্মনিষ্ঠা, সততা আদি গুণ পৰিয়ালৰ পৰাই পাইছিল। আহোমসকলৰ এটা বিখ্যাত ফৈদ হ’ল লুখুৰাখন ফৈদ । এই ফৈদৰে লোক লাচিত । এই ফৈদৰ আদি পুৰুষজন চুকাফাৰ লগতে অসমলৈ আহিছিল। লাচিতে একেদিনাই বৰফুকনৰ পদ পোৱা নাছিল। তেওঁ প্ৰথমতে আছিল ঘোঁৰা বৰুৱাৰ পদত । এই পদত থাকোঁতে তেওঁ অতি দুৰ্দান্ত ঘোঁৰাক বশ কৰিছিল । ঘোঁৰা বৰুৱা, দুলীয়া বৰবৰুৱা, শিমুলগুৰীয়া ফুকন(শিমলুগুৰীৰ দুৰ্গৰ সেনাপতি), দোলাকাষৰীয়া বৰুৱা (দোলা কঢ়িওৱা আৰু পালি পহৰীয়া সকলক চলোৱা) হোৱাৰ পিছতহে স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ বৰফুকন হৈছিল ।দোলাকাষৰীয়া বৰুৱা পদত থাকোঁতে লাচিতৰ দক্ষতা স্বৰ্গদেউৰ চকুত পৰে । এদিনাখনৰ কথা- দোলাত বহি থকা ৰজাই লাচিতক মাতি আনি ক’লে- "বঙাল শত্ৰু কাষতে আছে, কেনেকৈ ছৈয়দ ফিৰোজ আৰু ছৈয়দ চালাক ধৰিব পাৰি ।" লাচিতে উত্তৰ দিলে- "স্বৰ্গদেউৰ ৰাজ্যত মানুহ নাই নেকি ? বঙালনো কি ? মানুহহে ! আমাৰ ৰাজ্যত নোলাব নেকি তেনে মানুহ ।| স্বৰ্গদেউ আদেশ দিবহে লাগে " | তাৰ পিচতেই লাচিতক বৰফুকনৰ ভাৰ দিয়া হৈছিল। বৰফুকন পদ পোৱাৰ আগতে লাচিতে আৰু এটা পৰীক্ষাৰ সন্মুখীন হৈছিল । লাচিতক ৰজাৰ ওচৰলৈ মাতি পঠিওৱা হ’ল । স্বৰ্গদেউৰ সমুখত আঠু লব ধৰোতেই ক’ৰবাৰ পৰা লগুৱা এজন আহি লাচিতৰ মুৰৰ বস্ত্ৰ থাপ মাৰি লৈ গৈছিল । ৰজাই এইটো পৰিকল্পিত ভাবে কৰোৱাইছিল। লাচিতৰ স্বাভাবিকতেই খং উঠিল আৰু খাপৰ পৰা হেংদাঙখন (তৰোৱাল) উলিয়াই লগুৱাক খেদি গ’ল । ৰজাৰ হস্তক্ষেপত লগুৱা বাছিল। লাচিত নিৰ্ভীকতা আৰু আত্মমৰ্যদাৰ পৰীক্ষাত উত্তীৰ্ণ হ’ল। ৰজা চক্ৰধ্বজ সিংহই লাচিতক এখন সোনোৱালী হেংদাং পুৰস্কাৰ দি সেনাপতি আৰু বৰফুকন পদত অধিষ্ঠিত কৰিলে। লাচিতে দেহে কেহে খাতি ১৬৬৭ চনৰ জহকালি আহোমৰ সেনাবাহিনী প্ৰশিক্ষন দি মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ প্ৰস্তুত কৰি তোলে ।
"দেশতকৈ মোমাই ডাঙৰ নহয়"
প্ৰবাদ আছে যে মোগলৰ বিৰুদ্ধে যুদ্ধৰ প্ৰ্স্তুতি হোৱাৰ সময়ত তেওঁ মোগলক ভেটা দিবৰ বাবে একে ৰাতিৰ ভিতৰতে গড় (ওখ মাটিৰ দেৱাল) বান্ধিবলৈ সৈন্যসকলক আদেশ দিছিল আৰু সেই কামটো তত্বাবধানৰ দায়িত্ব তেওঁৰ মোমায়েকৰ হাতত অৰ্পন কৰিছিল । শেহ ৰাতি তেওঁ চাবলৈ আহি দেখে যে কামবোৰ আগবঢ়া নাই । মোমায়েকক তাৰ উত্তৰ বিচৰাত সৈন্যসকল ভাগৰুৱা হৈ পৰিছে বুলি অজুহাত দেখুৱালে। নিজৰ কৰ্তব্য পিছ কৰা দেখি লাচিতে খঙত একো নাই হৈ ঠিতাতে হেংদাঙেৰে “দেশতকৈ মোমাই ডাঙৰ নহয়” বুলি মোমায়েকৰ শিৰশ্চেদ কৰিলে । তাৰ পিছত ৰাতিৰ ভিতৰতে গড়ৰ কাম সম্পূৰ্ণ হৈছিল। লাচিতৰ দেশপ্ৰেম, কৰ্তব্যনিষ্ঠাৰ এইটো এটা বিৰল উদাহৰণ ।লাচিতক বিশ্বাসঘাতক সজোৱাৰ ৰামসিংহৰ অসফল প্ৰচেষ্টা
শৰাইঘাটৰ যুদ্ধৰ প্ৰথম সময়ছোৱাত মোগল সেনাপতি ৰামসিংহই লাচিতক বিশ্বাসঘাতক সজোৱাৰ বাবে প্ৰয়াস কৰিছিল । ৰামসিংহই এডাল কাড়ৰ মুৰত এখন চিঠি লিখি ৰজা চক্ৰধ্বজ সিংহলৈ পঠাইছিল, আৰু চিঠিখনত লাচিত বৰফুকনক গুৱাহাটীৰ বাধা এৰি দিবলৈ এক লাখ টকা দিয়া হৈছে বুলি লিখা আছিল । প্ৰধানমন্ত্ৰী অতন বৰগোঁহাইৰ বুজনিত ৰজাই ৰামসিংহৰ চতুৰালি ধৰিব পাৰিছিল।সাহসৰ অন্তিম নিদৰ্শন
শৰাইঘাট যুদ্ধৰ শেষৰ ফালে মোগলৰ বিৰাট সৈন্য বাহিনী আগত আহোমৰ সৈন্যই জয়ৰ আশা বাদ দি পিছহুঁহুকিবলৈ আৰম্ভ কৰিছিল । সেইসময়ত লাচিতৰ অতিপাত জ্বৰ উঠি আছিল । সেই নৰিয়া গাৰে এখন নৌকাত উঠি মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়ি আহিছিল আৰু সৈন্যসকলক উদ্দেশি কৈছিল-“ যদি তোমালোক উভতি যাব খুজিছা, যোৱা, কিন্তু স্বৰ্গদেৱে মোক এই দায়িত্ব দিছে, গতিকে মই শেষ মুহুৰ্তলৈ যুঁজ দিম । মোগলে মোক লৈ যাবলৈ দিয়া । তোমালোকে মাত্ৰ স্বৰ্গদেৱক মই তেওঁৰ আজ্ঞা পালন কৰি শেষ মুহুৰ্তলৈ যুঁজ দিছো বুলি কবা।” এইকথাখিনিয়ে সৈন্যসকলক উত্সাহ দিলে আৰু দুগুণ সাহসেৰে যুঁজি মোগলক পৰাস্ত কৰিলে।লাচিত বৰফুকনৰ মৃত্যু
শৰাইঘাটৰ যুদ্ধ জয়ৰ পিছতেই লাচিতৰ মৃত্যু হৈছিল । যুদ্ধৰ সময়ত তেওঁৰ তীৰকঁপে জ্বৰ উঠি আছিল আৰু সেই জ্বৰীয়া দেহেৰে যুদ্ধ কৰিছিল। পিছত স্বৰ্গদেউ উদয়াদিত্য সিংহই ১৬৭২ চনত যোৰহাটৰ ১৬ কিলোমিটাৰ আঁতৰত “লাচিত মৈদাম” নিৰ্মান কৰে।সহায়- ৱিকিপিডিয়া
No comments:
Post a Comment