আগকথা

অসমীয়া সাহিত্যপ্ৰেমী ৰাইজ, নমস্কাৰ লব। অসমীয়াগল্প ব্লগস্পত ডট কমত অসমীয়া গল্প, কবিতা, প্ৰৱন্ধৰ পঢ়াৰ উপৰিও অসমৰ সাধাৰণ জ্ঞানৰ বিষয়েও জনাৰ সুবিধা পাব। ইয়াত প্ৰকাশৰ বাবে আপোনাৰ নিজে লিখা গল্পটো আৰু কবিতাটো পঠাব পাৰে মনত ৰাখিব আপোনি পঠাৱাৰ গল্পটো বা কবিতাটো আগতে কতো প্ৰকাশ হব নালাগিব। ইয়াত প্ৰকাশ হোৱা গল্প আৰু কবিতা কোনোৱে বিনা অনুমতিত অন্য ঠাইত বা আলোচনীত প্ৰকাশৰ বাবে নিব নোৱাৰিব। শেষত আপোনালোকলৈ ধন্যবাদ আৰু আপোনালোকৰ মৰমে যাতে এই ব্লগতো অধিক জনপ্ৰিয় দিশলৈ লৈ যায় তাৰ কামনাৰে।

Tuesday, 20 March 2012

অসমৰ ৰাজ্যপাল সকল


হেনৰী যোছেফ টুইনাম               ১৯৩৮-১৯৩৯
ৰবার্ট নীল টেইল                      ১৯৩৯-১৯৪২
এনড্ৰিউ গৌৰেল ক্ল                   ১৯৪২-১৯৪৬-১৯৪৭
ৰেডৰিক চালমাৰছ বন               ১৯৪৬
হেনৰী ফলি নাইট                     ১৯৪৬
মহম্মদ আকবৰ হাইদৰি              ১৯৪৭-১৯৪৮
ৰোণাল্ড প্ৰেণ্চিছ                       ১৯৪৮
শ্ৰী প্ৰকাশ                              ১৯৪৯-১৯৫০
জয়ৰাম দাস দৌলতৰাম              ১৯৫০-১৯৫৬
ছৈয়দ ফজল আলি                    ১৯৫৬-১৯৫৯
ন্যায়ধীশ চক্ৰেশ্বৰ প্ৰসাদ সিনহা      ১৯৫৯
জেনেৰেল সত্যৱন্ত মাল্লনা শ্ৰীনাগেশ ১৯৫৯-১৯৬০
বিষ্ণু সাহায়                            ১৯৬১-১৯৬২
ব্ৰজকুমান নেহৰু                      ১৯৬৮-১৯৭০, ১৯৭১-১৯৭৩
পি. কে. স্বামী                          ১৯৭০-১৯৭১
লালন প্ৰসাদ সিংহ                    ১৯৭৩-১৯৮১
প্ৰকাশ মেহেৰোট্ৰা                     ১৯৮১-১৯৮৪
টি. এছ. মিশ্ৰ                          ১৯৮৪
ভীস্ম নাৰায়ণ সিংহ                    ১৯৮৪-১৯৮৯
হৰিদেউ যোশী                        ১৯৮৯
আনচেট্ৰী ৰঘূবীৰ                      ১৯৮৯-১৯৯০
দেৱীদাস ঠাকুৰ                        ১৯৯০-১৯৯১
লোকনাথ মিশ্ৰ                        ১৯৯১-১৯৯৭
লে. জেনেৰেল এছ কে সিনহা                ১৯৯৭-২০০৩
লে জেনেৰেল অজয় সিংহ            ২০০৩-২০০৮
শিৱচৰণ মাথুৰ                                ২০০৮-২০০৯
চৈয়দ চিবতে ৰাজী                    ২০০৯
জানকী বল্লভ পাটনায়ক               ২০০৯-বতর্মান

অসমৰ মুখ্যমন্ত্ৰীসকল


ছৈয়দ ছাৰ মহম্মদ ছাদুল্লা     (স্বাধীনতাৰ আগতে) ১৯৩৭-১৯৩৮, ১৯৩৯-১৯৪২, ১৯৪২-১৯৪৬.
গোপীনাথ বৰদলৈ             ১৯৩৮-১৯৩৯,
                                (স্বাধীনতাৰ পিছত) ১৯৪৭-১৯৫০.
বিষ্ণুৰাম মেধি                 ১৯৫০-১৯৫৭.
বিমলা প্ৰসাদ চলিহা          ১৯৫৭-১৯৭০.
মহেন্দ্ৰ মোহন চৌধুৰী         ১৯৭০-১৯৭২
শৰৎ চন্দ্ৰ সিংহ                        ১৯৭২-১৯৭৮
গোলাপ বৰবৰা                ১৯৭৮-১৯৭৯
যোগেন্দ্ৰ নাথ হাজৰীকা        ১৯৭৯
ছৈয়দা আনোৱাৰ টাইমুৰ      ১৯৮০-১৯৮১
কেশৱ চন্দ্ৰ গগৈ               ১৯৮২
হিতেশ্বৰ শইকীয়া             ১৯৮৩-১৯৮৫, ১৯৯১-১৯৯৬
প্ৰফুল্ল কুমাৰ মহন্ত            ১৯৮৫-১৯৯০,১৯৯৬-২০০১
ডা. ভুমিধৰ বমর্ন             ১৯৯৬ (ভাৰপ্ৰাপ্ত)
তৰুণ গগৈ                     ২০০১-....

Sunday, 15 January 2012

সকলোলৈ ভোগালী বিহুৰ শুভেছ্চা যাচিলো

সদৌ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা জনালো। কিছুসময়ৰ পিছতে বহুতো নতুন গল্প সম্ভাৰ লৈ মই আহি আছো।

Sunday, 25 December 2011

মোৰ গাঁৱ মোৰ জীৱন (খণ্ড এক)


মই এনে এখন গাৱঁৰ কাহিনী কবলৈ ওলাইছো যিখন গাঁৱ আজিৰ সমাজত বিচাৰি পাবলৈ খুৱেই কঠিন হব। কিন্তু পুৰণা হলেও গাঁৱৰ সহজ-সৰল মানুহৰ চৰিত্ৰখিনিয়ে মোক সদায়ে মোহিত কৰি আহিছে। মইয়ো এনে এখন গাঁৱৰে কাহিনী, কেইটামান চৰিত্ৰক লৈ কিছুমান সজীৱ আৰু কিছুমান কাল্পনিক ঘটনাৰ সংমিশ্ৰণ ঘটাই ধাৰাবাহিক ভাৱে আপোনালোকৰ ওচৰত বণর্না কৰি যাম।


গৰু মহ চাবলৈ এৰিলি
হাতৰ এচাৰি হেৰুৱালি
মোৰ জান ঐ
আলি মুৰত বহি বহি
কালৈ চিঠি লিখিলি!
আঘোন মাহ। ৰাতিপুৱা ওলাই অহা ওমাল ৰদজাক পিঠিত লৈ গাঁৱখনৰ জিয়ৰী বোৱাৰী সকলে পকি সোনালী বৰণ ধৰা ধান দাবলৈ পথাৰলৈ ওলাই আহিছে। তিলেশ্বৰে উদং পিঠিটোত ৰদ লৈ চোতালতে বহি তঙাল তোলাই আছিল। মহৰিদাইতিৰ মাত শুনিয়ে সি গোহালিৰ পৰা গৰু কেইটা খুলি ওলিয়াই আনিলে। আজি সিহঁতৰ গৰু চৰোৱাৰ পাল পৰিছে। তাৰ লগত আজি আছে গাঁৱৰে মহৰি দাইটি। মহৰি দাইটিয়ে কোনোদিনে মহৰিৰ কাম কৰি পোৱা নাছিল যদিও গাঁৱৰ সকলো মানুহে তেঁওক মহৰি বুলি মাতে কাৰণে সিয়ো তেওঁক মহৰি দাইটি বুলিয়ে মাতে।
“ঐ তিলে, কত কি কৰি আছগৈ, বেলি ওলাই মুৰৰ ওপৰ পালেহি, গৰুবোৰ ওলিয়াই আনিবলৈ দেখা নাই”। মহৰিয়ে তাক পদুলিমুখৰে পৰা মাতিলে।
“গৈছো দাইটি” সি গৰুবোৰ এফালৰ পৰা সুৰসুৰাই খেদি আনিবলৈ ধৰিলে। মহৰি দাইটিয়ে তাক কথাই কথাই গালি দিয়ে যদিও সি তেওঁক অকনো তেওক বেয়া নাপায়। বৰং তেওঁৰ লগত থাকি তেওঁ ভালহে পায়, অৱশ্যে ইয়াৰ অন্য এটা কাৰণো আছে।
তিলেশ্বৰে গাত বনিয়নটো সুমুৱাই সিহঁতৰ চুবুৰীটোৰ প্ৰত্যেকৰে ঘৰৰ পৰা গৰুবোৰ খুলি আনি পথাৰৰ মাজৰ আলিটোৱেদি নৈৰ পিনে খেদি লৈ গল। গাঁৱখনৰ প্ৰত্যেক ঘৰতে বলদ এহাল, এজনী বা দুজনী গাই গৰু আৰু সিহঁতৰ পোৱালীবোৰৰ সৈতে কমেও চাৰি পাচটাকৈ গৰু থাকে। সাধাৰণতে সিহঁতে নৈৰ কাণৰ বৃহৎ চাপৰিটোৰ মাটিখিনিতে গৰুবোৰ চৰাবলৈ নিয়ে। কেইদিনমানৰ পিছতে পথাৰত ধান দাই মুকলি হোৱাৰ পিছত গৰু চৰোৱাৰ বিষয়ে বেচিকৈ চিন্তা কৰিব লগা নাথাকে, গৰুবোৰ পথাৰত চৰিবলৈ মেলি দিলেই হল। পিছত ঘৰৰ গৰু ঘৰলৈ গুছি আহে।
সিহঁতে গৰুবোৰ খেদি নি চাপৰিখনৰ ওচৰত মেলি দিলে। গৰুবোৰেও যেন বুজি পোৱা হৈছে, সিহঁতে কত চৰিব লাগে, কি কৰিব লাগে, কি কৰিব নালাগে ইত্যাদি কথাবোৰ। কিন্তু তাৰ মাজতো কেইটামান দুষ্ট প্ৰকৃতিৰ গৰু আছে যি কেইটাই জানি শুনিও লোকৰ জেউৰা ভাঙিব খুজে নতুবা কাৰোবাৰ ঘৰত খাব নলগা বস্তুবোৰ খাবলৈ সুবিধা বিচাৰি ফুৰিব, যাৰ ফলত সিহঁতৰ নিচিনা গৰখীয়াবোৰৰ মুৰ কামোৰণি হয়। অৱশ্যে ইয়াৰ ফলত সিহঁতৰ পিঠিত হলোৱা এছাৰিয়ে কেইটামান কোব মৰাৰ বাহিৰে অন্য কাম নাথাকে। তাৰ পিছত সিহঁতৰ পিঠিৰ ফৰফৰণি মাৰ নোযোৱালৈকে দুনাই এনে কাম কৰিব নিবিচাৰে।
তিলেশ্বৰে গৰুবোৰ চাপৰিখনে এৰি দি পিছলৈ ঘুৰি চালে। মহৰিদাইটি তাৰ লগত নাহিল, হয়তু কাৰোবাৰ ঘৰত তামোল চাহপানীৰ জুতি লবলৈ সোমাল। সি যদি তেওঁৰ এটা কথাই বেয়া পায় সেইটো হৈছে, কেতিয়াবা যদি দুয়োজনে একেলগে কিবা কাম কৰিব লগা তেতিয়া সমস্ত কামৰ দায়িত্ব তাক দি মানুহজন হথার্তে অন্তধ্যান হৈ যায়। সি টেপুৰামৰ ওচৰৰ পৰা উপন্যাস কিতাপ এখন পেণ্টৰ জেপতে ভৰাই লৈ আনিছিল। আধাপঢ়া উপন্যাসখন পঢ়ো বুলি সি কিতাপখন উলিয়াই ললে আৰু বননিৰ ওপৰতে পেট পেলাই শুই লৈ কিতাফখন পঢ়ি গল।
“ঐ তিলে কত মৰি আছ, দেখা নাই সৌ কজলা গৰুৱে দেৱেশ্বৰৰ ঘৰৰ জেউৰা ভাঙিলে”।
হথার্তে মহৰি দাইটিৰ মাত শুনি সি উপন্যাসৰ পাতৰ পৰা মুৰ তুলিলে। সিহঁতৰ গৰুৱে জেউৰা ভাঙিছে। উপন্যাসখন বননিৰ উপৰতে পেলাই থৈ সি হাতত হলোৱা এচাৰি ডাল লৈ দেৱেশ্বৰ হতৰ ঘৰৰ ফালে দৌৰ মাৰিলে, উদেশ্য কজলাক ইয়াৰ এটা উচিৎ ফল দিয়া।
“দাইটি আপোনি অলপ চাবচোন দেই! মোৰ খুৱ পানী পিয়াহ লাগিছে, আজি ঘৰৰ পৰা পানী আনিবলৈও পাহৰি গলো। মই পানী খাই আহো”। এইবুলি কৈ সি হাতৰ এচাৰি দলিয়াই ঘৰৰ ফালে দৌৰ দিলে। পথাৰৰ আলিয়েদি আহি থাকোতে বাটতে যতীনে লগ পাই সুধিলে, “তিলেশ্বৰ ককাইদেৱ, ইমান উধাতু খাই কলৈ যায়, আজি আপোনাৰ গৰু চৰোৱাৰ পাল পৰা নাই জানো, আপোনি নাই যোৱা নেকি”? সি মাথো গৈছো বুলি কৈ একেলৰে আহি মহৰি দাইটিৰ ঘৰৰ পদুলিমুখ পালেহি। পদুলীৰ জপনাৰ পৰাই সি ভিতৰলৈ জুমি চাই দেখিলে, ঘৰৰ দুৱাৰ বন্ধ।
“তিলেশ্বৰ, কাক বিচাৰিছ, মহৰি গৈছে গৰু পাললৈ আৰু কাচনহত ধান দাবলৈ গৈছে”। তাক মহৰিহতৰ ঘৰৰ পদুলিমুখত ৰৈ থকাৰ দেখি ওচৰৰে পদুমীৰ মাকে কলে। সি তাইৰ কথাৰ কোনো উত্তৰ নিদি পতাৰৰ ফালে আগুৱাই গল।
“ঐ তিল ককাইদেউ, তাত কি বিচাৰিছা, টেঙা খাবা নেকি এইফালে আঁহা”। পথাৰৰ মাজৰ পৰা কোনোবাই মাত লগালে। সি ইফালে সিফালে চালে। সেইয়া কাচনে মাত লগাইছে। অন্য কোনোবাই তাক তিল বুলি মাতিলে বৰ খং উঠে, কিন্তু কাচনে মাতিলে তাৰ খং নুঠে। কাচনহতে পথাৰৰ নৰানিৰ মাজত বহি টেঙা কাটি আছে। সি খৰ খোজেৰে তাহাঁতৰ ফালে আগুৱাই গল।
“কি হে তিলে, তুমিনো এই দুপৰীয়াখন কি বিচাৰিনো পথাৰৰ ফালে আহিলা”? কাচনৰ মাকে তাক দেখি কলে।
“নাই খুড়ীদেউ এনেয়ে এইফালে আহিলো”। সি কাচনৰ মাকক খুড়ী সম্বোধন কৰে।
“এইয়া লোৱা টেঙা”। কাচনে তাক নিমখ জলকীয়াৰ সৈতে টেঙা এফাল দিলে। “তিল ককাইদেউ, আমাৰ ঘৰত ৰাবাব টেঙা বহুত লাগি আছে, তুমি আমাৰ ঘৰলৈ আহিলে লৈ যাবাহি”। কাচনে কলে।
“তিলে আজি তোমালোকৰ গৰু চৰোৱাৰ পাল পৰা নাই জানো, তুমি নগলা নেকি”? কাচনৰ মাকে সুধিলে।
“অ মৰিলো”! সি কাচনৰ মাকৰ কথাষাৰ শুনি হাতখন কপালত ঢকিয়াই জাপ মাৰি উঠিল আৰু তাৰ পিছত নৰানিৰ মাজেৰে তৰা-নৰা ছিঙি ঢপলিয়াবলৈ ধৰিলে। তাৰ অৱস্থা দেখি কাচন আৰু কাচনৰ মাকে হাঁহিবলৈ ধৰিলে।
                      .......................
আবেলী লৰালৰিকৈ গোহালীত গৰুকেইটা বান্ধি কান্ধত বিৰিয়াডাল আৰু ৰাতিপুৱা তোলাই থোৱা তঙাল কেইডাল লৈ তিলেশ্বৰে পথাৰলৈ ওলাই গল। আবেলীৰ আকাশত বেলিয়ে হেঙুলীয়া বৰণ ধৰিছে। ডাঙৰি কেইভাৰ আজিয়ে আনি থব লাগিব, অকস্মাৎ ৰাতি বৰষুণ আহিব লাগিলে ধানকেইটা নষ্ট হব। অকলশৰীয়া মানুহ সি, ঘৰত মাক আৰু ভনীয়েক দুজনী, সেয়ে ঘৰৰ সকলো কাম সি অকলে চম্ভালিব লগা হয়। অলপ কষ্ট হয়, কিন্তু সি এই কষ্টক কষ্ট বুলি নাভবে, কষ্ট কৰি সি ভাল পায়।
পথাৰত এতিয়াও কিছুমান দাৱনীয়ে ধান দায়ে আছে। কোনো কোনো ঘৰলৈ ওভটিছে। বেছিভাগ পথাৰতে ধান দোৱাৰ পিছত কেৱল নৰাখিনিহে বাকী আছেগৈ। হয়তু দুই এদিনৰ পিছতে সকলোৱেৰ ধান দোৱাৰ শেষ হব। পথাৰৰ পৰা তাৰ ভনীয়েক সোনতৰা আৰু বগীতৰা ও ওভটিছে। মাক অৱশ্যে আগতে গল। মাকে চাহ তামোল ভাতৰ যোগাৰ কৰোতেই দিনটোৰ সৰহভাগ সময় যায়গৈ। তিলেশ্বৰ হতৰ পৈতৃক সম্পত্তি বুলি খাবৰ জোখাৰে খেতি মাতি কেইডৰামান আছে। খেতি সি নিজেই কৰে, পৰিশ্ৰমী মানুহ সি। অৱশ্যে কঠিয়া পৰা, ন-ভুঁই কৰা কিছুমান কামত গাঁৱখনৰ মানুহে ইঘৰে সিঘৰক সহায় কৰি দিয়া এটা নিয়ম আছে। বি. এ. পাছ কৰি ঘৰতে খেতি আৰু বেপাৰ কৰি পৰিয়ালটো পোহ পাল দি আছে। মাক আৰু ভনীয়েক দুজনীক ঘৰত অকলে এৰি থৈ সি কলৈকো যাব নোৱাৰে। কলেজত পঢ়ি থাকোতেই পিতাকে সিহঁতক এৰি থৈ গুছি গল। বহু কষ্টৰে দুই এটকা উপাজর্ন কৰি সি কলেজীয়া শিক্ষা শেষ কৰিলে। ডাঙৰজনী ভনীয়েক সোনতৰাই মেট্ৰিক পাছ কৰি কলেজত নাম লগাইছিল যদিও অর্থৰ অভাৱত পৰীক্ষা দিয়াব নোৱাৰিলে। সৰুজনী ভনীয়েক বগীতৰাই যোৱাবছৰ মেট্ৰিক পৰীক্ষা পাছ কৰি কলেজত পঢ়াৰ নামকে নুলিয়ালে।
“তিল ককাইদেউ, আপোনি যে সৌফালে পথাৰত ডাঙৰি বান্ধি এইফালে গুছি আহিল, কথাটোনো কি”?
হথাতে কাৰোবাৰ মাত শুনি সি মুৰ তুলি চালে। এইয়া দেখোন কাচন! সি কিনো চিন্তা কৰি এইখিনি পালেহি ধৰিবকে নোৱাৰিলে। সি কাচনৰ কথাৰ উত্তৰ নিদি তাইক সুধিলে-“কাচন, তোৰ এতিয়াও ঘৰলৈ যাবৰ হোৱা নাই, সকলোবোৰ দেখোন গলেই”।
“মই এইয়া যাবলৈ উঠিলোৱেই”। তাই মুৰৰ গামোচাৰ ওৰণিটো খুলি ললে আৰু পথাৰৰ পৰা আলিলৈ উঠি আহিল। সি কাচনৰ মুখলৈ চালে। আবেলীৰ বেলিৰ ৰঙা আভা পৰি তাইৰও মুখখন ৰক্তিম দেখা গৈছে।
“কাচন, তহতৰ আজি ডাঙৰি বান্ধিছে নাই” ? সি এনেয়ে সুধিলে।
“পিতায়ে বান্ধি আছে, ডাঙৰি কঢ়িয়াবলৈ গোপালক মাতিছিল, কিন্তু সিহে দেখোন এতিয়ালৈকে অহা নাই। আজি পিতাই গৰু পাললৈও গৈছিল নহয় দেৰীয়ে হল”। তাই কলে।
“অ আজি গোপাল অহাৰ আশা নাই, তাক মই অলপ আগতে মনেশ্বৰকায় ঘৰৰ সকামলৈ যোৱা দেখিছিলো”।
“তেনেহলে দেখোন আজি বিপদে হল। পিতায়ে জানো ইমানবোৰ ডাঙৰি অকলে কঢ়িয়াব পাৰিব”! কাচনে চিন্তাক্লিষ্ট মুখেৰে তাৰ চকুলৈ চাই কলে।
“মই আছো নহয়, আজি মই তোমালোকৰ ডাঙৰি কঢ়িয়াই দিম”। সি কলে।
“কিন্তু তোমাৰে দেখুন ডাঙৰি আছে, নালাদে দিয়া”। কাচনে কলে।
“মোপ বেছি নহয়, কেইভাৰমানহে হব”।
“কিন্তু তোমাৰ কষ্ট নহব জানো” ? তাই আকৌ কলে।
“মোৰ কষ্টৰ কথা তুমি চিন্তা কৰিব নালাগে নহয়। এতিয়া বলা সোনকালে”। তিলেশ্বৰে কান্ধত বিৰিয়াডাল তুলি ললে আৰু কাচনক আগত লৈ মহৰিয়ে ডাঙৰি বান্ধি থকাৰ ফালে আগবাঢ়ি গল। কিয়জানো, কাচনৰ কথা কোৱা ভঙ্গী, চাল-চলন, দুচকুৰ হাঁহি এই সকলোবিলাক তাৰ ভাল লাগে। সি সদায় ভাৱে কাচন যেন তাৰ কাষতে থাকক, তাই কাষত থাকিলে সি দুখ কষ্ট সকলো পাহৰি থাকিব পাৰে।
তিলেশ্বৰে কাচনহতৰ ডাঙৰিকেইভাৰ আনি শেষ কৰে মানে আবেলীৰ বেলি ডাৱৰৰ সিপাৰে লুকাল। কাচনৰ মাকে তাক জলপান খাবলৈ বৰকৈ জোৰ কৰিছিল যদিও পেটত ভোক থকা সত্বেও সি নাখালে। তাৰ ঘৰৰ মাতিৰ ডাঙৰি আনিবলৈ আছেই। বিৰিয়াডাল হাতত লৈ সি খৰখোজেৰে নিজৰ মাটিকেইডৰা ফালে আহিল।
অ’ পথাৰৰ ডাঙৰি কেইটা কি হল। অলপ সময়ৰ আগতে সি নিজ হাতেৰে ইয়াতে ডাঙৰিকেইভাৰ বান্ধি থৈ গৈছিল। এইখিনি সময়ৰ ভিতৰতে তাৰ পথাৰৰ পৰা ডাঙৰি কেইটা কোনে নিলে। কোনোবাই তাৰ লগত দুষ্টামি কৰিছে নেকি! তিলেশ্বৰে বান্ধি থৈ যোৱা ডাঙৰিকেইটা নেদেখি আচৰিত হৈ ভাবিলে, তাৰপিছত সময় অপচয় নকৰি সি লৰালৰিকৈ ঘৰলৈ ৰাওনা হল।
“ককাই, তই দেখোন হাতত খালি বিৰিয়াডাল লৈহে আহিলি”। সোনতৰাই তাক দেখি মাত লগালে। সি তাইৰ কথালৈ ভ্ৰুক্ষেপ নকৰি আগুৱাই আহি দেখিলে নাদপাৰত যতীনে ভৰি হাত ধুই আছে, আৰু সি বান্ধি থোৱা ডাঙৰি কেইভাৰ ভৰাঁলৰ গাধৰিত উঠি আছে। তাৰ ঘটনাটো বুজিবলৈ বাকী নাথাকিল, তথাপিও সি সুধিলে-“যতীন, তই ইয়াত কি কৰিছ” ?
“তিলেশ্বৰ ককাইদেউ আপোনি এতিয়াহে আহিছে নেকি, যি কি নহওক আজি আপোনালোকৰ ডাঙৰি কেইভাৰ ময়ো আনিলো”। যতীনে হাত ভৰি ধোৱা শেষ কৰি কলে। তিলেশ্বৰে তাৰ কথালৈ কাণ নিদি নাদপাৰৰ পৰা ঘৰৰ বাৰাণ্ডাত উঠিলেহি।
“তোক কাচনহতৰ ঘৰত ডাঙৰি কঢ়িয়াই থকা দেখি যতীনেই ডাঙৰি কেইভাৰ লৈ আহিলগৈ। ভালে হল দে তোৰো কষ্ট অলপ কমিল”। তিলেশ্বৰৰ মাকে ৰান্ধনী ঘৰৰ পৰা কলে।
“মই নাথাকিল বুলিয়েই তই আন কাৰোবাক ডাঙৰি কঢ়িয়াবলৈ কবলৈ কি দৰকাৰ। মই এনেয়ো আনিলোহেতেন”! তিলেশ্বৰে উস্মাৰে কলে।
“তোক কাচনহতৰ ঘৰলৈ মতা দেখিহে যতীনককাইদেৱে আনিলেগৈ, তাতেনো তোৰ কি জগৰ লাগিল”। এইবাৰ বগীতৰাই মাত লগালে।
“মোক কোনেও মতা নাই মই নিজেহে সিহঁতৰ ঘৰলৈ ডাঙৰি কঢ়িয়াবলৈ গৈছিলো”। তিলেশ্বৰে কলে।
“আমিও যতীনককাইদেৱক মতা নাই, তেওঁ নিজেই আহিছে”। বগীতৰাই আকৌ কলে।
“ককাইদেৱ আপোনি যদি নমতাকে কাচনহতৰ ঘৰত ডাঙৰি আনিব যাব পাৰে, মইনো কোনেও নমতাকে ইয়াত ডাঙৰি আনিব আহিব নোৱাৰিম কিয়”। চোতালৰ পৰা সকলো শুনি থকা যতীনে এইবাৰ মাত লগালে।
“মোৰ পথাৰ, মই খেতি কৰিছো, মই ডাঙৰি বান্ধিছো, ইয়াৰ পিছত মই আন মানুহ সোমোৱাটো পচন্দ নকৰো”। তিলেশ্বৰে এইবাৰ খঙেৰে কলে।
“খুড়ীটি মই যাওহে”! যতীন যাবলৈ উঠিল।
“ৰবা, তোমালৈ জলপান উলিয়াইছো নহয়”! বগীতৰাই ভিতৰৰ পৰা কলে।
“আজি নাখাও দিয়া, মোৰ দেৰী হৈছে”। এইবুলি কৈ যতীন পদুলিমুখ পালেগৈ।
“জলপান মোক দে মই খাও” তিলেশ্বৰে ডাঙৰকৈ কলে।
“লৰাতোক তই এনেদৰে খেদি পঠিয়াব লাগেনে! সিতো উচিত কথাকে কৈছিল। বেচেৰাটোৱে ডাঙৰি কেইভাৰ আনি জলপানটো নোখোৱাকৈ গুছি গল”। মাকে কলে।
“জলপান দিলো এইয়া”! সোনতৰাই ভিতৰৰ পৰা তাক জলপান খাবলৈ মাতিলে। সি গৈ পদুলিমুখ পালেগৈ। আলিলৈ চালে, যতীন গৈ বহুদুৰ পাইছেগৈ। ছেঃ সি বাৰু তাক বেচিকৈয়ে কলে নেকি! যতীন লৰাটো বেয়া নহয় কথাবতৰাই। কলেজত পঢ়ি আছে, সকলোৱেৰ লগত মিলিজুলি থাকিব পাৰে। তিলেশ্বৰ ভিতৰলৈ সুমাই আহিল।
পিছৰ খণ্ড অহা মাহত...

Wednesday, 21 December 2011

ছলনা

অৰুণে ৰুণাৰ কপালত এটা দীঘলীয়া চুমা দি নিজৰ বিলাসী গাড়ীখনত বহিলগৈ। তাৰপিছত গাড়ীৰ পৰাই আকৌ হাতেৰে ৰুণালৈ বুলি পুনৰ এটা চুমা যাচিলে। ৰুণাই ও তাইৰ হাতখন জোকাৰি অৰুণক গুডবাই দিলে।
অৰুণ আজি খুবেই সুখী। কি নাই আজি অৰুণৰ ওচৰত! টকা-পইচা, সা-সম্পত্তি, ঘৰ-দুৱাৰ, ধুনীয়া পত্নী সকলো আছে। মনৰ আনন্দত তাৰ মুখৰ পৰা অজানিতে হিন্দী গানৰ কলি এটা ওলাই গল। গানটো গুণগুণাই সি কাৰখন তীব্ৰ গতিত চলাই নিলে আজি নতুনকৈ উদ্ধোধন কৰিবলৈ যোৱা তাৰ নতুন চাহ ফেক্টৰিটোৰ ফালে। ৰুণাক বিয়া কৰোৱাৰ পিছৰে পৰা তাৰ জীৱনেই গতিয়েই সলনি হৈ গল। সি এতিয়া তাইৰ ওচৰত বিচাৰি পাইছে যি খিনি তাৰ প্ৰথমা পত্নী মিতালীয়ে দিব পৰা নাছিল। ৰুণাক সি বিয়া কৰোৱাৰ বৰ বেছিদিন হোৱা নাই, মিতালীৰ মৃত্যুৰ এমাহৰ পিছতে সি ৰুণাক বিয়া কৰাইছে। সি ভাবিলে এবাৰ মিতালীৰ কথা, ধন সম্পত্তি বাহিৰে তাক অন্য আৰু কি বস্তু দিব পাৰিলে। আজি মিতালীৰ মৃত্যুৰ দুমাহৰ পিছতো সি অলপ সময়ৰ বাবেও তাইৰ অভাৱ অনুভৱ কৰিব পৰা নাই একমাত্ৰ তাৰ বতমার্নৰ পত্নী ৰুণাৰ মৰমৰ বাবেই। কোনো ক্ষোভ নাই মিতালীৰ মৃত্যুত, বৰঞ্চ সি আজি সম্পূর্ণ সুখী ৰুণাৰ নিচিনা এগৰাকী জীৱন লগৰী পাই। অৰুণ আৰু ৰুণা, আঃ কি যে এক অদ্ভুত মিল আছে নাম দুটাৰ লগত। ৰুণাই সচাকৈয়ে কয়, সি কেৱল তাইৰ বাবে আৰু তাই কেৱল তাৰ বাবে।
অৰুণৰ মনলৈ কিছুমান পুৰণি কথা আহিল। মৃত্যুৰ পিছত আজিয়ে প্ৰথমবাৰৰ বাবে তাৰ স্বগর্গামী পত্নী মিতালীৰ কথা মনলৈ আহিল। মিতালী আছিল তাৰ প্ৰথমা পত্নী আৰু কোটিপতিৰ একমাত্ৰ জীয়েক। আনফালে তাইৰ তুলনাত সি বাটৰ ভিকহু আছিল বুলি কলেও বেছি কোৱা নহয়। মনে মনে সি তাইক ধন্যবাদ জনালে আজি তাক এনে এটা জীৱন দি থৈ যোৱাৰ বাবে। কি চাইনো মিতালীয়ে তাৰ নিচিনা এটা বাটৰ ভিকহুক বিয়া কৰালে সি আজিও ভালদৰে বুজি নাপালে। সেই সময়ত সি তাইৰ বাপেকৰ কায্যালয়ত কাম কৰা এজন সাধাৰণ কমর্চাৰিহে আছিল। কিন্তু সি নিসন্দেহে কব পাৰে যে তাৰ ওচৰত পুৰুষসুলভ এটা ধূনীয়া চেহেৰা আছে। কলেজত পঢ়ি থকা সময়তে তাৰ পিছে পিছে ঘুৰি ফুৰা ছোৱালীৰ জাকতোৰ পৰাই সি এই কথা অনুমান কৰিব পাৰিছিল। হয়তো মিতালীয়েও তাৰ এই পুৰুষ সুলভ চেহেৰাত মোহ গৈয়ে তাৰ পৰা প্ৰেম বিচাৰি তাৰ লগত বিয়াত বহিছিল। কিন্তু তাৰ আচলতে চকু আছিল মিতালীৰ আৰু তাইৰ দেওতাকৰ সম্পত্তিৰ ওপৰত, গতিকে বিয়াৰ প্ৰস্তাৱত সি অমান্তি হোৱাৰ প্ৰশ্নই নাছিল। অৱশ্যে প্ৰথম অৱস্থাত তাৰ নিচিনা নিম্নখাপৰ এজন কমর্চাৰিক মিতালীৰ দেওতাকে জোৱাঁই কৰি লবলৈ আপত্তি কৰিছিল। কিন্তু একমাত্ৰ জীয়েক মিতালীৰ জিদৰ ওচৰত বাপেকে সোনকালে হাৰ মানিছিল। তাইৰ কথামতে সি তাৰ নামৰ পিছৰ উপাধিটো হেৰুৱাই তাইৰ পৰিয়ালৰ লগত একেলগে থাকিবলৈ লৈছিল আৰু কায্যালয়টোৰ নিম্নবর্গৰ কমর্চাৰী পয্যায়ৰ পৰা একেছাতে সি মালিকৰ শাৰীলৈ পদ্দোন্বিত হৈছিল। তাৰ পিছৰ পৰা সি বিশ্বাস কৰিবলৈ ললে যে মিতালীৰ দেওতাকৰ পিছত এই সমস্ত সম্পত্তিৰ মালিক কেৱল সিয়ে। আৰু ই সত্যও, সিহঁতৰ বিয়াৰ কিছুদিনৰ পিছতে মিতালীৰ দেওতাকৰ হৃদৰুগত মৃত্যু হয় আৰু তাৰ পিছৰেপৰা এই সমস্ত কায্য সিয়ে চম্ভালিব লগা হয়। মিতালী আৰু তাৰ যুগ্ম জীৱন পিছৰ দুটা বছৰৰলৈকে খুৱ ভালদৰে গৈছিল। সেই সময়ত সি অনুভৱ কৰিছিল, ভগৱানে তাক সকলোখিনিয়ে দিছে। মিতালী দেখিবলৈ বৰ আকর্ষণীয় নহলেও তাই তাক প্ৰাণভৰি ভাল পাইছিল। সিহঁতৰ দুজনীয়া পৰিয়ালটো কেৱল সুখ আৰু শান্তিৰ মাজৰেই পাৰ হৈ গৈছিল।
সেই সময়তে কোনোৱা এটা পাটির্ত লগ পাইছিল ৰুণাক। ৰুণা তাৰ চহৰখনত ককায়েকৰ লগত নতুনকৈ থাকিবলৈ আহিছিল। ৰুণাৰ লগত তাৰ প্ৰথম সাধাৰণ চিনাকী যদিও প্ৰথমৰে পৰা তাৰ ৰুণাক ভাল লাগিছিল আৰু লাহে লাহে তাইৰ লগত অন্তৰগতা অধিক হৈ পৰিল। প্ৰথমতে কোনোৱা প্ৰাইভেত কোম্পানীত সৰু চাকৰি কৰা ৰুণাক সিয়ে তাৰ কায্যালয়ত তাৰ ব্যক্তিগত সহায়ক হিচাপে অন্তভুক্ত কৰিলে। তাৰ পিছৰে পৰা ৰুণাৰ লগত তাৰ সম্পর্ক অধিক মধুৰৰ পৰা মধুৰতম হৈ পৰিল। ৰুণা তেতিয়া তাৰ বাবে কেৱল কায্যালয়ৰ সহায়কে নহয় এগৰাকী বান্ধৱী আৰু তাইক জীৱন সংগী কৰি লোৱাৰও সপোন দেখিছিল। সি ৰুণাৰ ওচৰত সি সকলো খিনিয়ে বিচাৰি পাইছিল যিখিনি হয়তো মিতালীয়ে তাক দিব পৰা নাছিল। ৰুণা মিতালীৰ তুলনাত দেখিবলৈ কেইবাগুনে ধূনীয়া, আৰু এই ৰূপত ডুব গৈ থাকি সি পাহৰি গল যে সি এজন বিবাহিত পুৰুষ। ৰুণাৰ সংগতে সি পৃথিৱীখন নতুন চকুৰে দেখিবলৈ আৰম্ভ কৰিলে। সি ভাবিলে মিতালীয়ে কেৱল তাক টকাহে দিব পাৰিলে কিন্তু দিব নোৱাৰিলে এজন পুৰুষে বিচৰা সকলোখিনি। দিব পাৰিছেনে ৰুণাৰ দৰে বুকু ভৰাই মৰম! সি ৰুণাক বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতি দিলে। কিন্তু মিতালীৰ জীৱিত থকাৰ অৱস্থাত সি ৰুণাক বিয়া কৰাব কেনেকৈ! ৰুণাক বিয়া কৰাবলৈ মিতালীক ডাইভোচ দিয়াৰ তাৰ সাহষ নাছিল কাৰণ চতুৰ মিতালীৰে সকলো সম্পত্তি তাইৰ নিজৰ নামত কৰি থৈছিল। সি তাইক তেতিয়া বিবাহ-বিচ্ছেদ দিলে সি পুনৰ বাটৰ ভিকহু হব লাগিব কাৰণ সি ভালকৈয়ে জানে মিতালীয়ে তাক ডাইভোছৰ পিছত তাইৰ অজস্ৰ সম্পত্তিৰ এক ফুটাকড়িও নিদিয়ে। ইফালে বাটৰ ভিকহু এটাক জানো ৰুণাই বিয়া কৰাব! তেনেহলে মিতালীৰ মৃত্যুৰ পিছতহে সি ৰুণাক বিয়া কৰাব পাৰিব।
পৰিকল্পনাটো সিহঁত দুয়োটাই মিলি কৰিছিল। এদিন হথার্তে মিতালীৰ গা ভাল নাইকীয়া হল। সাধাৰণ আৰম্ভনি যদিও লাহে লাহে মিতালীৰ গা অধিক বেয়াৰ ফালে যাবলৈ ধৰিলে। ডাক্তৰৰ একো ঔষধে মিতালীক ভাল কৰিব নোৱাৰিলে আৰু এদিন মিতালীয়ে একো নজনাকৈয়ে চকু মুদিলে। মিতালীৰ মৃত্যুৰ পিছত তাইৰ সকলো সম্পত্তিৰ মালিক সিয়ে। তাৰ পিছত সিহঁতক পায় কোনে! তেতিয়া পৰা সি আৰু মিতালী সম্পূর্ণ সুখী। এই যে আজি হাতত টকাৰ ব্ৰীফকেচ্ আৰু বিলাসী গাড়ী চলাই ঘুৰিব পাৰিছে এই সকলোবিলাক মিতালীৰে উপহাৰ। বেচেৰি মিতালী! কথাবোৰ ভাবি তাৰ চকুৰে মুখে হাঁহি এটা বাগৰি গল।
সন্মুখৰ টার্নিংটো ঘুৰাবলৈ সি কাৰখনৰ এস্কেলডাল ঢিলা কৰি ব্ৰেগত ভৰি দিলে, কিন্তু কি আচৰিত! গাড়ীখনে গতি কমাৰ কোনো ইগিংতেই নিদিলে। সন্মুখৰ টানিংটো সি কোনোমতে পাৰ কৰাই কাৰখনৰ ব্ৰেগডাল সি জোৰেৰে হেচা মাৰি ধৰিলে, কিন্তু গাড়ীখনৰ গতি আগতকৈ অধিকহে হল। তাৰ বুজিবলৈ বাকী নাথাকিল যে গাড়ীৰ ব্ৰেকফেইল হৈছে। ফুল স্পীডত গৈ থকা কাৰখন ব্ৰেগ নধৰাকৈ ৰখোৱা যায় কেনেকৈ সি ভাৱি নাপালে। এইবাৰ সি কাৰ দুৱাৰখন টান মাৰি খুলিবলৈ চেষ্টা কৰিলে। অন্তত দুৱাৰেদি ওলাব পাৰিলে ভৰি হাত এখন ভাগিলেও জীৱনটো ৰক্ষা পৰিব। কিন্তু কি আচৰিত! দুৱাৰখনো লক হৈ গৈছে। কথাবোৰ ভাৱি সি আতংকত কপি উঠিল। তাৰ আজি মৃত্যু নিশ্চিত তেনেহলে। তাৰ অবিহনে ৰুণাই কি কৰিব! ৰুণালৈ মনত পৰাত তাৰ কান্দিবলৈ মন গল। সি এবাৰ মনতে ভাৱিলে, আজি কাৰখনত তেল ভৰোৱা হোৱা নাই, যদি এক্সিডেণ্টৰ আগতে তেল শেষ হৈ যায় তেনেহলে সি বাচি যাব। সি ধৈয্য ৰক্ষা কৰি কাৰখন নিয়ন্ত্ৰন কৰি চলাই যাবলৈ ধৰিলে। কিন্তু তেতিয়াই সি সন্মুখৰ ফালৰ পৰা দুখন ট্ৰাক সমানে আহি থকাৰ সি দেখা পালে। এখন ট্ৰাকে তাক গাড়ীৰ স্পীড কমাবলৈ ইংগিত দিলে, কিন্তু সি যে অসহায় ট্ৰাককেইখনে কেনেকৈ বুজি পায়। এতিয়া ট্ৰাকদুখন তাৰ নিচেই সন্মুখত, সি কৰিব নকৰিব ভাবি জোৰেৰে তাৰ গাড়ীৰ ষ্টেৰিং বাওফালে ঘুৰাই দিলে। সি চলাই যোৱা কাৰখনে এজোপা প্ৰকাণ্ড গছত খুণ্ডা মাৰি পথৰ পৰা বহু তললৈ সৰি পৰিল।
অৰুণৰ মৃত্যুৰ পিছত ৰুণা সামাজিক আৰু আইনগত সকলোখিনি কাম-কাজ সোনকালে কৰি শেষ কৰিলে। এক সপ্তাহৰ ভিতৰতে তাই ব্যক্তিগত উকীলজনৰ লগত কথাপাতি সিহঁতৰ সকলো সম্পত্তি বিক্ৰী কৰি দিলে। তাই এই ঠাইত আৰু অধিক দিন থাকিব নিবিচাৰে। ইতিমধ্যে তাই যি বিচাৰিছিল সকলোখিনি কাম সুকলমে কৰি শেষ কৰিলে। তাইৰ কামত সকলো সময়তে সহায় কৰিছিল তাইৰ ককায়েক ওৰফে তাইৰ ব্যৱসায়ী সংগী। ৰুণাৰ নাম আচলতে ৰুণাও নহয়। তাইৰ প্ৰকৃত নাম নায়েই। ভিন্ন ঠাই, ভিন্ন মক্কেলৰ উচৰত ভিন্ন নাম। আকৌ এখন নতুন ঠাইত এটা নতুন নাম লৈ নতুন পৰিকল্পনাৰে এজন নতুন মক্কেলৰ সন্ধানত তাই নামি যাব। বেচেৰা অৰুণে গমেই নাপালে যে তাৰ যে তাৰ কাৰখন প্ৰাকৃতিক ভাৱে ব্ৰেকফেইল হোৱা নাছিল।
সমাপ্ত

Sunday, 18 December 2011

তুমি আছা সিটো পাৰে


তাইৰ অনিমেশৰ সৈতে বিয়া হোৱা আজি দুটা বছৰ পাৰ হৈ গল, তথাপি তাই আজিলৈকে বুজি নাপালে অনিমেশক নিছে ওচৰৰ পৰা, নে তাই তাক বুজিবৰ অকনো চেষ্টা নকৰিলে। বিয়া হোৱাৰ আগতে এজনী ছোৱালীয়ে তাইৰ ভৱিষ্যতৰ সংসাৰখনক লৈ কিমান যে সপোন ৰছে, কত ভাৱনাত বিভোৰ হয় তাইৰ সপোন কোঁৱৰজনৰ কথা ভাৱি, কিন্তু তাই বিয়া হোৱাৰ প্ৰথমদিনৰে পৰা অনুভৱ কৰিছে মাত্ৰ যান্ত্ৰনাৰ। তাই যোন কোনোৱা ভুল প্ৰার্থীৰ লগতহে বিয়াত বহিল। তাই সপোনত বিচাৰি ফুৰা কোঁৱৰজনটো অনিমেশ নহয়।
অনিমেশ যে দেখাত কুসিৎ নতুবা বদ-সস্বাৱ আছে তেনে নহয়। হয়তো অনিমেশ তাইতকৈ অধিক ব্যক্তিত্বসম্পন্ন। তথাপিও তাই আজিলৈকে অনিমেশক বুজিবৰ চেষ্টা নকৰিলে, নকৰিলে তাইক আকর্ষণ অনিমেশৰ ব্যক্তিত্বই ,একো উত্তেজনাৰ অনুভৱ নকৰে অনিমেশৰ স্পশর্ত। তথাপিও অনিমেশে তাইক আজিলৈকে একো দুখ দিয়া নাই, কোৱা নাই সি তাইক এষাৰো টান কথা। অনিমেশে প্ৰায়ে তাইক সুধে কি ভাল লাগে  তাইৰ ...তাইও বুজিব পৰা নাই কি কব অনিমেশক, কি কাৰণে অসুখী তাই, তাই যেন নিজে বুজিব খুজিও বাৰে বাৰে ৰৈ যায়।
        এতিয়া নিশা, অনিমেশ তাইৰ কাষৰ বিচনাত। প্ৰথমতে সি তাইক আলিংগনৰ চেষ্টা কৰিছিল যদিও তাই সহাৰি নিদিয়াত শান্ত হৈ শুই পৰিল। তাই অনিমেশৰ শান্তশিষ্ট মুখখনলৈ চালে এবাৰ। তাই তাৰ ওপৰত একো অন্যায় কৰা নাইটো, তাৰ প্ৰতি এনে ব্যৱহাৰ কৰি। কিন্তু কি কৰিব তাই, তাই যে অসুখী। তাইৰ এই ব্যৱহাৰ ইচ্ছাকৃত নহয়, আগতে বহুবাৰ চেষ্টা কৰিছে তাই অনিমেশক মৰমেৰে আকোৱলী লোৱাৰ কিন্তু তাই যে পৰা নাই। সি তাইৰ অধিক ওচৰ চাপি আহিলেই তাইৰ মনত কিছুমান খেলিমেলিৰ সৃষ্টি হয়, সিহঁতৰ মাজত সুমাই পৰে তৃতীয় এজনৰ এখন মুখ। কাৰ মুখ এইখন ? প্ৰথমতে তাই উচাপ খাই উঠে, লাহে লাহে স্পষ্ট হৈ উঠে মুখখন, আৰু সেই মুখখনে সিহঁতৰ মাজত দুৰত্ব বঢ়াই তোলে ক্ৰমান্বয়ে দুৰলৈ।
        আকাশ! এখনি মৰম লগা মুখ তাইৰ বাবে। লাহে লাহে এই মৰম লগা মুখখনৰ অধিকাৰীজনকেই তাইৰ অতিকে আপোন যেন লগা হল। সিহঁতৰ ভাৰাঘৰটোতে থাকিছিল আকাশহতৰ পৰিয়ালতো। অতিকে ভাল লাগিছিল আকাশহতৰ পৰিয়ালৰ প্ৰতিজল লোককে তাইৰ। সিহঁত দুয়োটা পৰিয়াল একেতা যেনেই লাগিছিল তাইৰ। তাই সেইটোকে হোৱাটোকে কামনা কৰিছিল, তাই বিছাৰিছিল আকাশহতৰ পৰিয়ালটোক নিজৰ কৰি লোৱাৰ। তাই ঘন্টাৰ পিছত ঘন্টা আকাশৰ লগত কথাপাতি কটাইছিল, আৰু আকাশে তাই আহিলেই সুখী হৈছিল। দিন আৰু ৰাতি তাই আকাশৰ কথাকে ভাবিছিল, তাই ভাৱিছিল আকাশে তাইৰ ওচৰত প্ৰেম নিবেদন কৰক। কিন্তু...!
        কিন্তু, আকাশে জানো তাইক ভাল পাইছিল ?
        ভাল পাইছিল হয়, কিন্তু তাইৰ দৰে নহয়। আকাশ তাইৰ কাৰণে তাইৰ দৰে তাইক পাবৰ কাৰণে হয়তো পাগল নাছিল। এইয়াই সত্য তাইৰ বাবে, আকাশে তাইক তাইৰ দৰে ভাল পোৱা নাছিল। সেই ভালপোৱা আছিল বন্ধুত্বৰ ভালপোৱা। তাই এই বন্ধুত্বক অপমান কৰিব নুখুজিলে, আৰু সেয়ে তাই আকাশৰ ভালপোৱাক ঠেলামাৰি অনিমেশৰ ওচৰলৈ গুছি আহিল ভালপোৱাক নতুন ধৰনে আকোৱালী লবলৈ। কিন্তু তাইৰ ভুল হল। ভালপোৱা যে এবাৰে হয় সেই কথা তাই বুজিব পাৰিলে তাই এই দুবছৰে।
        ৰাতিপুৱা তাই পলমকৈ হাৰ পালে। নিশাটো টোপনি নাহিলেই, আজি ৰাতি আকাশৰ কথা যে বৰকৈ মনলৈ আহিছিল। পিছৰাতিৰ পৰা অলপ টোপনি ধৰিছিল সেয়ে পুৱা শুই উঠাত পলম হল। ইতিমধ্যে অনিমেশে তাইলৈও চাহ তৈয়াৰ কৰি আনিলে। তাই একো সৌজন্যতাবোধ নেদেখোৱালে, অনিমেশেও একো পৰিবর্তন নেদেখিলে।
        কিছু সময়ৰ পিছতে অনিমেশ অফিচলৈ ওলাই গল। ব্ৰেকফাষ্ট তাইয়ে ৰেডি কৰিলে। অনিমেশ যাবৰ সময়ত তাইক মাত লগাই যাবলৈও পাহৰিলে। কিন্তু  তাৰ ওচৰত তাইৰ একো অভিযোগ নাই। তাইক লাগে মাথো এতিয়া নিসংগতা।
দুপৰিয়া টিভিৰ ৰিমর্ট টিপি থকাৰ সময়তে কলিংবেলটো বাজি উঠিল। অনিমেশ আজি সোনকালে ওভটিল অফিচৰ পৰা, এতিয়া তাইক কৰবালে ফুৰিবলৈ লগ ধৰিব। কিন্তু তাইৰ যে আজি কতো যাবলৈ মন যোৱা নাই। বিনা উদ্দেগৰে তাই দুৱাৰ খুলি দিলেগৈ।
আগন্তকক দেখি তাই বৰ আচৰিত হল, থৰ লাগি চাই থাকিল। এইয়া যে আকাশ! আগতেও আকাশ তাইৰ ঘৰলৈ আহে গতিকে আচৰিত হবলগা একো নাছিল। কিন্তু আজি  যে তাই আকাশৰ কথাকে ভাবি আছে। আকাশৰ মাততহে তাইৰ সম্বিৎ আহিল । তাই আকাশক ভিতৰলৈ মাতি নিলে।
“এইকেইদিন তোমাৰ কথা বৰকৈ মনত পৰি আছিল সেয়ে গুছি আহিলো তোমাৰ খবৰ এটা লৈ যাও বুলি। মইয়ো এইকেইদিনমান কাম এটাত এই চহৰতে আছো” । আকাশে কলে।
কিমান যে মিল আছে আকাশৰ লগত তাইৰ। তাই আকাশৰ কাৰণে চাহ জলপান তৈয়াৰ কৰিলে, তাৰ পিছত ঘৰৰ কথা-বতৰা।
“তুমি এতিয়াও বিয়া পতা নাই আকাশ ? সোনকালে ভাল পোৱা ছোৱালী এজনী চাই বিয়াখন পাতি লোৱা”। তাই কথাৰ মাজতে কলে।
“যেতিয়া ভালপোৱাজন দুৰলৈ গুছি যায়, তেতিয়া কাকোৱে ভাল নলগা হয়”। আকাশে দুষেৰে কলে।
“ সেয়ে কৈছো, সোনকালে ভালপোৱাজনক আদৰি লোৱা। নহলে পিছত বহুত কষ্ট হয়”।
“কিন্তু মই ভালপোৱা গৰাকী ইতিমধ্যে আনৰ হৈ গৈছে”। সি গহীন ভাৱেৰে কলে।
“মানে তুমি কি কব খুজিছা”?
“মই তোমাক ভাল পাইছিলো”। আকাশে হথার্তে কলে।
“………”
“সচাকে মই তোমাক খুৱ ভাল পাইছিলো কিন্তু মই কব নোৱাৰিলো তেতিয়াই, এতিয়া মই অনুভৱ কৰিছো মই খুৱ অকলশৰীয়া”। আকাশে আকৌ কলে।
তাইৰ মুৰত যেন সৰগহে ভাগি পৰিল। কি কৈছে আকাশে এইয়া তাইৰ আগত। সিয়ো তাৰমানে তাইকে ভাল পাইছিল। কিন্তু তেনেহলে কিয় এনে হল। ভগৱানে কিয় সিহঁতৰ ভালপোৱাক নিমিনালে। তাই আকাশৰ চকুলৈ চালে, তাৰ চকুত হৃদয় ভাগি যোৱা বেদনা।কিন্তু এতিয়া যে বহুত পলম হৈ গল আকাশ। তাই ভাবিলে। কিছুসময়ৰ পিছতে আকাশ গুছি গল। যোৱাৰ আগতে তাইক ক্ষমা খুজিলে। সি যোৱাৰ ফালে মাথো তাই চাই থাকিল, একো কব নোৱাৰিলে তাই আকাশক।
সমাপ্ত

Wednesday, 14 December 2011

ভূত নে ভ্ৰম


        গাওঁখনৰ সীমামুৰিয়া অঞ্চলেদি পাৰ হৈ যোৱা শিলগুটি দিয়া পথটোৰ বৃহৎ আঁহত গছজোপাই অৱস্থান কৰা ঠাইডোখৰ গাওঁখনৰ জনসাধাৰনে মনতে জয়াঁল বুলি ভাৱে। সাধাৰণতে মুকলি ঠাইডোখৰত আঁহতজোপাৰ তলতে গাওঁখনৰ প্ৰাথমিক বিদ্যালয়খন আৰু তাৰ বিপৰীত ফালে চেনদৈৰ ঘুমতি দোকানখন আছে। সেই ঠাইডোখৰৰ পথটোৰ এটা ফালে বিস্তৃর্ণ পথাৰ, আনফালে দ হোলা আৰু তাৰ পৰা কিছুদূৰতে হাবিখন। সন্ধ্যা সাত বজাৰ পিছতে চেনদৈয়ে দোকান বন্ধ কৰি ঘৰলৈ যোৱাৰ পিছত ঠাইডোখৰ নিমাওমাও হৈ পৰে। অৱশ্যে তাৰ আগৰলৈকে চেনদৈৰ দোকানৰ আগত গাৱঁৰে দুই এটা ডেকা লৰাই কথাৰ মহলা মাৰিবলৈ সদায়ে আহে। বতৰ ডাৱৰীয়াই হওক বা ফৰকালেই হওক, নতুবা পূণির্মাৰ নিশাই হওক বা আঁউসি নিশাই হওক, সেই আঁহতজোপাৰ তলৰ ঠাইখিনি সদায়ে অন্য ঠাইতকৈ কিছু গভীৰ আন্ধাৰ যেন দেখি। সেয়ে যিকোনো খামি ডাঠ মানুহো আঁহতজোপাৰ তলেদি পাৰ হৈ যাওতে কমকৈ হলেও বুকুখন কপি উঠে। কোৱামতে এবাৰ হেনু গাঁৱৰে শৰতক গধূলী বেলিকা সেই আঁহতজোপাৰ তলৰে পৰাই কোনোৱা মানুহ এজনীয়ে মাতি হোলায়েদি হাবিলৈ নি গোটেই ৰাতি তাইৰ লৰা-পোৱালি ৰখিবলৈ দিলে। পিছত ছেগ বুজি সি তাৰ পৰা পলাই আহিহে নিজৰ প্ৰাণ ৰক্ষা কৰিলে। গাওঁখনৰ মানুহৰ মুখত প্ৰচলিত মনে হাবিখনত বহুত মানুহৰ মৰিহালি আছে আৰু ৰাতি হলে সেই মৰিহালিৰ আত্মাবোৰে আঁহতজোপাৰ তলতে জিৰণি লৈয়হি আৰু তেতিয়া বাটে অহাযোৱা কৰা মানুহ লগ পালে অন্য মানুহৰ ৰূপ ধৰি লগত লৈ যায়। গাঁখনৰ বহুত মানুহে সেই আঁহতজোপাৰ তলতে আত্মা বহি থকা, গালৈ কেচমমূতা দলিওৱা, কাষৰ হোলাত জপং জপং কৈ মাছ ধৰি থকা  আৰু হাবিত ধনগুলৈ জুই দেখাবুলি দাবী কৰে যদিও ইয়াৰ প্ৰত্যক্ষ প্ৰমান কাকোৱে দিব পৰা নাই।
        এবাৰ আকৌ কি হল! গাঁৱৰে চেঙেলিয়া লৰা নাম তুলা। সন্ধ্যা সাত বাজি গৈছিলহে। চেনদৈয়ে দোকান বন্ধ কৰি ঘৰলৈ গল। সেইদিনা গাঁৱৰে সিফালৰ মানুহ এগৰত ন-খোৱা সকাম আছিল। সকামৰ ভোজ খাই তুলা ঘৰলৈ অকলেই খোজকাঢ়ি ওভটিছিল। যিহেতু সি ঘৰলৈ যাবলৈ সেই আঁহতজোপাৰ তলেদিয়েই পাৰ হব লাগিব গতিকে হাতত সি বাটৰ পৰা শিলগুটি দুটা বুটুলি ললে আৰু শিলগুটি দুটা যুজাই খিট খিটকৈ বজাই যাব ধৰিলে ভয়টো কমাবৰ বাবে। ইপালে আকৌ ঘৰত সাহিয়াল বুলি দম্ভ মাৰি ফুৰা দেৱক পঠিয়ালে তুলাক সকামৰ ঘৰৰ পৰা আগবঢ়াই আনিবলৈ। দেৱ আহি আঁহতজোপাৰ ওচৰ পাইছেহিহে, এনেতে সি শুনিলে যে আঁহতজোপাৰ তলত কোনোবাই খুঁটি তাল বজাই আছে। সি বুকুত সাহষ বান্ধি সেই ঠাইতে তভক মাৰি ৰৈ শব্দটো মন দি শুনিব ধৰিলে প্ৰকৃততে সেয়া তাল মানুহে বজাইছে নে ভূতে বজাইছে। খন্তেক পিছতে সি ধৰিব পাৰিলে যে শব্দটো লাহে লাহে তাৰফালেই আগুৱাই আহিছে। সি এইবাৰ নিশ্চিত হল যে সেয়া তাক মায়া কৰি নিবৰ বাবেই ভূতেই তাল বজাইছে। ভয়ত দেৱই কি কৰো নকৰো ভাৱি দিলে ওলোটাই লৰ। ইফালে তুলাৰ আকৌ কি হল! সি মন কৰিলে যে তাৰ আগতে অথার্ত আঁহতজোপাৰ তলৰে পৰাই কিবা এটাই জপজপাই তাৰ ফালে খেদি আহিছে। ভয়ত সিও হাতৰ শিলগুটি দলিয়াই বিপৰীত ফালে দিলে লৰ। তাৰ পিছৰ দুদিন দুয়োটায়ে তমোময় জ্বৰ হল। সেইবাৰলৈ বেজ-জ্ঞানী লগাইহে সিঁহতদুটাৰ ৰক্ষা হল।
        গাঁও খনত কেইটামান ভূত প্ৰেত বিশ্বাস নকৰা সাহিয়াল ডেকা লৰাও আছে। সিঁহতে ভূতৰ সন্ধানত আঁহতজোপাৰ তলত কেইবা ৰাতিও কটাইছে বুলি গাঁৱৰ মানুহৰ আগত কয়। ভূত-প্ৰেতটো বাদেই বতাহৰ বাদে অন্য কোনো বস্তুৱে আঁহত গছৰ ডাল-পাত এখিলা লৰোৱা সিঁহতৰ চকুত পৰা নাই।
        গাঁৱৰ তিনিআলি চক্ টোত আড্ডা দিয়াটো অন্য যুবককেইজনৰ দৰে মোৰো এটা নিয়মিত অভ্যাসত পৰিনত হৈছে। আমাৰ আড্ডাত তাচপাতৰ খেলাৰ লগতে ৰাজনীতি, অথর্নীতিৰ পৰা আৰম্ভ কৰি খেল, চিনেমা, ভূত-প্ৰেতৰ লৈকে স্থান পায়। সেইদিনা সন্ধিয়া ভূতৰ কথা আৰু টুৱেন্টি নাইন খেলি ঘৰলৈ ওভটো মানে ন-মানেই বাজিল। লগৰ লগৰীয়াক আড্ডাস্থলীতে এৰি থৈ চাইকেল চলাই ঘৰলৈ বুলি ৰাওনা হলো। ময়ো সেই স্থানৰ পৰা ঘৰ পাবলৈ সেই আঁহতজোপাৰ তলেদিয়ে যাব লাগে যদিও সদায় সন্ধিয়া সেই বাটেৰেই অহা যোৱা কৰি আছো বাবে মোৰ মনত ভয় শংকা নালাগে। সেইদিনা অমাৱস্যা নিশা, বতৰটোও অলপ ডাৱৰীয়া। মানুহবোৰৰ মতে এনে এনেকুৱা নিশাই হেনু এই আঁহতজোপাৰ তলত ভূত ওলাই। গাঁৱৰ মানুহবোৰৰ যে ভয়টো, মোৰ মনে মনে হাঁহি উঠিল। এইবোৰ কথাকে ভাৱি ভাৱি চাইকেল চলাই আহি মই আঁহতজোপাৰ তল পালোহি। হথার্তে গছজোপাৰ ডাল এটা সজোৰে লৰি উঠিল। সমান্য বতাহ বলি আছে যদিও, এই বতাহত গছৰ ডালটো ইমান জোৰেৰ লৰি উঠাটো সম্ভৱ নহয়, তেনেহলে গছজোপাৰ তলত কিবা আছে, দেৱয়ে মোক কোৱা কথাটো সচা। চাইকেল খন মই ব্ৰেক মাৰি ৰখাই দিলো। আঁহতজোপাৰ তলত চুচুক-চামাক কৈ ৰৈ থকা দুটা ছাঁয়ামূত্তি মোৰ দৃষ্টিগোচৰ হল। এবাৰ মোৰ নাম ধৰি সৰুকৈ মতাও মই শুনিলো। কোন হব পাৰে এই দুটা, গাঁৱখনৰ মানুবোৰে কোৱাৰ দৰে এইকেইচা ভূতেই নেকি, মই ভাবি ৰৈ দিলো। তেনেহলে আজি মোক আঁহতৰ তলত সচাকৈয়ে ভূতে পালে। উত্তেজনাত মই ঘামি উঠিলো। পিছমুহূত্ততে মই ভাবিলো, দেখা যাওক আজি এই ভূতদুটাই মোক কি কৰে। লাহে লাহে মই ছাঁয়ামুত্তি দুটাৰ ফালে আগবাঢ়ি গলো। আৰে এইয়া দেখোন কমল আৰু ভৰত হে। সিঁহতদুটাই এই নিশাখন আঁহতৰ তলত কি কৰিছে।
        “ঐ ৰহ, আমি এইখিনি একেলগে যাও, আমিও তই অহালৈকে ৰৈ আছো”।– কমলে মোৰ চাইকেলৰ হেণ্ডেলত ধৰি কলেহি।
        “তঁহতি মোক ভাল ভয় খোৱালি দেই, মই আকৌ তঁহতক ...”
        “কি বুলি ভাবিছিলি, ভূত!” ভৰতে কথাষাৰ এনেদৰে কলে যে সি সঁচাকৈয়ে ভূতেই। তাৰ পিছত সি খুক খুককৈ হাঁহিবলৈ ধৰিলে। তাৰপিছত সি আকৌ কলে “বাৰু কচোন, আজি তই আমাৰ ঘৰলৈ যাৱনে, আমি তোৰ ঘৰলৈ যাও ?”
        “আমি সকলো একেফালেই নাযামজানো ?” মই বুজি নাপাই সুধিলো।
        “ওহো নহয়, তই যাবি এইফালে” কমলে মোৰ ঘৰৰ ফালে আঙুলিয়াই দেখোৱালে, “আৰু আমি যাম এইফালে” এই বুলি হাবিখনৰ পালে আঙুলিয়াই দেখোৱালে। তাৰপিছত আকৌ সি খুক খুকাই হাঁহিবলৈ ধৰিলে। ভৰতে মোৰ হাতৰ পৰা চাইকেলখন লৈ হাবিখনৰ ফালৰ হোলাটোত নমাই দিলে। তাৰ হাতখন বৰ চেঁচা, পানী লাগি আছে ছাগে।
        “ঐ কমল, তই ইয়াত ইমান সোনকালে কেনেকৈ পালিহি, মই দেখোন তোক বাটে ওলাই যোৱাহে দেখিছিলো” মই শৰতক সুধিলো।
        “সি দেখোন অথনিৰে পৰা মোৰ লগতে আছে, তই কমলক বাটত কেনেকৈ লগ পাবি?” ভৰতে মোক কলে।
        “বাঃ তইটো কম নহৱ দেই, বাটত অচ্যুতক অকলে লগ পাই ভয়খোৱাই বেহুচ কৰি দিলি আৰু আকৌ আহি ইয়াত ৰৈ আছহি কাৰোবাক নিও বুলি”।
        মই কলো, সিহঁতে মোৰ ফালে ভেবা লাগি চাই থাকিল। “অচ্যুত যদি বাটত বেহুচ হৈ পৰিয়ে আছে, তেনেহলে তইনো কোন?” কমলে মোৰ ফালে আচৰিত হৈ সুধিলে।
        “হাঃ হাঃ !! তহতিও ঠগ খাই গলি নহয়”। মই হাঁহিলো, তাৰপিছত আকৌ কলো, “মই তাৰ ৰপটো লৈ কাৰোবাক ভয় খোৱাও বুলি এইখিনিতে অলপ সময় ৰওহি বুলি আহিছিলোহে, তঁহতি পালি নহয় আকৌ লগ ধৰি নিবলৈ এতিয়াই ঘৰলৈ। ঠিক আছে বাৰু যাও বল ঘৰলৈকে, ৰাতিপুৱাৰ আগতে আকৌ এপাক আহিব লাগিব”। এইবুলি মই চাইকেলখন আঁহতৰ তলতে পেলাই পথাৰ দৰাত নামিলো। সিঁহতে মোৰ ফালে ভেবা লাগি চাই থাকিল। “তঁহতি কি মানুহ দেখাদি চাই আছ, যাৱ যদি বল সোনকালে”।
        এইবাৰ সিঁহতে বৰ ভয় খালে আৰু ৰৈ থকাৰ ধৈয্য সিঁহতৰ নহল। দুয়োটাই ভূত ভূত বুলি চিঁঞৰি ৰাষ্টাই দৌৰিবলৈ ধৰিলে। সিঁহতৰ কাণ্ড দেখি মোৰ খুৱ হাঁহি উঠিল। এইটো ভয় লৈয়ে আনক ভয় খোৱাবলৈ আহে। এই অচ্যুতক ভয় খুওৱাটো যে ইমান সহজ নহয় এই কথা আজি সিঁহতে হাতে হাতে প্ৰমান পালে। ইঁহত দুটাই মোক আজি ভয় খুওৱা প্লেনটোৰ কথা দিনতে দেৱয়ে কৈ থৈছিল কাৰনেহে মইয়ো ভালকে এশেকা দিব পাৰিলো।
        মই আঁহতৰ তলৰ পৰা চাইকেল খন উঠাই ঘৰলৈ যাবলৈ ওলালো। যাওতে তাঁহাত দুটাৰ ঘৰত সুমাই খবৰ এটাও লৈ যাব লাগিব, কি ঠিক তাহাতৰ চাগে এতিয়া ভয়ত জ্বৰ উঠা আৰম্ভ হৈ যাব পায়। এনেতে মই কাৰোবাৰ মাত শুনি চাইকেলখনত উঠিও ৰৈ দিলো। এইয়া দেখোন জুমনৰ মাত। কিন্তু তাক মই তিনিআলিৰ আড্ডাস্থলীতে এৰি থৈ আহিছো। তেনেহলে সি ইয়াত কেনেকৈ হব ? মাতটো হাবিডৰাৰ ফালৰ পৰায়ে আহিছে। মোৰ মনত পৰিল, আজি অমাৱস্যা নিশা, বতৰটোও গোমা, এনেকুৱা বতৰতে ভূতে এই আঁহতৰ তলৰ পৰা মানুহ ধৰি নিয়ে। কথাবোৰ ভাবি বুকুখন ঢককৈ উঠিল, তাৰপিছত জোৰেৰে চাইকেল চলাই দিলো ঘৰৰ ফালে।
.......সমাপ্ত......