আগকথা

অসমীয়া সাহিত্যপ্ৰেমী ৰাইজ, নমস্কাৰ লব। অসমীয়াগল্প ব্লগস্পত ডট কমত অসমীয়া গল্প, কবিতা, প্ৰৱন্ধৰ পঢ়াৰ উপৰিও অসমৰ সাধাৰণ জ্ঞানৰ বিষয়েও জনাৰ সুবিধা পাব। ইয়াত প্ৰকাশৰ বাবে আপোনাৰ নিজে লিখা গল্পটো আৰু কবিতাটো পঠাব পাৰে মনত ৰাখিব আপোনি পঠাৱাৰ গল্পটো বা কবিতাটো আগতে কতো প্ৰকাশ হব নালাগিব। ইয়াত প্ৰকাশ হোৱা গল্প আৰু কবিতা কোনোৱে বিনা অনুমতিত অন্য ঠাইত বা আলোচনীত প্ৰকাশৰ বাবে নিব নোৱাৰিব। শেষত আপোনালোকলৈ ধন্যবাদ আৰু আপোনালোকৰ মৰমে যাতে এই ব্লগতো অধিক জনপ্ৰিয় দিশলৈ লৈ যায় তাৰ কামনাৰে।

Wednesday, 14 December 2011

ভূত নে ভ্ৰম


        গাওঁখনৰ সীমামুৰিয়া অঞ্চলেদি পাৰ হৈ যোৱা শিলগুটি দিয়া পথটোৰ বৃহৎ আঁহত গছজোপাই অৱস্থান কৰা ঠাইডোখৰ গাওঁখনৰ জনসাধাৰনে মনতে জয়াঁল বুলি ভাৱে। সাধাৰণতে মুকলি ঠাইডোখৰত আঁহতজোপাৰ তলতে গাওঁখনৰ প্ৰাথমিক বিদ্যালয়খন আৰু তাৰ বিপৰীত ফালে চেনদৈৰ ঘুমতি দোকানখন আছে। সেই ঠাইডোখৰৰ পথটোৰ এটা ফালে বিস্তৃর্ণ পথাৰ, আনফালে দ হোলা আৰু তাৰ পৰা কিছুদূৰতে হাবিখন। সন্ধ্যা সাত বজাৰ পিছতে চেনদৈয়ে দোকান বন্ধ কৰি ঘৰলৈ যোৱাৰ পিছত ঠাইডোখৰ নিমাওমাও হৈ পৰে। অৱশ্যে তাৰ আগৰলৈকে চেনদৈৰ দোকানৰ আগত গাৱঁৰে দুই এটা ডেকা লৰাই কথাৰ মহলা মাৰিবলৈ সদায়ে আহে। বতৰ ডাৱৰীয়াই হওক বা ফৰকালেই হওক, নতুবা পূণির্মাৰ নিশাই হওক বা আঁউসি নিশাই হওক, সেই আঁহতজোপাৰ তলৰ ঠাইখিনি সদায়ে অন্য ঠাইতকৈ কিছু গভীৰ আন্ধাৰ যেন দেখি। সেয়ে যিকোনো খামি ডাঠ মানুহো আঁহতজোপাৰ তলেদি পাৰ হৈ যাওতে কমকৈ হলেও বুকুখন কপি উঠে। কোৱামতে এবাৰ হেনু গাঁৱৰে শৰতক গধূলী বেলিকা সেই আঁহতজোপাৰ তলৰে পৰাই কোনোৱা মানুহ এজনীয়ে মাতি হোলায়েদি হাবিলৈ নি গোটেই ৰাতি তাইৰ লৰা-পোৱালি ৰখিবলৈ দিলে। পিছত ছেগ বুজি সি তাৰ পৰা পলাই আহিহে নিজৰ প্ৰাণ ৰক্ষা কৰিলে। গাওঁখনৰ মানুহৰ মুখত প্ৰচলিত মনে হাবিখনত বহুত মানুহৰ মৰিহালি আছে আৰু ৰাতি হলে সেই মৰিহালিৰ আত্মাবোৰে আঁহতজোপাৰ তলতে জিৰণি লৈয়হি আৰু তেতিয়া বাটে অহাযোৱা কৰা মানুহ লগ পালে অন্য মানুহৰ ৰূপ ধৰি লগত লৈ যায়। গাঁখনৰ বহুত মানুহে সেই আঁহতজোপাৰ তলতে আত্মা বহি থকা, গালৈ কেচমমূতা দলিওৱা, কাষৰ হোলাত জপং জপং কৈ মাছ ধৰি থকা  আৰু হাবিত ধনগুলৈ জুই দেখাবুলি দাবী কৰে যদিও ইয়াৰ প্ৰত্যক্ষ প্ৰমান কাকোৱে দিব পৰা নাই।
        এবাৰ আকৌ কি হল! গাঁৱৰে চেঙেলিয়া লৰা নাম তুলা। সন্ধ্যা সাত বাজি গৈছিলহে। চেনদৈয়ে দোকান বন্ধ কৰি ঘৰলৈ গল। সেইদিনা গাঁৱৰে সিফালৰ মানুহ এগৰত ন-খোৱা সকাম আছিল। সকামৰ ভোজ খাই তুলা ঘৰলৈ অকলেই খোজকাঢ়ি ওভটিছিল। যিহেতু সি ঘৰলৈ যাবলৈ সেই আঁহতজোপাৰ তলেদিয়েই পাৰ হব লাগিব গতিকে হাতত সি বাটৰ পৰা শিলগুটি দুটা বুটুলি ললে আৰু শিলগুটি দুটা যুজাই খিট খিটকৈ বজাই যাব ধৰিলে ভয়টো কমাবৰ বাবে। ইপালে আকৌ ঘৰত সাহিয়াল বুলি দম্ভ মাৰি ফুৰা দেৱক পঠিয়ালে তুলাক সকামৰ ঘৰৰ পৰা আগবঢ়াই আনিবলৈ। দেৱ আহি আঁহতজোপাৰ ওচৰ পাইছেহিহে, এনেতে সি শুনিলে যে আঁহতজোপাৰ তলত কোনোবাই খুঁটি তাল বজাই আছে। সি বুকুত সাহষ বান্ধি সেই ঠাইতে তভক মাৰি ৰৈ শব্দটো মন দি শুনিব ধৰিলে প্ৰকৃততে সেয়া তাল মানুহে বজাইছে নে ভূতে বজাইছে। খন্তেক পিছতে সি ধৰিব পাৰিলে যে শব্দটো লাহে লাহে তাৰফালেই আগুৱাই আহিছে। সি এইবাৰ নিশ্চিত হল যে সেয়া তাক মায়া কৰি নিবৰ বাবেই ভূতেই তাল বজাইছে। ভয়ত দেৱই কি কৰো নকৰো ভাৱি দিলে ওলোটাই লৰ। ইফালে তুলাৰ আকৌ কি হল! সি মন কৰিলে যে তাৰ আগতে অথার্ত আঁহতজোপাৰ তলৰে পৰাই কিবা এটাই জপজপাই তাৰ ফালে খেদি আহিছে। ভয়ত সিও হাতৰ শিলগুটি দলিয়াই বিপৰীত ফালে দিলে লৰ। তাৰ পিছৰ দুদিন দুয়োটায়ে তমোময় জ্বৰ হল। সেইবাৰলৈ বেজ-জ্ঞানী লগাইহে সিঁহতদুটাৰ ৰক্ষা হল।
        গাঁও খনত কেইটামান ভূত প্ৰেত বিশ্বাস নকৰা সাহিয়াল ডেকা লৰাও আছে। সিঁহতে ভূতৰ সন্ধানত আঁহতজোপাৰ তলত কেইবা ৰাতিও কটাইছে বুলি গাঁৱৰ মানুহৰ আগত কয়। ভূত-প্ৰেতটো বাদেই বতাহৰ বাদে অন্য কোনো বস্তুৱে আঁহত গছৰ ডাল-পাত এখিলা লৰোৱা সিঁহতৰ চকুত পৰা নাই।
        গাঁৱৰ তিনিআলি চক্ টোত আড্ডা দিয়াটো অন্য যুবককেইজনৰ দৰে মোৰো এটা নিয়মিত অভ্যাসত পৰিনত হৈছে। আমাৰ আড্ডাত তাচপাতৰ খেলাৰ লগতে ৰাজনীতি, অথর্নীতিৰ পৰা আৰম্ভ কৰি খেল, চিনেমা, ভূত-প্ৰেতৰ লৈকে স্থান পায়। সেইদিনা সন্ধিয়া ভূতৰ কথা আৰু টুৱেন্টি নাইন খেলি ঘৰলৈ ওভটো মানে ন-মানেই বাজিল। লগৰ লগৰীয়াক আড্ডাস্থলীতে এৰি থৈ চাইকেল চলাই ঘৰলৈ বুলি ৰাওনা হলো। ময়ো সেই স্থানৰ পৰা ঘৰ পাবলৈ সেই আঁহতজোপাৰ তলেদিয়ে যাব লাগে যদিও সদায় সন্ধিয়া সেই বাটেৰেই অহা যোৱা কৰি আছো বাবে মোৰ মনত ভয় শংকা নালাগে। সেইদিনা অমাৱস্যা নিশা, বতৰটোও অলপ ডাৱৰীয়া। মানুহবোৰৰ মতে এনে এনেকুৱা নিশাই হেনু এই আঁহতজোপাৰ তলত ভূত ওলাই। গাঁৱৰ মানুহবোৰৰ যে ভয়টো, মোৰ মনে মনে হাঁহি উঠিল। এইবোৰ কথাকে ভাৱি ভাৱি চাইকেল চলাই আহি মই আঁহতজোপাৰ তল পালোহি। হথার্তে গছজোপাৰ ডাল এটা সজোৰে লৰি উঠিল। সমান্য বতাহ বলি আছে যদিও, এই বতাহত গছৰ ডালটো ইমান জোৰেৰ লৰি উঠাটো সম্ভৱ নহয়, তেনেহলে গছজোপাৰ তলত কিবা আছে, দেৱয়ে মোক কোৱা কথাটো সচা। চাইকেল খন মই ব্ৰেক মাৰি ৰখাই দিলো। আঁহতজোপাৰ তলত চুচুক-চামাক কৈ ৰৈ থকা দুটা ছাঁয়ামূত্তি মোৰ দৃষ্টিগোচৰ হল। এবাৰ মোৰ নাম ধৰি সৰুকৈ মতাও মই শুনিলো। কোন হব পাৰে এই দুটা, গাঁৱখনৰ মানুবোৰে কোৱাৰ দৰে এইকেইচা ভূতেই নেকি, মই ভাবি ৰৈ দিলো। তেনেহলে আজি মোক আঁহতৰ তলত সচাকৈয়ে ভূতে পালে। উত্তেজনাত মই ঘামি উঠিলো। পিছমুহূত্ততে মই ভাবিলো, দেখা যাওক আজি এই ভূতদুটাই মোক কি কৰে। লাহে লাহে মই ছাঁয়ামুত্তি দুটাৰ ফালে আগবাঢ়ি গলো। আৰে এইয়া দেখোন কমল আৰু ভৰত হে। সিঁহতদুটাই এই নিশাখন আঁহতৰ তলত কি কৰিছে।
        ঐ ৰহ, আমি এইখিনি একেলগে যাও, আমিও তই অহালৈকে ৰৈ আছো কমলে মোৰ চাইকেলৰ হেণ্ডেলত ধৰি কলেহি।
        তঁহতি মোক ভাল ভয় খোৱালি দেই, মই আকৌ তঁহতক ...
        কি বুলি ভাবিছিলি, ভূত!” ভৰতে কথাষাৰ এনেদৰে কলে যে সি সঁচাকৈয়ে ভূতেই। তাৰ পিছত সি খুক খুককৈ হাঁহিবলৈ ধৰিলে। তাৰপিছত সি আকৌ কলে বাৰু কচোন, আজি তই আমাৰ ঘৰলৈ যাৱনে, আমি তোৰ ঘৰলৈ যাও ?”
        আমি সকলো একেফালেই নাযামজানো ?” মই বুজি নাপাই সুধিলো।
        ওহো নহয়, তই যাবি এইফালে কমলে মোৰ ঘৰৰ ফালে আঙুলিয়াই দেখোৱালে, আৰু আমি যাম এইফালে এই বুলি হাবিখনৰ পালে আঙুলিয়াই দেখোৱালে। তাৰপিছত আকৌ সি খুক খুকাই হাঁহিবলৈ ধৰিলে। ভৰতে মোৰ হাতৰ পৰা চাইকেলখন লৈ হাবিখনৰ ফালৰ হোলাটোত নমাই দিলে। তাৰ হাতখন বৰ চেঁচা, পানী লাগি আছে ছাগে।
        ঐ কমল, তই ইয়াত ইমান সোনকালে কেনেকৈ পালিহি, মই দেখোন তোক বাটে ওলাই যোৱাহে দেখিছিলোমই শৰতক সুধিলো।
        সি দেখোন অথনিৰে পৰা মোৰ লগতে আছে, তই কমলক বাটত কেনেকৈ লগ পাবি?” ভৰতে মোক কলে।
        বাঃ তইটো কম নহৱ দেই, বাটত অচ্যুতক অকলে লগ পাই ভয়খোৱাই বেহুচ কৰি দিলি আৰু আকৌ আহি ইয়াত ৰৈ আছহি কাৰোবাক নিও বুলি
        মই কলো, সিহঁতে মোৰ ফালে ভেবা লাগি চাই থাকিল। অচ্যুত যদি বাটত বেহুচ হৈ পৰিয়ে আছে, তেনেহলে তইনো কোন?” কমলে মোৰ ফালে আচৰিত হৈ সুধিলে।
        হাঃ হাঃ !! তহতিও ঠগ খাই গলি নহয়। মই হাঁহিলো, তাৰপিছত আকৌ কলো, মই তাৰ ৰপটো লৈ কাৰোবাক ভয় খোৱাও বুলি এইখিনিতে অলপ সময় ৰওহি বুলি আহিছিলোহে, তঁহতি পালি নহয় আকৌ লগ ধৰি নিবলৈ এতিয়াই ঘৰলৈ। ঠিক আছে বাৰু যাও বল ঘৰলৈকে, ৰাতিপুৱাৰ আগতে আকৌ এপাক আহিব লাগিব। এইবুলি মই চাইকেলখন আঁহতৰ তলতে পেলাই পথাৰ দৰাত নামিলো। সিঁহতে মোৰ ফালে ভেবা লাগি চাই থাকিল। তঁহতি কি মানুহ দেখাদি চাই আছ, যাৱ যদি বল সোনকালে
        এইবাৰ সিঁহতে বৰ ভয় খালে আৰু ৰৈ থকাৰ ধৈয্য সিঁহতৰ নহল। দুয়োটাই ভূত ভূত বুলি চিঁঞৰি ৰাষ্টাই দৌৰিবলৈ ধৰিলে। সিঁহতৰ কাণ্ড দেখি মোৰ খুৱ হাঁহি উঠিল। এইটো ভয় লৈয়ে আনক ভয় খোৱাবলৈ আহে। এই অচ্যুতক ভয় খুওৱাটো যে ইমান সহজ নহয় এই কথা আজি সিঁহতে হাতে হাতে প্ৰমান পালে। ইঁহত দুটাই মোক আজি ভয় খুওৱা প্লেনটোৰ কথা দিনতে দেৱয়ে কৈ থৈছিল কাৰনেহে মইয়ো ভালকে এশেকা দিব পাৰিলো।
        মই আঁহতৰ তলৰ পৰা চাইকেল খন উঠাই ঘৰলৈ যাবলৈ ওলালো। যাওতে তাঁহাত দুটাৰ ঘৰত সুমাই খবৰ এটাও লৈ যাব লাগিব, কি ঠিক তাহাতৰ চাগে এতিয়া ভয়ত জ্বৰ উঠা আৰম্ভ হৈ যাব পায়। এনেতে মই কাৰোবাৰ মাত শুনি চাইকেলখনত উঠিও ৰৈ দিলো। এইয়া দেখোন জুমনৰ মাত। কিন্তু তাক মই তিনিআলিৰ আড্ডাস্থলীতে এৰি থৈ আহিছো। তেনেহলে সি ইয়াত কেনেকৈ হব ? মাতটো হাবিডৰাৰ ফালৰ পৰায়ে আহিছে। মোৰ মনত পৰিল, আজি অমাৱস্যা নিশা, বতৰটোও গোমা, এনেকুৱা বতৰতে ভূতে এই আঁহতৰ তলৰ পৰা মানুহ ধৰি নিয়ে। কথাবোৰ ভাবি বুকুখন ঢককৈ উঠিল, তাৰপিছত জোৰেৰে চাইকেল চলাই দিলো ঘৰৰ ফালে।
.......সমাপ্ত......

2 comments:

  1. সচাকৈয়ে ভাল লাগিল পঢ়ি । । । মনত মোৰো এটা প্ৰশ্ন ৰৈ গ'ল । এয়া ভুতেই নে ভ্ৰম । । । ।

    ReplyDelete