মনত
পৰেনে সেই গাঁৱখনৰ কথা,
আহাৰ
মহীয়া ভঁৰালৰ শেষ মৰণাটো মাৰি,
গৰমত,
নাঙঠ
হৈ পুখুৰিত গা ধোৱাৰ কথা।
হালোৱা
তলিৰ পথাৰত মাছ সেপিয়াই,
আবেলী
কর্কৰা ভাত খোৱাৰ কথা।
মনত
পৰেনে সেই গাঁৱখনৰ কথা,
কেতিয়াবা
দাইলৰ পানী,
নতুবা,
ভাতৰ
নিসনি খাই,
বাহগছত
উঠি গৰু চৰুৱাৰ কথা।
আধিৰ
মাটিত হাল বাই,
আধিপেটি
হৈ স্কুলত নেওঁতা পঢ়াৰ কথা।
সেই
গাঁৱখনলৈ মোৰ বৰকৈ মনত পৰে,
কাৰণ,
সেইখন
গাঁৱত মোৰ দেউতা আছিল,
মোৰ
ককাদেউতা আছিল,
আৰু
মই আছিলো।
No comments:
Post a Comment